ETV Bharat / state

বিদ্যুৎ মিটাৰ যোগানৰ দাবীত কলগাছিয়াত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Jul 31, 2021, 10:25 PM IST

কলগাছিয়াৰ মজিদভিটা আৰু বালিকুৰি এন চি গাঁৱত বিদ্যুৎ যোগানৰ নামত ভেকো ভাওনা শক্তি বিভাগৰ । বিভাগটোৰ অধীনত ঠিকাদাৰে দুবছৰ পূৰ্বেই কেইটামান বিদ্যুতৰ খুঁটা পুতি তাঁৰ সংযোগ কৰি কাম আৰম্ভ কৰিছিল । কিন্তু সেই কাম আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল । সংশ্লিষ্ট ঠিকাদাৰৰ হেমাহিৰ বাবে বিদ্যুতৰ সুবিধা লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি প্ৰতিবাদত নামিল গাঁওবাসী ।

Public hold Protest in demand of provide Electric Meter
বিদ্যুৎ মিটাৰ যোগানৰ দাবীত কলগাছিয়াৰ মজিদভিটাত ৰাইজৰ প্ৰতিবাদ

জনীয়া, ৩১ জুলাই: এফালে চৰকাৰৰ ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি আৰু আনফালে গ্ৰামাঞ্চলত বিদ্যুৎ যোগানৰ নামত চূড়ান্ত হেমাহি শক্তি বিভাগৰ । বিভাগটোৱে ঠিকাদাৰক কামৰ দায়িত্ব দিয়ে ঠিকেই, কিন্তু ঠিকাদাৰে কেনেদৰে কাম কৰিছে সেয়া পৰ্যবেক্ষণ কৰিবলৈহে আহৰি নোলায় । শনিবাৰে কলগাছিয়াৰ মজিদভিটাত নিয়মীয়াকৈ বিদ্যুৎ যোগানৰ দাবী প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে । শীঘ্ৰে প্ৰতিটো পৰিয়ালক বিদ্যুৎ মিটাৰ যোগান ধৰিবলৈও দাবী জনালে প্ৰতিবাদী ৰাইজে ।

দৰাচলতে, শক্তি বিভাগৰ অধীনত ঠিকাদাৰে সৰভোগ বিদ্যুৎ উপ-সংমণ্ডৰ অন্তৰ্গত মজিদভিটা আৰু বালিকুৰি এন চি গাঁৱত দুবছৰ পূৰ্বেই কেইটামান বিদ্যুতৰ খুঁটা পুতি তাঁৰ সংযোগ কৰি কাম আৰম্ভ কৰিছিল । কিন্তু, সেই কাম আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল । ঠিকাদাৰে কেৱল তিনিটা পৰিয়ালক বিদ্যুৎ মিটাৰ যোগান ধৰি দায়িত্ব সামৰিলে । ফলত নিশা হ'লে চাকি, লেম্পেই ভৰসা হয় গাঁওবাসীৰ । ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলো পঢ়া-শুনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷

বিদ্যুৎ মিটাৰ যোগানৰ দাবীত কলগাছিয়াৰ মজিদভিটাত ৰাইজৰ প্ৰতিবাদ

ইফালে, প্ৰচণ্ড গৰমত বিদ্যুৎ নথকাৰ বাবে ৰাইজে হাৰাশাস্তি ভূগিবলগীয়া হৈছে । সেয়ে, বিদ্যুৎ সংযোগ কৰাৰ লগতে ঘৰে ঘৰে মিটাৰ যোগান ধৰিবলৈ ৰাইজে দাবী জনাইছে । শনিবাৰে শক্তিমন্ত্ৰী মুৰ্দাবাদ, শীঘ্ৰে বিদ্যুৎ মিটাৰ যোগান ধৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৰাইজে ।

আনহাতে, চৰকাৰে বিদ্যুৎ যোগানৰ ব্যৱস্থা বিনামূলীয়া কৰিছে যদিও ঠিকাদাৰ হেমেন ডেকাই বিদ্যুৎ মিটাৰ যোগান ধৰাৰ বাবদ ধন বিচাৰিছে বুলিও ৰাইজে অভিযোগ তুলিছে । এতিয়াও গাঁওখনৰ শতাধিক পৰিয়ালে বিদ্যুৎ মিটাৰ লাভ কৰা নাই । শক্তি বিভাগৰ অৱহেলাৰ বাবেই গ্ৰামাঞ্চলৰ ৰাইজে হাৰাশাস্তি ভূগিবলগীয়া হৈছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক:অসম-মিজোৰাম সীমান্তলৈ ৰাওনা বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.