ETV Bharat / state

হিন্দুৰ বাবে শ্মশান আৰু মন্দিৰৰ দাবী কৰিলে মুছলমান সম্প্ৰদায়ৰ লোকে

author img

By

Published : Sep 17, 2022, 1:23 PM IST

দেশৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক অস্থিৰতা আৰু উত্তেজনাই বিৰাজ কৰাৰ সময়তে সম্প্ৰীতিৰ এক অতুলনীয় নিদৰ্শন দেখিবলৈ পোৱা গৈছে দুখন গাঁৱত ৷ এখন ৰাজহুৱা শ্মশান আৰু মন্দিৰ স্থাপন কৰাৰ বাবে দাবী জনায় মুছলমান সম্প্ৰদায়ৰ লোকে (cemeteries and temples for Hindus)৷

হিন্দু লোকৰ বাবে শ্মশান আৰু মন্দিৰৰ দাবী কৰিলে মুছলমান লোকে
Muslims demanded cemeteries and temples for Hindus

জনীয়া, 17 ছেপ্টেম্বৰ: আমি সততে শুনি অহা জাতি, ধৰ্ম, সম্প্ৰদায়ৰ বিভেদৰ বাতৰিয়ে শিৰোনামা দখল কৰি অহাৰ সময়তে বৰপেটা জিলাৰ এখন গাঁৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে (Example of Hindu Muslim harmony) ৷ দেশৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক অস্থিৰতা আৰু উত্তেজনাই বিৰাজ কৰাৰ সময়তে সম্প্ৰীতিৰ এক অতুলনীয় নিদৰ্শন দেখিবলৈ পোৱা গৈছে গাঁও দুখনত ৷

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও দুখন ৷ এই গাঁও দুখনত হিন্দু আৰু মুছলমান দুই সম্প্ৰদায়ৰ লোকে বাস কৰে ৷ হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন থকা এই গাঁও দুখন হৈছে ক্ষুদ্ৰকুছি আৰু বগুলামাৰী (Muslims demanded cemeteries and temples) ৷

হিন্দু লোকৰ বাবে শ্মশান আৰু মন্দিৰৰ দাবী কৰিলে মুছলমান লোকে

শেহতীয়াকৈ ক্ষুদ্ৰকুছি গাঁওৰ অনিল চন্দ্ৰ আৰ্য্য নামৰ এজন ব্যক্তিৰ মৃত্যু হোৱাৰ পিছত নিজ ঘৰৰ চোতালতে পৰিয়াল তথা গাঁওখনৰ ৰাইজে তেওঁৰ মৃতদেহৰ সৎকাৰ কৰে ৷

যাৰবাবে এতিয়া গাঁওখনৰ দুয়ো সম্প্ৰদায়ৰ লোক একত্ৰিত হৈ এখন ৰাজহুৱা শ্মশান আৰু মন্দিৰ স্থাপন কৰাৰ বাবে দাবী জনায় (cemeteries and temples for Hindus) ৷

লগতে পঢ়ক: দুৰ্গাপূজাৰ বাবে বিশেষ নিৰ্দেশনা আৰক্ষী-প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.