দুৰ্গাপূজাৰ বাবে বিশেষ নিৰ্দেশনা আৰক্ষী-প্ৰশাসনৰ

author img

By

Published : Sep 16, 2022, 10:29 PM IST

দুৰ্গাপূজাৰ বাবে বিশেষ নিৰ্দেশনা আৰক্ষী-প্ৰশাসনৰ

পূজাৰ সময়ত সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকা জৰিমনা ভৰাৰ লগতে লাইচেন্স বাতিল কৰা হ’ব । পূজা কমিটিৰ বিষয়ববীয়াই ৰাখিব লাগিব পৰিচয় পত্ৰ, মহিলাৰ বাবে থাকিব লাগিব পৃথক শাৰী, প্ৰৱেশ আৰু প্ৰস্থানৰ পথ বেলেগ বেলেগ হ'ব লাগিব, কমিটিৰ লোকে গাড়ী পূজা মণ্ডপৰ সমীপত ৰাখিব নোৱাৰিব ।

গুৱাহাটী,১৬ ছেপ্টেম্বৰ: ক'ভিডৰ দুবছৰীয়া পৰিস্থিতিৰ পাছত উলহ-মালহেৰে শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যবাসী । আগন্তুক দুৰ্গাপূজা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে গুৱাহাটী মহানগৰীৰ পূজা কমিটি সমূহৰ সৈতে আজি প্ৰশাসনে এখন বৈঠক অনুষ্ঠিত কৰে (District administration meeting with Puja committee) ।

বৈঠকত আৰক্ষী, যান-বাহন আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, জিলা পৰিবহণ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে অংশ গ্ৰহণ কৰে । বৈঠকত দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰে । সেই অনুসৰি কাজিয়া ৰোধ কৰিবলৈ দোকানত নিচাযুক্ত সামগ্ৰী বিক্ৰী নকৰিবলৈ আহ্বান জনোৱাৰ লগতে নিচাযুক্ত বস্তু বিক্ৰী হোৱাৰ খবৰ পালেই আৰক্ষীয়ে ব্যৱস্থা ল'ব বুলি প্ৰকাশ কৰে ।

দুৰ্গাপূজাৰ বাবে বিশেষ নিৰ্দেশনা আৰক্ষী-প্ৰশাসনৰ

ইয়াৰ লগতে পূজা কমিটিৰ বিষয়ববীয়াই ৰাখিব লাগিব পৰিচয় পত্ৰ, মহিলাৰ বাবে থাকিব লাগিব পৃথক শাৰী, প্ৰৱেশ আৰু প্ৰস্থানৰ পথ বেলেগ বেলেগ হ'ব লাগিব, কমিটিৰ লোকে গাড়ী পূজা মণ্ডপৰ সমীপত ৰাখিব নোৱাৰিব (Guideline for Puja Pandal) । আনহাতে গুৱাহাটীৰ ৰাজপথত চলি থকা কামৰ বাবে ট্ৰেফিক জাম বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰি পূজা সমিতিক সজাগ হৈ পূজা অনুষ্ঠান পৰিচালনা কৰিবলৈ আহ্বান জনোৱা হৈছে । সেইদৰে দোকানসমূহ পূজাস্থলীৰ ভিতৰত নিদিবলৈ আহ্বান জনোৱাৰ লগতে দোকান দিয়াৰ ক্ষেত্ৰত নীতি-নিয়ম মানি চলিব লাগিব । পূজা মণ্ডপসমূহত অগ্নি নিৰ্বাপনৰ গাড়ী যাব পৰাকৈ পথ মুকলি কৰি ৰাখিব লাগিব ।

ইয়াৰ লগতে ৰাস্তাত পেণ্ডেল পাতি পূজা অনুষ্ঠিত নকৰিবলৈ আহ্বান জনোৱাৰ লগতে ভুল দিশত গাড়ী নচলোৱা, হেলমেট পিন্ধিহে পূজা চাবলৈ অহাৰ বাবে সকলোকে আহ্বান জনায়। আনহাতে পূজা কমিটিয়ে ক'ভিডৰ ক্ষেত্রত অনুমতি ল'ব লাগিব, আবেদন কৰিব পাৰিব থানাসমূহত, পৰ্যাপ্ত স্বেচ্ছাসেৱক থাকিব লাগিব, চিচি টিভি ৰাখিব লাগিব, পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা থাকিব লাগিব, বিদ্যুৎ বিভাগৰ পৰা অনুমতি ল'ব লাগিব, পূজাস্থলীত ফাৰ্ষ্ট এইড কাউণ্টাৰ ৰাখিব লাগিব, পূজা মণ্ডপৰ দায়িত্ববাহী লোকৰ নাম বেনাৰত লিখা থাকিব লাগিব, সাংস্কৃতিক অনুষ্ঠানৰ বাবে সময় বান্ধি দিয়া হ'ব, জাবৰ নিষ্কাশনৰ বাবে পৌৰ নিগমৰ পৰা দুবাৰ গাড়ী যাব, অগ্নি নিৰ্বাপন আৰু আপাতকালীন বিভাগৰ বিষয়া থাকিব মণ্ডপত ।

মূৰ্তি বিসৰ্জনৰ ক্ষেত্ৰতো নিয়ম মানি চলাৰ বাবে আহ্বান জনোৱা হৈছে । ছাউণ্ড ছিষ্টেমৰ বাবে চক্ৰ বিষয়াসকলে থানাত মিটিং আহ্বান কৰি আলোচনাৰ অন্তত নিয়ম বান্ধি দিব । আভ্যন্তৰীণ জল পৰিবহনৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি মূৰ্তি বিসৰ্জনৰ বাবে কিছু অসুবিধা হ'ব পাৰে ।

পাণ্ডুৰ অতিৰিক্ত বোজা লাচিত ঘাটে ল'বলৈ সমৰ্থ হৈ থকা নাই । পাণ্ডুঘাটত মূৰ্তি বিসৰ্জন নকৰিবলৈ ৰে'লৱেৰ পৰা আহ্বান জনোৱা হৈছে । এক কথাত এইবাৰ দুৰ্গাপূজাক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ । পূজা আৰম্ভ হোৱাৰ পৰা প্ৰতিমা বিসৰ্জন দিয়া লৈকে বান্ধি দিছে কেতবোৰ নীতি নিয়ম । নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে আৰক্ষী-প্ৰশাসনে । পূজাৰ সময়ত সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকা জৰিমনা ভৰাৰ লগতে লাইচেন্স বাতিল কৰা হ’ব ।

মটৰ চাইকেলৰ দুয়োজন আৰোহীয়েই পিন্ধিব লাগিব হেলমেট । চালক সকলক গাড়ী সমূহ য’তে ত’তে পাৰ্কিং নকৰিবলৈ আহ্বান জনাইছে । আৰক্ষীয়ে দিয়া পাৰ্কিঙতহে বাহন ৰাখিব লাগিব । আনহাতে পূজা পাতিবৰ বাবে লোক নিৰ্মাণ বিভাগৰ পৰা এন অ' চি লোৱাৰ লগতে এ পি ডি চি এলৰ পৰাও অনুমতি ল’ব লাগিব । ইফালে এইবাৰ বেতকুছি, বশিষ্ঠ, কাছাৰী, চূণচালিত মূৰ্তি বিসৰ্জন হ’ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে ।

জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে পুনৰ ৰাজপথত ব্ৰেথ এনালাইজাৰ লৈ সাজু হৈছে আৰক্ষী (DTO Gautam Das) । তীব্ৰ অভিযান চলিব ৰাজপথত । সমান্তৰালভাৱে চলিব পৰিবহণ বিভাগৰ সজাগতামূলক অভিযান (Transport department drive)। সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকাৰ জৰিমনা আৰু ৩ মাহৰ বাবে বাতিল কৰা হ'ব অনুজ্ঞাপত্ৰ ।

লগতে পঢ়ক: বিদ্য়ুৎ মাচুল চৰকাৰে বঢ়োৱা নাই: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.