ETV Bharat / state

Lok Sabha election 2024 : ভূপেন বৰাই নিজেই নিজৰ আৰু দলৰ চৰিত্ৰ উন্মোচন কৰি থাকে: পবিত্ৰ মাৰ্ঘেৰিটা

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 7:14 PM IST

14 খন আসনৰ 11 খন বিজেপি তথা এনডিএৰ ৷ বাকী 3 খনত কংগ্ৰেছ, এআইইউডিএক আৰু বিজেপিৰ প্ৰতিদ্বন্দিতা হ’ব বুলি মন্তব্য সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ শোচনীয় পৰাজয়ৰ পাছত ভূপেন বৰাৰ বিদায় হ’ব সেই বিষয়ক লৈ তেওঁৰ অলপ বেয়া লাগিছে বুলিও কয় সাংসদগৰাকীয়ে ৷

MP Pabitra Margherita Slams APCC President
কংগ্ৰেছক কটাক্ষ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ

ভূপেন বৰাক কটাক্ষ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ

বৰপেটা, ১৩ অক্টোবৰ : "কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা দেখি মানুহে হাঁহিছে ৷ কিনো হয় চাবৰ বাবে তেওঁলোকে এই তালিকাখন এৰি দিছে ৷ ৰাজনৈতিকভাৱে সচেতন মানুহে জানে সেইখন কাগজৰ কোনো অৰ্থ নাই ৷ তেওঁলোকে দিয়াৰ লগে লগে তেওঁলোকৰ সংগী দলকেইটাইও দি দিছে ৷" এই মন্তব্য ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ শুকুৰবাৰে বৰপেটাত উপস্থিত হৈ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত দলটোক এইদৰে কটাক্ষ কৰে সাংসদজনে ৷

কংগ্ৰেছ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি সাংসদগৰাকীয়ে কয় যে, তেওঁলোকৰ যিহেতু কাম নাই, সেয়েহে সংবাদ মাধ্যমৰ গুৰুত্ব বিচাৰি এনেকুৱা কাম কৰিছে ৷ যিহেতু ইয়াৰ পূৰ্বে ভূপেন বৰাই কবিতা লিখি সংবাদ মাধ্যমৰ গুৰুত্ব পাইছে সেয়েহে এতিয়াও সংবাদ মাধ্যমৰ গুৰুত্ব লাভৰ কাৰণে তেওঁলোকে এই তালিকা প্ৰকাশ কৰিছে ৷

তেওঁ পুনৰ কয় যে, এই তালিকাৰ কোনো অৰ্থ নাই ৷ তালিকাত গৌৰৱ গগৈ আৰু দুজন-এজনৰ বাহিৰে কাকো কোনেও চিনি নাপায় ৷ গতিকে তেওঁলোকৰ গ্ৰহণযোগ্যতা কিমান আছে সকলোৱেই জানে ৷ ৰাজ্যৰ 14 খন আসনৰ 11 খন বিজেপি তথা এনডিএৰ নিশ্চিত ৷ বাকী 3 খনত কংগ্ৰেছ, এআইইউডিএক আৰু বিজেপিৰ প্ৰতিদ্বন্দিতা হ’ব ৷ সাংসদগৰাকীয়ে কয় যে, 14 খন আসনৰ 3 খনতহে প্ৰতিদ্বন্দিতা হ’ব, বাকী 11 খন আসনত বিজেপি মিত্ৰজোঁট বিজয়ী হ’ব ৷

পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, এই যে কংগ্ৰেছৰ শোচনীয় পৰাজয় হ’ব, শূণ্য বা এক পাব; তাৰ ফলত যে ভূপেন বৰাৰ বিদায় হ’ব সেই বিষয়ক লৈ তেওঁৰ অলপ বেয়া লাগিছে ৷ ইয়াৰ কাৰণ ভূপেন বৰা তেওঁলোকৰ ব্ৰেন্ড এম্বেচাদৰ সদৃশ ৷ ভূপেন বৰাই যিবিলাক কাম আৰু কথা কয় তাৰ বাবে বিজেপিয়ে বহু ক্ষেত্ৰত প্ৰচাৰৰ সহায় নল’লেও চলি যায় বুলি মন্তব্য কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ ভূপেন বৰাই নিজেই নিজৰ চৰিত্ৰ, দলৰ চৰিত্ৰ উন্মোচন কৰি থাকে বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কয় য়ে, ৰিপুন বৰাৰ দৰেই দশা হ’ব ভূপেন বৰাৰ ৷ হয়তো তেওঁক অপসাৰণ কৰা হ’ব, হয়তো তেওঁ পদত্যাগ কৰিব অথবা তেওঁ আন দললৈ যাব বুলি উল্লেখ কৰে মাৰ্ঘেৰিটাই ৷

ইয়াৰ পাছত ভূপেন বৰাৰ বাবে বিজেপিত কোনো স্থান নাই বুলি উল্লেখ কৰি সাংসদজনে কয় যে, ভূপেন বৰা যে গুছি যাব তাত তেওঁৰ খুউব দুখ লাগিছে ৷ পবিত্ৰ মাৰ্ঘেৰিটাই কয়, "ঐতিহ্যমণ্ডিত সত্ৰ নগৰী বৰপেটাত কৈছো, শূণ্য বা এক আসনৰ সংখ্যা যেতিয়া তেওঁলোকৰ হ’ব, ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা আঁতৰাই দিয়া হ’ব তেতিয়া তেওঁৰ যিমান দুখ লাগিব মোৰ দৰে বহু বিজেপিৰো দুখ লাগিব ৷ মোৰ এইকাৰণেই দুখ লাগিব যে, মই বিচাৰো তেওঁ 26, 28 30লৈকে থাকক ৷ কিন্তু 24 ৰ মে’ মাহত ভূপেন বৰাৰ বিদায় আসন্ন ৷

যি কনকলতাৰ বাবে উৎসৰ্গিত মাটিচপৰাক লৈ তাচ্ছিল্য কৰে, বীৰ শ্বহীদ জিন্টু গগৈৰ পৰা আৰম্ভ কৰি ভাৰতৰ শ্বহীদ সকলৰ বাবে নিৰ্মিত যিখন উদ্যান তালৈ সকলোৱে শ্ৰদ্ধাপূৰ্বক অলপ মাটি আগবঢ়াইছে, তাক লৈ যি মানুহে কটাক্ষ কৰে, তাচ্ছিল্য কৰে তেনে মানুহ যেতিয়া কংগ্ৰেছৰ মুৰব্বী হৈ থাকে তাতকৈ বিজেপি আৰু মিত্ৰ দলৰ বাবে ভাল কথা একো থাকিব নোৱাৰে বুলি ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰে সাংসদগৰাকীয়ে ৷ লগতে তেওঁ কয় যে, বেয়া লাগিছে, 2024 ৰ মে’ মাহৰ পাছত ভূপেন বৰাৰ কথা আৰু কোনেও শুনা নাপাব ৷

ইফালে যোৰহাট আৰু ডিব্ৰুগড় সংসদীয় সমষ্টিত অখিল গগৈয়ে আৰু লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দিতা কৰিব বিচৰাৰ কথা উল্লেখ কৰি কংগ্ৰেছেই তেওঁলোকক ভোট নিদিয়ে বুলি মন্তব্য কৰে সাসংদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ কিছুমান লোকে ডকা-হকা দি চান্দা তোলাৰ কথা অসমীয়া লোকে পাহৰি যোৱা নাই বুলি মন্তব্য কৰে তেওঁ ৷ I.N.D.I.A মিত্ৰজোঁটৰ পৰা তেওঁলোক যদি উঠে তেন্তে কংগ্ৰেছৰ এটা ভোটো তেওঁলোকে নাপায়, বাকী ৰাইজৰ কথা বাদেই দিয়ক বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক : Demand for land patta in Guwahati : গুৱাহাটীৰ পাহাৰত বসবাস কৰা ৮৫ হাজাৰৰো অধিক পৰিয়ালৰ কি হ'ব ভৱিষ্যৎ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.