ETV Bharat / state

Mughal history controversy: ৰূপজ্যোতি কৰ্মীক পাগল আখ্যা বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

author img

By

Published : Apr 13, 2023, 8:58 AM IST

পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাস আঁতৰ কৰাক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ মাজতেই বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তাজমহল আৰু কুতুবমিনাৰ ভাঙি মন্দিৰ নিৰ্মাণ কৰাৰ দাবী জনোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । কু্ৰ্মীৰ মন্তব্যৰ বিৰুদ্ধে সৰৱ সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ (MLA Manoranjan Talukdar)।

MLA Manoranjan Talukdar react on Mughal history
পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাস আঁতৰত প্ৰতিক্ৰিয়া

পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাস আঁতৰত প্ৰতিক্ৰিয়া

বৰপেটাৰোড, ১৩ এপ্ৰিল: ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ এন চি ই আৰ টিয়ে (NCERT) পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাস আঁতৰ কৰাৰ পিচতেই সৰ্বত্রে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত বহুবল্কী বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তাজমহল আৰু কুতুবমিনাৰ ভাঙি তাৰ ঠাইত ডাঙৰ মন্দিৰ নিৰ্মাণ কৰিব লাগে বুলি এক বিতৰ্কিত মন্তব্য আগবঢ়োত উভতি ধৰিছে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে (MLA kurmi commented on Mughal history) ।

বিশ্বৰ সপ্তম আশ্চৰ্য তাজমহল ভাঙি মন্দিৰ স্থাপন কৰিলে এবছৰৰ দৰমহা আগবঢ়াব বুলি মন্তব্য় কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীক পাগল আখ্যা দিছে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে (MLA Manoranjan Talukdar react on Mughal history )। বুধবাৰে সংবাদ মাধ্যমৰ সন্মুখত চি পি আই এমৰ জ্যেষ্ঠ নেতা তথা সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীক পাগল বুলি মন্তব্য় কৰি বাংলা গীতৰ এটি কলি আওৰাই কয়," বাবা তোমাৰ দৰবাৰে অনেক পাগলৰ খেলা,কেউবা আধা পাগল কেউবা অৰ্ধ পাগল কেউবা পুৰা পাগল কেউবা চেৰা বলীয়া ৷ "তাৰ ভিতৰত বিধায়ক ৰূপজ্যোতি এটা পাগল বুলি তেওঁ কয় (Controversial statement of Rupjyoti Kurmi) ৷

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দৰে মানুহে যেতিয়া ইতিহাসৰ কথা কয় তেতিয়া একমাত্ৰ হাঁহাৰ বাহিৰে অন্য উপায় নাথাকে বুলিও কয় বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কথাত চি পি আই এম দলে কোনো গুৰুত্ব নিদিয়ে বুলি উল্লেখ কৰি বিধায়ক তালুকদাৰে পুনৰ কয় যে বিজেপিৰ এটা এজেণ্ডা আছে ৷

ইতিহাস বিকৃত কৰা আৰু হিন্দুত্ববাদৰ এজেণ্ডা বিজেপিৰ এটি পূৰ্ব পৰিকল্পিত এজেণ্ডা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে ভাৰতবৰ্ষৰ ইতিহাসত মোগল এটা অধ্যায় আৰু ইতিহাসৰ এটা অংশ ৷ মোগল আহিছিল, ভাৰতবৰ্ষ শাসন কৰিছিল ৷ বৃটিছ আহিছিল, বৃটিছেও ভাৰতবৰ্ষ শাসন কৰিছিল ৷ বৃটিছৰো বহুত নেতিবাচক দিশ আছে ৷ তাৰবাবে বৃটিছৰ শাসন একেবাৰে নস্যাৎ কৰিব বা মোগলৰ শাসন একেবাৰে নস্যাৎ কৰিব সেয়া হ'ব নোৱাৰে ৷ ঔৰংগজেৱৰ কুকৰ্ম সমালোচনা কৰা মানেই এইটোকে নুবুজায় যে তাৰ সমগ্ৰ অস্তিত্বকে বিলোপ কৰি দিব লাগে ৷ তাজমহল ভাঙি মন্দিৰ বনাব কুতুবমিনাৰ ভাঙি দিব এইধৰণৰ কথা অৰ্ধ পাগলেই ক'ব পাৰে বুলিও কয় বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

লগতে পঢ়ক:Rupjyoti kurmi controversial statement: তাজমহল ভাঙি মন্দিৰ বনাবলৈ এবছৰৰ দৰমহা দিব বিধায়ক ৰূপজ্যোতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.