ETV Bharat / state

সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা নাই বৰ্তমান: ফণীভূষণ চৌধুৰী

author img

By

Published : Dec 7, 2020, 7:26 PM IST

minister phanibhushan choudhury at baghbar
minister phanibhushan choudhury at baghbar

বাঘবৰত ভেলেঙী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে আঁচনি শুভাৰম্ভ কৰিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংবাদিক গৰাকীয়ে কয় যে, ৰাজ্যত এতিয়া মূল্যবৃদ্ধি হোৱা নাই ৷ পাটাচাৰকুছি সমষ্টি অগপৰ হাততেই থাকিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

বৰপেটা, ৭ ডিচেম্বৰ : বৰপেটা জিলাৰ বাঘবৰৰ বৰদলনি গাঁৱত সোমবাৰে উপস্থিত হয় ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী ৷ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ উপস্থিতিত ভেলেঙী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰা এখন আঁচনিৰ কাম শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে ৷ নাবাৰ্ডৰ অৰ্থ সাহাৰ্যৰে জলসম্পদ বিভাগে গ্ৰহণ কৰা ৩ কোটি টকা ব্যয় সাপেক্ষ খহনীয়া প্ৰতিৰোধী আঁচনিখনৰ কামৰ শুভাৰম্ভ কৰি ফনীভূষণ চৌধুৰীয়ে পূৰ্বৰ চৰকাৰসমুহে খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম সমুহ বানপানীৰ সময়তহে আৰম্ভ কৰিছিল বুলি মন্তব্য কৰে ৷

সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা নাই বৰ্তমান : ফণীভূষণ চৌধুৰী

কিন্তু বৰ্তমানৰ চৰকাৰে বান অহাৰ পূৰ্বেই খহনীয়া প্ৰতিৰোধী আঁচনিসমুহৰ কাম আৰম্ভ কৰা বুলি মন্তব্য কৰে ৷ ইপিনে ২১ৰ নিৰ্বাচনত অগপৰ একাংশ সমষ্টিত বিজেপিয়ে চকু দিয়া কথাক লৈ মুখ খুলিব নিবিচাৰে অগপ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷ সাংবাদিকৰ আগত সদায়েই পলায়নবাদী ভূমিকা গ্ৰহণ কৰি অহা ফণীভূষণ চৌধুৰীৰ মন্তব্য, তেওঁ উন্নয়ণমূলক আঁচনিৰ কামত আহিছে গতিকে সেই সম্পৰ্কেহে কথা পাতিব ৷ অৱশ্যে সাংবাদিকৰ উপৰ্যুপৰি প্ৰশ্নত ফণীভূষণ চৌধুৰীয়ে পাটাছাৰকুছি সমষ্টি অগপই লাভ কৰিবই বুলি নিশ্চিত থাকিবলৈ সাংবাদিকক জানিবলৈ দিয়ে ৷

minister phanibhushan choudhury at baghbar
ভেলেঙী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে আঁচনি শুভাৰম্ভ কৰিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

ইপিনে ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পোৱা মূল্যবৃদ্ধি সম্পৰ্কতো মন্তব্য দিবলৈ অস্বীকাৰ ফণীভূষণ চৌধুৰীৰ ৷ মূল্যবৃদ্ধি প্ৰসংগত সাংবাদিকৰ প্ৰশ্নত ফণীভূষণ চৌধুৰীয়ে ক’লে, ৰাজ্যত হেনো হ্ৰাস পাই আছে সামগ্ৰীৰ মূল্য ৷

লগতে পঢ়ক : এফালে বোকাখাতত অগপৰ ৰণশিঙা আনফালে খুমটাইত এজেপিত অগপ নেতাৰ যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.