ETV Bharat / state

Antyodaya Anna Yojana : জীৱিত হিতাধিকাৰীক মৃত দেখুৱাই বঞ্চিত কৰা হ’ল অন্ত্যোদয়া অন্ন যোজনাৰ পৰা

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 4:19 PM IST

জীৱিত মহিলাক মৃত সজাই বঞ্চিত কৰা হৈছে অন্ত্যোদয়া অন্ন যোজনাৰ পৰা ৷ ঘটনাটো সংঘটিত হৈছে বৰপেটা জিলাৰ দক্ষিণ ৰূপসী সমবায় সমিতিৰ অন্তৰ্গত কলগাছিয়া গাঁৱত ৷

Antyodaya Anna Yojana
জীৱিত হিতাধিকাৰীক সজালে মৃত

জীৱিত হিতাধিকাৰীক সজালে মৃত

জনিয়া, 1 অক্টোবৰ: জীৱিত হিতাধিকাৰীক মৃত দেখুৱাই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অন্ত্যোদয়া অন্ন যোজনা কাৰ্ড কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে বিগত এবছৰ ধৰি সুলভ মূল্যৰ চাউলৰ পৰা বঞ্চিত হৈ আহিছে এগৰাকী বিধবা হিতাধিকাৰী । এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ দক্ষিণ ৰূপসী সমবায় সমিতিৰ অন্তৰ্গত কলগাছিয়া গাঁৱত ৷

জীৱিত অৱস্থাতে মৃত সজোৱা মহিলাগৰাকী হৈছে বৰপেটা জিলাৰ কলগাছিয়াৰ স্বৰ্গীয় আজিম উদ্দিনৰ পত্নী সূৰ্য ভানু ৷ মহিলাগৰাকীৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ অন্ত্যোদয়া অন্ন যোজনা কাৰ্ডৰ ন্মবৰ হৈছে ১৮১০০০৮২২২০৩ ৷ উল্লেখ্য যে, মহিলাগৰাকীয়ে ২০২২ চনৰ চেপ্তেম্বৰ মাহলৈকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত AAY কাৰ্ডৰ হিতাধিকাৰী হিচাবে কলগাছিয়াৰ দক্ষিণ ৰূপসী সমবায় সমিতিৰ অন্তৰ্গত ১৩০৩০০৩০১৫১৫ আই ডি নম্বৰৰ ছানোৱাৰ হুছেইনৰ সূলভ মূল্যৰ দোকানৰ হিতাধিকাৰী হিচাবে ৩৫ কেজিকৈ চাউল লাভ কৰিছিল । কিন্তু ২০২২ চনৰ অক্টোবৰ মাহৰ পৰাই মহিলাগৰাকীয়ে AAY কাৰ্ডখন কৰ্তন হোৱাৰ বাবেই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে আৱন্টন দিয়া সুলভ মূল্যৰ চাউল লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে ।

এই ক্ষেত্ৰত মহিলাগৰাকীৰ পুত্ৰ জামাল উদ্দিনে সুলভ মূল্যৰ দোকানী ছানোৱাৰ হুছেইনক সোধ-পোছ কৰাত সূৰ্য ভানুৰ মৃত্যু হোৱাৰ বাবেই AAY কাৰ্ডখন কৰ্তন কৰা হৈছে বুলি অৱগত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হাছে ৷ এইক্ষেত্ৰত সূৰ্য ভানুৰ পুত্ৰ জামাল উদ্দিনে দক্ষিণ ৰূপসী সমবায় সমিতিৰ লগতে বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ কৰে জামাল উদ্দিনে ।

এতিয়া প্ৰশ্ন হয়, কাৰ ভুলৰ বাবে বিধৱা মহিলাগৰাকী ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত থকা AAY কাৰ্ডৰ পৰা বঞ্চিত হ’ল ? কাৰ ভুলৰ বাবে বিগত এটা বছৰে চৰকাৰে দৰিদ্ৰ জনতাৰ বাবে যোগান ধৰা চাউলৰ পৰা বঞ্চিত হৈ আছে ? এই ক্ষেত্ৰত বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষ, বৰপেটা জিলা আয়ুক্ত তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে ভুক্তভোগীয়ে ।

লগতে পঢ়ক: AMCH: অসম চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেচিয়েলিটি ভৱনৰ খহি পৰিল চিলিং, আঘাতপ্ৰাপ্ত নাৰ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.