ETV Bharat / state

কলগাছিয়াৰ জয়পুৰ,হালধিয়া পাৰাত বেকী নদীৰ ব্যাপক খহনীয়া

author img

By

Published : Mar 17, 2020, 11:23 AM IST

কলগাছিয়াৰ জয়পুৰ,হালধিয়া পাৰাত বেকী নদীৰ ব্যাপক খহনীয়া। খৰালিৰ সময়তো উচন হ'ল ৩০ টাকৈ পৰিয়ালৰ মাটি ভেটি। গৰাখহনীয়াত জাহ গ'ল মাকৈ,জলকীয়াৰ খেতি। কাণসাৰ নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ।

কলগাছিয়াৰ জয়পুৰ,হালধিয়া পাৰাত বেকী নদীৰ ব্যাপক খহনীয়া
কলগাছিয়াৰ জয়পুৰ,হালধিয়া পাৰাত বেকী নদীৰ ব্যাপক খহনীয়া

বৰপেটা, 17 মাৰ্চঃ বৰপেটাৰ বাঘবৰ বিধানসভা সমষ্টি আৰু কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবৰী,হালধিয়াপাৰা,জয়পুৰ ছিকাটাৰী,হাদিৰাচকী আদি গাঁৱত খৰালীৰ সময়তো বেকী নদীয়ে আৰম্ভ কৰিছে ব্যাপক গৰাখহনীয়া। যোৱা এমাহৰ ভিতৰত হালধিয়াপাৰা গাঁৱত বেকী নদীয়ে তাণ্ডৱ চলাই ৩০ টাৰো অধিক পৰিয়ালৰ ঘৰ-ভেটি উছন কৰাৰ লগতে বহু বিঘা খেতি মাটি ধ্বংস কৰিছে। ফলত ভুক্তভোগী পৰিয়ালে নদীৰ পাৰত নাইবা আন ঠাইত ছাউনি পাতি নিশা যাপন কৰিব লগা হৈছে যদিও কাণসাৰ দিয়া নাই প্ৰসাশনে। সেয়ে শীঘ্ৰে ভুক্তভোগী সকলক ক্ষতিপূৰণ দিয়াৰ লগতে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে।

কলগাছিয়াৰ জয়পুৰ,হালধিয়া পাৰাত বেকী নদীৰ ব্যাপক খহনীয়া

লগতে চাওকঃ

বছৰ বছৰ ধৰি উচিত মূল্যৰ পৰা বঞ্চিত গোৱালপাৰাৰ কৃষকসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.