ETV Bharat / state

অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Aug 9, 2019, 10:58 PM IST

অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ

বস্তাই বস্তাই পচিছে শিশুসকলৰ বাবে চৰকাৰে যোগান ধৰা চাউল মটৰৰ লগতে ছাটু পেকেট ৷

জনীয়া,9 আগষ্টঃ বৰপেটা জিলাৰ ৰূপসী সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অধীনস্থ ৩২ নং কাচুগাটি অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মী মনোৱাৰা খাতুন ব্যাপক দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, যোৱা ৫ জুলাইত কেন্দ্ৰটোৰ শিশু সকলৰ বাবে বিভাগৰ পৰা চাউল যোগান ধৰা হৈছিল । কিন্তু দুৰ্নীতিৰ অভিযোগত সাঙুৰ খোৱা কৰ্মী গৰাকীয়ে সম্পূৰ্ণ এমাহত শিশু সকলৰ মাজত চাউলখিনি বিতৰণ নকৰি পচি যোৱাৰ পাছত ৫ আগষ্টত পচা চাউল বিতৰণ কৰিব ধৰাত একাংশ সচেতন ৰাইজৰ দৃষ্টি গোচৰ হোৱাত সাংবাদিকৰ জৰিয়তে কৰ্মীৰ দুৰ্নীতিৰ বিৰুদ্ধে সমাজ কল্যাণ বিভাগ তথা বৰপেটা জিলা উপায়ুক্তক অৱগত কৰে ৷ কেৱল সেয়াই নহয় তিনিমাহৰ পূৰ্বে অহা চাউল আজি পৰ্যন্ত বিতৰণ কৰা নাই কৰ্মীগৰাকীয়ে ৷ শিশুৰ পুষ্টিৰ বাবে চৰকাৰে যোগান ধৰা ৩৭ পেকেট ছাটু বৰ্তমান পৰ্যন্ত জমা কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে ৷

অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ

ইফালে অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী জনৰ বিৰুদ্ধে সহায়িকাগৰাকীয়েও অভিযোগ তুলি ব্যক্ত কৰিছে যে, সহায়িকাই সময় মতে এইসমূহ সামগ্ৰী বিতৰণ কৰিবলৈ কৈ থাকে যদিও কৰ্মীগৰাকীয়ে সহায়িকাৰ এই কথাত কোনো গুৰুত্ব প্ৰদান নকৰে ৷ কৰ্মীয়ে নিৰ্ভয়ে এনে দুৰ্নীতি সংঘটিত কৰি যোৱাৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ ছুপাৰভাইজৰে সহায়ৰ হাত আগবঢ়াই আহিছে বুলি জনাই স্থানীয় ৰাইজে ৷ লগতে অভিভাৱকে সামগ্ৰী বিচাৰি আপত্তি প্ৰদৰ্শন কৰিলে অমাৰ্জিত ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উঠিছে কৰ্মী মনোৱাৰা খাতুনৰ বিৰুদ্ধে।

Intro:slug: as_jania_corruption_in_anganwadi_kendra_vis2+byt3+pho1_story_asc10058

Anchor: ৩২ নং কাচুগাটি অঙ্গনৱাড়ী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে ব্যাপক দূৰ্নীতিৰ অভিযোগ। পচাইছে শিশু সকলৰ বাবে চৰকাৰে যোগান ধৰা চাউল, মটৰ আৰু ৩৮ পেকেট ছাতু।Body:slug: as_jania_corruption_in_anganwadi_kendra_vis2+byt3+pho1_story_asc10058

VO: সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কিছুমান সোপা ডিলা নীতিৰ বাবেই সাধাৰণ এগৰাকী অঙ্গনৱাড়ী কৰ্মীয়েও দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্লোগানকটোক তিল পৰিমানো কেৰেপ নকৰা হৈছে। বৰপেটা জিলাৰ ৰূপসী সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অধিনস্ত ৩২ নং কাচগাটি অঙ্গনৱাড়ী কেন্দ্ৰৰ কৰ্মী মনোৱাৰা খাতুনে ব্যাপক দূৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। যোৱা ৫ জুলাইত কেন্দ্ৰটোৰ শিশু সকলৰ বাবে বিভাগৰ পৰা চাউল আৰু ডাবৰি যোগান ধৰা হৈছিল। কিন্তু দূৰ্নীতিৰ অভিযোগত সামৰি পৰা কৰ্মী গৰাকীয়ে সম্পূৰ্ণ এমাহত শিশু সকলৰ মাজত চাউলখিনি বিতৰণ নকৰি পচি যোৱাৰ পাছত ৫ আগষ্টত পচা চাউল বিতৰণ কৰিব ধৰাত একাংশ সচেতন ৰাইজৰ দৃষ্টি গোচৰ হোৱাত সাংবাদিকৰ জৰিয়তে কৰ্মীৰ দূৰ্নীতিৰ বিৰুদ্ধে সমাজ কল্যাণ বিভাগ তথা বৰপেটা জিলা উপায়ুক্তক অবগত কৰাৰ প্ৰয়াস কৰে। ইমানেই নহয় তিনি মাহ পূৰ্বে অহা চাউল আজিকোপতি বিতৰণ কৰা নাই কৰ্মী গৰাকীয়ে। শিশুৰ পুষ্টিৰ বাবে চৰকাৰে যোগান ধৰা ৩৭ পেকেট ছাতু বৰ্তমান পৰ্যন্ত জমা কৰি ৰাখি পচাইছে কৰ্মীয়ে। সহায়িকাই সময় মতে বিতৰণ কৰিবলৈ কৈ থাকে যদিও কৰ্মীয়ে সহায়িকাক কোনো গুৰুত্ব প্ৰদান নকৰে বুলি সহায়িকাৰ পৰা জানিব পৰা গৈছে। কৰ্মীয়ে নিৰ্ভয়ে এনে দূৰ্নীতি সংঘটিত কৰি যোৱাৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ ছুপাৰভাইজৰে সহায়ৰ হাত আগবঢ়াই আহিছে বুলি স্থানীয় ৰাইজে সাংবাদিকক জনাইছে। ৰাইজে আৰু জানিবলৈ দিয়ামতে কৰ্মী মনোৱাৰা খাতুনৰ ওচৰত ক'ৰবাত হ'লেও দূৰ্বল থকাৰ সুযোগত কৰ্মীৰ কেন্দ্ৰত অনিয়মীয়া উপস্থিতি, শিশু খাদ্য কেলেংকাৰী, কোনো অভিভাৱকে কোনো কথাত আপত্তি কৰিলেও অমাৰ্জিত ব্যবহাৰ কৰাৰো গুৰুতৰ অভিযোগ উঠিছে কৰ্মী মনোৱাৰা খাতুনৰ বিৰুদ্ধে।Conclusion:slug: as_jania_corruption_in_anganwadi_kendra_vis2+byt3+pho1_story_asc10058

Byt: কৰ্মী, সহায়িকা, অভিভাৱক।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.