ETV Bharat / state

Illegal sand mining in Kalgasia: কলগাছিয়াত বেকী নৈত অবৈধ বালি খনন

author img

By

Published : Feb 20, 2023, 2:08 PM IST

Illegal Sand mining at Kalgasia
কলগাছিয়াত ঘৰৰ ভেঁটি নৈৰ বুকুত উচন

বৰপেটা জিলাৰ কলগাছিয়াত ঘৰৰ ভেঁটি নৈৰ বুকুত উচন হোৱাৰ আতংকত নিদ্ৰা হৰিছে নৈৰ কাষৰীয়া পৰিয়ালৰ (Illegal mining in Srirampur of Kalgasia)। বেকী নৈৰ কাষৰীয়া অঞ্চলত অবৈধ খননৰ ফলত শ শ পৰিয়ালৰ ভেঁটি জাহ গৈছে বেকী নৈত । ইয়াৰ পিছতো নীৰৱ বন বিভাগ ।

কলগাছিয়াত ঘৰৰ ভেঁটি নৈৰ বুকুত উচন

কলগাছিয়া, ২০ ফেব্ৰুৱাৰী: চৰকাৰে অবৈধ মাটি খনন বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আহিছে বালি মাফিয়াৰ দপদপনি (Illegal sand mining in Assam) ৷ বন বিভাগৰ লগতে আৰক্ষীয়ে এনে মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতেই বালি মাফিয়াৰ দপদপনি সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত অবৈধ বালিৰ বেহাৰ বিষয়ে প্ৰচাৰ হৈ আহিছে ৷ তথাপিও যেন বালি মাফিয়াক নাকী লগাবলৈ সক্ষম হোৱা নাই আৰক্ষীৰ লগতে বন বিভাগে ৷ ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰতো এনে বেহা চলাই আছে বালি মাফিয়াই (Illegal sand mining at Kalgasia) ।

জিলাখনৰ কলগাছিয়াৰ শ্ৰীৰামপুৰ আৰু গলীয়াত বেঁকী নৈত বালি মাফিয়াৰ সন্ত্ৰাসত অতিষ্ঠ হৈছে ৰাইজ (Illegal Sand mining in Beki River)। দীর্ঘদিনৰপৰা চলি আছে এই খনন কাৰ্য । ইয়াৰ পিছতো নীৰৱ দৰ্শকৰ ভূমিকাত বন বিভাগ তথা জিলা প্ৰশাসন । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শ্ৰীৰামপুৰ আৰু গলীয়াত বেঁকী নৈৰ বুকুত দিনে নিশাই চলিছে বালি অবৈধ খনন । এই অবৈধ বালি খননৰ লগত দল-সংগঠনৰ লোক জড়িত থকাৰো অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS react on Illegal Sand mining at Kalgasia)।

বন বিভাগৰ বৰপেটাৰোডৰ আঞ্চলিক বন বিষয়া আৰু সৰভোগ খণ্ড বন বিষয়াৰ লগতে বৰপেটা জিলা প্ৰশাসনক মেনেজ কৰি এই খনন কাৰ্য চলাই থকা বুলি অভিযোগ কৰিছে কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (Forest Officer of Barpeta Road)। সমিতিৰ সদস্য়সকলে কয় যে এইসকল মাফিয়াৰ ছত্ৰছায়াত শ শ ডাম্পাৰ আৰু ট্ৰেক্টৰৰে এইদৰে খনন কাৰ্য চলাই বালি বিক্ৰী কৰি আহিছে । এই ক্ষেত্ৰত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই নীৰৱ ভূমিকা গ্ৰহণ কৰা বুলিও কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ কৰিছে (Circle Officer of Kolgachia Revenue Circle)।

উল্লেখ্য যে এই বালি খনন কাৰ্যৰ ফলত যোৱাটো বানপানীৰ সময়ত নৈৰ সীমামূৰীয়া অঞ্চলসমূহলৈ ভয়ংকৰ খহনীয়াই কঢ়িয়াই আনিছিল তীব্ৰ ভাবুকি । ইপিনে, বৰপেটা জিলা প্ৰশাসন আৰু বন বিষয়াৰ অনুমতি সাপেক্ষে এই খনন চলি থকা বুলি অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:Merger of Nalbari Civil Hospital: আইনৰ দোহাই দি প্ৰতিবাদকাৰীক প্ৰশাসন যন্ত্ৰই গুলিয়াই মাৰিব: নলবাৰী জিলা কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.