ETV Bharat / state

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা হ'ব হাউলীৰ ৰাস মহোৎসৱ

author img

By

Published : Nov 15, 2021, 6:42 PM IST

Preparation for Raas in Howly
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা হ'ব হাউলীৰ ৰাস মহোৎসৱ

ক'ভিড-১৯(Covid-19)ৰ বাবে এইবাৰো ম্লান পৰিল হাউলীৰ ৰাস মহোৎসৱ(Raas Mahotsav)ৰ আনন্দ । অনুষ্টুপীয়াকৈ ৰাস মহোৎসৱ উদযাপন কৰাৰ কৰাৰ সিদ্ধান্ত লৈছে হাউলী(Howly)ৰ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে । মাথোঁ তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব ৰাস মহোৎসৱ ।

বৰপেটা, ১৫ নৱেম্বৰ : মূৰ্তি ৰাস বুলিলে প্ৰথমেই চকুৰ আগত ভাহি আহে বৰপেটাৰ হাউলী(Howly)ৰ ৰাস মহোৎসৱ(Raas Mahotsav)স্থলীৰ আনন্দমুখৰ পৰিৱেশ । আটকধুনীয়া শ শ মৃন্ময় মূৰ্তি, বিভিন্ন বিপণী, পোহৰৰ খেলা, মীনা বজাৰ আদি যেন ৰাস মহোৎসৱৰ এক অবিচ্ছেদ্য অংশ । বিভিন্ন স্থানৰ পৰা যোৱা মানুহেৰে ভৰি থকা হাউলীৰ ৰাসস্থলীত এইবাৰ পূৰ্বৰ দৰে আনন্দ নাথাকিব ।

অনুষ্টুপীয়াকৈ উদযাপন কৰা হ'ব হাউলীৰ ৰাস মহোৎসৱ

কিয়নো, ক'ভিড-১৯(Covid-19)ৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে চৰকাৰৰ নিৰ্দেশ মানি মাথোঁ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ ৰাস মহোৎসৱ আয়োজন কৰা হৈছে হাউলীত । ১৮, ১৯ আৰু ২০ নৱেম্বৰত উদযাপন কৰা হ'ব ৰাস মহোৎসৱ । পূৰ্বে ১৫ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছিল বৰপেটা জিলাৰ হাউলীৰ ৰাস মহোৎসৱ ৷ কিন্তু এইবাৰ ৰাসত নাথাকিব কোনো ব্যয় বহুলতা ৷ মাথোঁ ধৰ্মীয় ৰীতি-নীতি, নাম-প্ৰসংগৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা হ'ব ৰাস মহোৎসৱ ৷

আনহাতে, হাউলীৰ ৰাস বুলি ক'লেই মানুহৰ বিশেষ আগ্ৰহৰ বিষয় উপহাৰ কুপন খেলখন এইবেলিও অনুষ্ঠিত নহয় ৷ হাউলীৰ ৰাসত অনুষ্ঠিত উপহাৰ কুপনৰ খেলখনত মাথোঁ ১০০ টকা মূল্যৰ উপহাৰ কুপন ক্ৰয় কৰি লাভ কৰে প্ৰায় ৩৫ লাখ টকীয়া বিলাসী গাড়ী ৷

কেইবাখনো অতি বিলাসী গাড়ী উপহাৰ হিচাপে আগবঢ়োৱা খেলখনৰ প্ৰতি সেয়েহে ৰাজ্যৰ বহু লোকৰেই আগ্ৰহ থাকে ৷ সেয়েহে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে ফোনযোগে দৈনিক খবৰ লয় উপহাৰ কুপন খেলখনৰ ৷ পিছে উদযাপন সমিতিৰ কাৰ্যকৰ্তাসকলে জনাইছে যে, যোৱা বছৰৰ দৰে এইবেলিও অনুষ্ঠিত নহয় উপহাৰ কুপন খেলখন ৷

কাৰ্যকৰ্তাসকলে আশা কৰিছে যে, অহা বছৰ পৰিস্থিতি ভালে থাকিলে আড়ম্বৰপূৰ্ণভাৱে ৰাস মহোৎসৱ উদযাপন কৰাৰ লগতে অনুষ্ঠিত কৰিব উপহাৰ কুপন খেলখনো ৷ তাৰ বাবে প্ৰভু শ্ৰীকৃষ্ণৰ কৃপা আৰু ক'ভিড পৰিস্থিতি উন্নত হৈ সকলোৰে মংগল হোৱাটো কামনা কৰিছে উদযাপন সমিতিয়ে ৷

লগতে পঢ়ক : Childrens day : জৱাহৰ নৱোদয় বিদ্যালয়ত শিক্ষাৰ্থীৰে মত বিনিময় সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.