ETV Bharat / state

Job Mela inAssam: বৰপেটাৰ নিয়োগ মেলাত শ শ নিবনুৱা যুৱক-যুৱতীৰ অংশগ্ৰহণ

author img

By

Published : Dec 23, 2021, 9:42 PM IST

অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হৈছে নিয়োগ মেলা (Job Mela at Barpeta)। বৰপেটাৰ আই টি আইৰ ছোৱালী আবাসগৃহত অনুষ্ঠিত নিয়োগ মেলাত হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে ভিৰ কৰে ।

Job Mela
বৰপেটাৰ নিয়োগ মেলাত শ শ নিবনুৱা যুৱক যুৱতীৰ অংশগ্ৰহণ

বৰপেটা, ২৩ ডিচেম্বৰ: অসমৰ বিভিন্ন জিলাৰ লগতে বৰপেটা জিলাতো বৰপেটা নিয়োগ বিনিময় কেন্দ্ৰৰ সৌজন্যত নিয়োগ মেলাৰ আয়োজন কৰা হয় (Job Mela at Barpeta) । যথেষ্ট সংখ্যক শিক্ষিত যুৱক-যুৱতীয়ে যোগদান কৰা দেখা গৈছে নিয়োগ মেলাত । বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে নিয়োগ মেলাৰ সাক্ষাৎকাৰত উত্তীৰ্ণ প্ৰাৰ্থীসকলে বৰপেটা জিলাৰ লগতে অসমৰ বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব ।

যাৰ বাবে হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে এটা চাকৰিৰ আশাত পুৱাৰ পৰাই ভিৰ কৰিছে বৰপেটাৰ আই টি আইৰ ছোৱালী আবাসগৃহত অনুষ্ঠিত নিয়োগ মেলাত ৷ নিয়োগ মেলা উদ্বোধন কৰে বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে । উদ্বোধন কৰি উপায়ুক্তগৰাকীয়ে কয় যে চাকৰি সীমিত, এটা চাকৰিৰ বিপৰীতে প্ৰায় ৫০০ জন প্ৰাৰ্থী থিয় হ'ব ৷ যোগ্যতা থকা যুৱক-যুৱতীয়েহে চাকৰি লাভ কৰিব ৷

বৰপেটাৰ নিয়োগ মেলাত শ শ নিবনুৱা যুৱক যুৱতীৰ অংশগ্ৰহণ

তেওঁ কোৱা মতে চাকৰি নোপোৱাসকলে হতাশাত ভুগিব নালাগে ৷ এই প্ৰতিযোগিতাৰ যুগত প্ৰতিজন যুৱক-যুৱতীয়ে নিজকে উন্নত শিক্ষাৰ জৰিয়তে নিজকে উপযুক্ত কৰি তুলিবলৈ আহ্বান জনায় ৷ আনহাতে বৰপেটা জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰৰ উপ সঞ্চালিকা অজন্তা চৌধুৰীয়ে জনায় যে ২০ টা ব্যক্তিগত কোম্পেনী অহাৰ কথা আছিল যদিও ১০ টা ব্যক্তিগত কোম্পেনীয়ে নিয়োগ মেলাত উপস্থিত হয় ৷ এই কোম্পেনীসমূহৰ সৰ্বমুঠ খালী পদৰ সংখ্যা প্ৰায় ৫০ টা হ'ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :Job Mela in Tezpur : পচন্দৰ চাকৰি বিচাৰি তেজপুৰত নিবনুৱাৰ ভীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.