ETV Bharat / state

কলগাছিয়া, বাঘবৰ ৰাজহ চক্ৰত বানৰ সংহাৰী ৰূপ ধাৰণ

author img

By

Published : Jul 15, 2020, 10:02 AM IST

বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত বানে সংহাৰ চলোৱাৰ ফলত শোনাপুৰ, বালিকুৰি, কৈমাৰী, গোবিন্দপুৰ মিলন বজাৰকে ধৰি বহু কেইটা শিবিৰত থাকিব লগীয়া হৈছে বানাক্ৰান্ত সকল ৷

flood-affected-at-borpeta-and-jonia-revinu-circle
কলগাছিয়া,বাঘবৰ ৰাজহ চক্ৰত বানৰ সংহাৰী ৰূপ ধাৰণ

জনীয়া,15জুলাইঃ ৰাজ্যত উজনিৰ পৰা নামনিলৈ অব্যাহত আছে বানৰ তাণ্ডব ৷ নেৰানেপেৰা আৰু ধাৰাষাৰ বৰষুণৰ হৈ থকাৰ ফলত ৰাজ্যৰ নৈ-উপনৈ সমূহ উফন্দি উঠিছে যাৰফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ৷ বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত বানে সংহাৰ চলোৱাৰ ফলত শোনাপুৰ, বালিকুৰি, কৈমাৰী, গোবিন্দপুৰ মিলন বজাৰকে ধৰি বহুকেইটা শিবিৰত থাকিবলগীয়া হৈছে বানাক্ৰান্ত সকল ৷ ইপিনে ৰূপসী ব্লক কংগ্ৰেছৰ এটা সজাঁতি দলে যন্ত্ৰচালিত নাৱৰে কলগাছিয়া আৰু বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মঙলবাৰে।

কলগাছিয়া,বাঘবৰ ৰাজহ চক্ৰত বানৰ সংহাৰী ৰূপ ধাৰণ

বানাক্ৰান্ত সকলে নিজৰ ঘৰ-বাৰী এৰি বিভিন্ন স্কুল আৰু আন-আন ওখ ঠাইত গৰু, ম'হ, ভেড়া, ছাগলীৰ সৈতে একেলগে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইপিনে বানৰ কবলত শ শ হেক্টৰ কৃষি ভূমিৰ লগতে বানত উতি গৈছে পোহনীয়া জীৱ জন্তু ৷ ফলত বানাক্ৰান্ত লোক সকল ব্যাপক লোকচানৰ সন্মূখীন হ‘ব লগীয়া হৈছে ৷ এইক্ষেত্ৰত চৰকাৰ তথা বৰপেটা জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বানাক্ৰান্ত সকলক ক্ষতিপূৰণ দিবলৈ চৰকাৰক আহ্বান জনায় বানাক্ৰান্ত দুৰ্ভোগীয়া লোক সকলে ।

উল্লেখযোগ্য যে, ৰাজ্যত কৰ‘ণা মহামাৰীৰ সমান্তৰলকৈ ভয়াবহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ৷ সম্প্ৰতি ৰাজ্যত ব্ৰহ্মপুত্ৰ নদী কেইবাখনো জিলাত বিপদ সীমাৰ ওপৰে বৈ আছে ৷ তাৰ লগে লগে ৰাজ্যত নেৰানেপেৰা ধাৰাষাৰ বৰষুণ হৈ থকাৰ ফলত বিভিন্ন নদ-নদী উফন্দি উঠা পৰিলক্ষিত হৈছে ৷ বৰ্তমান ৰাজ্যখনৰ 28 খন জিলাই বানৰ কবলত আছে ৷ 92টা ৰাজহ চক্ৰৰ লগতে 3371খন গাঁও পানীৰ তলত আছে ৷ ইপিনে 1,28,495,22 হেক্টৰ ভূমি বানত প্লাবিত হৈ থকাৰ বিপৰীতে 32,94,127 গৰাকী বানৰ কবলত ক্ষতিগ্ৰস্ত হৈছে ৷ ইতিমধ্যে চৰকাৰে 517 টা আশ্ৰয় শিৱিৰ স্থাপন কৰি বানাক্ৰান্তক নিৰাপত্ত স্থানাত ৰখাৰ ব্যৱস্থা কৰিছে ৷ বানৰ সংহাৰৰ ফলত এই পৰ্যন্ত ৰাজ্যত 59 গৰাকী লোকে মৃত্যু মুখত পৰিছে ৷

লগতে পঢ়কঃ এএম পেলেচ হোটেলৰ সন্মুখত উদ্ধাৰ মানসিক বিকাৰগ্ৰস্তৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.