ETV Bharat / state

বৰপেটাত ব্ৰহ্মপুত্ৰ খহনীয়াৰ বিধ্বংসী ৰূপ ধাৰণ

author img

By

Published : May 29, 2021, 4:17 PM IST

erosion
বৰপেটাত ব্ৰহ্মপুত্ৰ খহনীয়াৰ বিধ্বংসী ৰূপ ধাৰণ

ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিছে দক্ষিণ পূৱ বৰপেটাত ৷ বেলৰটাৰী গাঁৱত বহৰি-বাঘবৰ মথাউৰিলৈ খহনীয়াই ভাবুকি কঢ়িয়া অনাত একাংশ গঞাই ঘৰ দুৱাৰ ভাঙি মথাউৰিত আশ্ৰয় লৈছে ৷

বৰপেটা, ২৯ মে’: বৰপেটা সমষ্টিৰ বেলৰটাৰীত ব্ৰহ্মপুত্ৰ নৈৰ বিধ্বংসী খহনীয়া ৷ ব্ৰহ্মপুত্ৰ নৈৰ প্ৰৱল খহনীয়াত এপষেকৰ ভিতৰতে বেলৰটাৰী অঞ্চলটোৰ বিস্তৃত অঞ্চল নৈৰ বুকুত জাহ গৈছে ৷ ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত বহু পৰিয়ালে নিজৰ ঘৰ দুৱাৰ হেৰুৱাই মথাউৰিৰ ওপৰতে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে ৷

আনহাতে, ব্ৰহ্মপুত্ৰৰ খহনীয়াই মুল ভাবুকি কঢ়িয়াইছে বহৰি-বাঘবৰ মথাউৰিলৈ ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীক ভেটা দিয়া বহৰি-বাঘবৰ মথাউৰিটোৰ পৰা সম্প্ৰতি ব্ৰহ্মপুত্ৰ নৈৰ দূৰত্ব মাথো ১৫ মিটাৰ মান ৷ নৈৰ খহনীয়াত মথাউৰি জাহ গ’লে বেলৰটাৰী অঞ্চলৰ প্ৰায় দহখন গাঁও প্ৰবল খহনীয়াৰ সন্মুখীন হোৱাৰ আশংকা কৰিছে গাঁওবাসীয়ে ৷

বৰপেটাত ব্ৰহ্মপুত্ৰ খহনীয়াৰ বিধ্বংসী ৰূপ ধাৰণ

ইপিনে জল সম্পদ বিভাগ অথবা জিলা প্ৰশাসনে মথাউৰিটো ৰক্ষা কৰিব নোৱাৰিলে সমগ্ৰ দক্ষিণ-পূৱ বৰপেটা অঞ্চল ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হ’ব ৷ সেয়েহে সময় থাকোতেই খহনীয়া প্ৰতিৰোধ কৰি মথাউৰিটো ৰক্ষাৰ দাবী জনাইছে ৰাইজে ৷

অৱশ্যে শেহতীয়াভাৱে জলসম্পদ বিভাগে বাহৰ পাৰ্কুপাইন পেলাই খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে যদিও সেয়া কিমানদূৰ সফল হ’ব তাৰ ওপৰতে নিৰ্ভৰ কৰিব অঞ্চলটোৰ ভৱিষ্যত ৷

লগতে পঢ়ক : তিনিদিন ধৰি বিদ্যুতে জ্বলা-কলা খুৱাইছে হেলেমবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.