ETV Bharat / state

Erosion of Beki river: খৰালিতো কলগাছিয়াত বেকী নৈৰ ভয়াবহ খহনীয়া

author img

By

Published : Feb 25, 2022, 9:20 PM IST

বেকী নদীৰ গৰাখহনীয়াই কলগাছিয়াত লৈছে ভয়ংকৰ ৰূপ ৷ অকল বাৰিষা কালেই নহয় খৰালিতো অব্যাহত আছে বেকী নৈৰ গৰাহখহনীয়া (Erosion of Beki river at Kalgachia) ৷ যাৰ ফলত এতিয়া বিনিদ্ৰা নিশা পাৰ কৰিব লগা হৈছে স্থানীয় লোকসকলে ৷

erosion-by-beki-river-at-kalgachia
খৰালিতো কলগাছিয়াত বেকী নৈৰ ভয়ংকৰ খহনীয়া

জনিয়া, 25 ফেব্ৰুৱাৰী : কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত কাউৰজাহী গাঁৱৰ বেকী নৈত এই খৰালি কালতো অব্যাহত আছে গৰাখহনীয়া (Erosion of Beki river at Kalgachia) ৷ এই বিধ্বংসী গৰাখহনীয়াৰ ফলত নিজৰ ঘৰ-মাটি হেৰুৱাই ক্ৰন্দনত ভাগি পৰিছে নৈপৰীয়া ৰাইজে । যিকোনো মূহুৰ্ততে আপোন ঘৰ, খেতি মাটি হেৰুওৱাৰ শংকাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে ৷ পিছে কাণসাৰ নাই নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ ফুলজাৰি চটিওৱা জনপ্ৰতিনিধিসকলৰ ৷

জানিব পৰা মতে, বিগত বৰ্ষত বেকী নৈত হোৱা বিধ্বংসী গৰাখহনীয়াৰ ফলত কাউৰজাহী ইছব বজাৰৰ কাষতে থকা কলগাছিয়াৰ পৰা মোৱামাৰীলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ, মথাউৰীৰ লগতে প্ৰায় এক সপ্তাহৰ ভিতৰতেই প্ৰায় অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ ভেঁটি বেকী নৈত জাহ গৈছিল ৷ পিছে এনে পৰিস্থিতিৰ পিছতো চৰকাৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া ৰাইজে ৷

খৰালিতো কলগাছিয়াত বেকী নৈৰ ভয়ংকৰ খহনীয়া

ফলত এই খৰালিৰ সময়তো গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় সাংসদ আব্দুল খালেক আৰু জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । স্থানীয় জনপ্ৰতিনিধিসকলে খবৰ লবলৈ আহৰি নোপোৱাত তেওলোক জীয়াই আছেনে নাই সেই লৈও প্ৰশ্ন উত্থাপন কৰিছে খহনীয়াগ্ৰস্থ ৰাইজে ।

এই খৰালিৰ সময়ত গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে বলাইপাথাৰ, খাৰবাল্লী, আমগুৰি, শওপুৰ আৰু কলগাছিয়ালৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিব বুলি আশংকা কৰি শীঘ্ৰেই বৰপেটা জিলা প্ৰশাসনক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চকুমেলি চাবলৈ ভূক্তভোগী ৰাইজে আহ্বান জনাইছে ।

উল্লেখ্য যে, বছৰ বছৰ ধৰি বেকী নৈৰ বান আৰু খহনীয়াত উচন হৈছে বহু পৰিয়াল ৷ কিন্তু আজিলৈকে নৈখনৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ কোনো এখন চৰকাৰেই উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ কৰে ৷ গৰাখহনীয়া প্ৰতিৰোধ নকৰাৰ ফলত প্ৰত্যেক বছৰতে শ-শ নৈপৰীয়া লোকে ঘৰ মাটি ভেটি হেৰুৱাবলগীয়া হয় ৷ সম্প্ৰতি স্থানীয় ৰাইজৰ আহ্বানৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰে কেনেকুৱা সঁহাৰি প্ৰদান কৰে সেয়া সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : President Kovind in Assam : অসমত উপস্থিত ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.