ETV Bharat / state

Erosion at Kalgachia:বেঁকীৰ খহনীয়াত জাহ গৈছে হেজাৰ হেজাৰ বিঘা কৃষিভূমি

author img

By

Published : Jul 10, 2023, 3:23 PM IST

কলগাছিয়াৰ সাওঁৰাচৰাত বেঁকী নদীৰ ভয়ংকৰ খহনীয়া । অনিদ্ৰা অনাহাৰে দিন পাৰ কৰিবলগীয়া হৈছে খহনীয়াগ্ৰস্ত লোকে। কুম্ভকৰ্ণ নিদ্ৰাত বিধায়ক আৰু সাংসদ ।

Erosion at Kalgachia
সাওঁৰাচৰাত বেঁকী নদীৰ ভয়ংকৰ খহনীয়া

সাওঁৰাচৰাত বেঁকী নদীৰ ভয়ংকৰ খহনীয়া

জনিয়া, ১০ জুলাই:বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সাওঁৰাচৰা গাঁও, সাওঁৰাচৰা পাথাৰ, চিকনী আৰু জাউৰীমাৰী গাঁৱত অব্যাহত আছে বেঁকী নদীৰ ভয়াৱহ গৰাখহনীয়া। এই গৰাখহনীয়াই ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে । ইতিমধ্যে কলগাছিয়া ৰাজহ চক্ৰ তথা জনীয়া সমষ্টিৰ কেইবাখনো গাঁৱৰ শ শ পৰিয়ালৰ ভেটি মাটি উছন হৈছে । তদুপৰি হেজাৰ হেজাৰ কৃষি ভূমি বেঁকী নদীৰ বুকুত জাঁহ যোৱাৰ পিছতো জনপ্ৰতিনিধি সকলে কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

উল্লেখযোগ্য যে বিগত দুটা বৰ্ষত তিনিশৰ পৰা চাৰিশ পৰিয়ালৰ ভেটি মাটি নৈৰ বুকুত বিলীন হৈছে বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । জনিয়াৰ তিনিবাৰৰ বিধায়ক ৰফিকুল ইছলাম আৰু আৰু দুবাৰৰ বিধায়ক আৰু বৰ্তমানৰ সাংসদ আব্দুল খালেকক বাবে বাৰে অনুৰোধ জনোৱাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ ৰাইজে । কিন্তু আজি ভূতৰ ওপৰত দানহ পৰাদি বেঁকী নদীয়ে খহাই নিছে চপৰা চপৰে গৰা । মূহুৰ্তৰ ভিতৰত প্ৰায় দুই বিঘা মাটি বেঁকী নদীয়ে খহাই নিয়াত চিন্তিত হৈ পৰিছে খেতিয়কৰ লগতে স্থানীয় সচেতন ৰাইজ । সেয়ে খহনীয়াগ্ৰস্ত ৰাইজে বৰপেটা জিলা প্ৰশাসন আৰু অসম চৰকাৰক বেঁকী নৈৰ স্থায়ী প্ৰতিৰোধৰ লগতে গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা লোকক পুনৰ সংস্থাপনৰ দাবী জনাইছে ।

ইপিনে,জিলাখনৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰডাঙা গাঁৱতো অব্যাহত বেঁকীৰ ভয়াৱহ খহনীয়া । উল্লেখ্য় যে বিগত বৰ্ষত প্ৰলয়ংকৰী বানে তচ-নচ কৰাৰ পিচত এই নদীখনে ইতিমধ্য়ে কেইবাখনো গাঁৱত বিধ্বংসী গৰাখহনীয়া আৰম্ভ কৰাত নৈপৰীয়া ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে । খহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় জনপ্ৰতিনিধিক ৰাইজে কেইবাবাৰো দাবী জনাইছে যদিও এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে । সম্প্ৰতি এই খহনীয়াৰ বাবে চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ।

লগতে পঢ়ক:Police officer caught taking bribe: উৎকোচ লৈ চাকৰি পৰা খেদা খালে আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমঃশূদ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.