ETV Bharat / state

মূলসুঁতিলৈ ঘুৰি অহা সকলো উগ্ৰপন্থীক সংস্থাপন দিব প্ৰমোদ বড়োই

author img

By

Published : Aug 1, 2021, 2:56 PM IST

Pramod boro pathsala ASC10080
মূলসুঁতিলৈ ঘুৰি অহা সকলো উগ্ৰপন্থীক সংস্থাপন দিব প্ৰমোদ বড়োই

মূলসুঁতিলৈ ঘুৰি অহা সকলো উগ্ৰপন্থীকে সংস্থাপন দিব বিটিচি কাউন্সিলে (BTC Council) ৷ শিক্ষাগত অৰ্হতা থকা সকলক চৰকাৰী চাকৰি আৰু বাকী সকলক চাৰিলাখকৈ টকা দি ব্যৱসায়ত মনোনিৱেশ কৰিবলৈ উদগনি দিব বিটিচি কাউন্সিলে (BTC Council) ৷

বজালী, 1 আগষ্ট : শনিবাৰে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত (Bhattadev University) উপস্থিত হয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো (BTR chief Pramod Bodo) । এই সময়ত সাংবাদিকৰ সৈতে হোৱা মত-বিনিময়ত প্ৰমোদ বড়োৱে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ মূলসুঁতিলৈ ঘুৰি অহা সকলো উগ্ৰপন্থীক বিটিচি কাউন্সিলে (BTC Council) সংস্থাপন আগবঢ়াব বুলিও তেওঁ মন্তব্য কৰে ৷ শিক্ষাগত অৰ্হতা থকা সকলক চৰকাৰী চাকৰি আৰু বাকী সকলক চাৰিলাখকৈ টকা দি ব্যৱসায়ত মনোনিৱেশ কৰিবলৈ উদগনি দিব বিটিচি কাউন্সিলে ৷

মূলসুঁতিলৈ ঘুৰি অহা সকলো উগ্ৰপন্থীক সংস্থাপন দিব প্ৰমোদ বড়োই

ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে 200 স্পীডত চৰকাৰ চলোৱা বুলিও মন্তব্য কৰিছে প্ৰমোদ বড়োৱে ৷ এই গতিত কাম কৰা মুখ্যমন্ত্ৰী গৰাকীৰ পিছে পিছে বিটিআৰক মাথো দৌৰাবহে লাগে বুলিও কয় তেওঁ । ইয়াৰ লগতে, ভট্টদেৱ বিশ্ববিদ্যালয়(Bhattadev University)ৰ পাঠ্যক্ৰমত বড়ো ভাষাকো (bodo language) অন্তভুক্ত কৰাৰ দিহা পৰামৰ্শ আগবঢ়ায় বিটিআৰ (BTR) প্ৰধানগৰাকীয়ে ।

ইফালে, প্ৰমোদ বড়োৰ এই পদক্ষেপক আদৰণি জনাইছে ভট্টদেৱ বিশ্ববিদ্যালয় প্ৰশাসন তথা কৰ্তৃপক্ষই । আনহাতে, হাগ্ৰামা মহিলাৰী(Hagrama Mahilari) সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে বৰ্তমানৰ বিটিআৰ প্ৰধান গৰাকীয়ে ৷ হাগ্ৰামাক মহিলাৰী সম্পৰ্কত তেওঁ মূৰ নঘমাই বুলি সংবাদ মাধ্যমক অৱগত কৰে প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰত পুলৱামা আক্ৰমণত জড়িত দুই সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.