ETV Bharat / state

বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয় আৰু জিলা কোষাগাৰৰ ২৮ কৰ্মচাৰী কোৰোণাত আক্ৰান্ত

author img

By

Published : Jul 15, 2020, 2:25 PM IST

বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয় আৰু জিলা কোষাগাৰৰ ২৮ কৰ্মচাৰী ক'ভিড-19ত আক্ৰান্ত হৈছে । জিলা কোষাগাৰৰ কৰ্মচাৰী সকল কোৰোণাত আক্ৰান্ত হোৱাৰ পিচতেই স্তব্ধ হৈ পৰিছে জিলা কোষাগাৰৰ সমস্ত কাম-কাজ ।

borpeta dc office and district treasury employee tested covid-19 positive
borpeta dc office and district treasury employee tested covid-19 positive

বৰপেটা, ১৫ জুলাই : বৰপেটাত কৰ'ণাৰ ব্যাপক গণ সংক্ৰমণ । বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয় আৰু জিলা কোষাগাৰৰ ২৮ কৰ্মচাৰী ক'ভিড-19ত আক্ৰান্ত হৈছে । সোমবাৰে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয় আৰু জিলা কোষাগাৰৰ বিষয়া কৰ্মচাৰীসকলৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল । স্বাৱ পৰীক্ষাৰ ফলাফলত বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয় আৰু জিলা কোষাগাৰৰ ২৮ জন কৰ্মচাৰী লগতে জিলা খনৰ মুঠ ৪৬ জন লোক কোৰোণাত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে ।

জিলা কোষাগাৰৰ কৰ্মচাৰী সকল কোৰোণাত আক্ৰান্ত হোৱাৰ পিচতেই স্তব্ধ হৈ পৰিছে জিলা কোষাগাৰৰ সমস্ত কাম-কাজ । ইপিনে কোষাগাৰটোৰ কৰ্মচাৰী সকলৰ সংস্পৰ্শলৈ অহা জিলা খনৰ আন বহু লোকৰ মাজত ইয়াকে লৈ আতংক বিয়পিছে । বৰপেটা সদৰ থানাৰ মহিলা কোষৰ ইনচাৰ্জ মনালিছা ভক্ত ক'ভিড-19 আক্ৰান্ত হোৱাৰ উপৰিও বৰপেটাৰ গুৱাগাছাত থকা এছ এছ বিৰ ২৭নং বেটেলিয়ানৰ এজন জোৱান আৰু সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ নাৰ্চ পুতুলী দাসো আক্ৰান্ত হৈছে কৰ'ণাত ।

বৰপেটাত বিগত কিছুদিনৰ পৰা অব্যাহত থকা গণ সংক্ৰমণৰ ঘটনাই জিলা বাসীক কৰি তুলিছে উদ্বিগ্ন । ইতিমধ্যে কোৰোণাত আক্ৰান্ত হোৱা লোক সকলক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে ।

লগতে পঢ়ক : শিৱসাগৰত একেদিনাই ৩১গৰাকী আক্ৰান্ত কৰ’ণা ভাইৰাছত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.