ETV Bharat / state

সকলো জনগোষ্ঠীৰ ভোটেৰে পুনৰ ভৱানীপুৰৰ বিধায়ক হোৱাৰ মন ফণী তালুকদাৰৰ

author img

By

Published : Aug 28, 2021, 8:42 PM IST

সকলো জনগোষ্ঠীৰ ভোটেৰে পুনৰ ভৱানীপুৰৰ বিধায়ক হোৱাৰ মন ফণী তালুকদাৰৰ
সকলো জনগোষ্ঠীৰ ভোটেৰে পুনৰ ভৱানী পুৰৰ বিধায়ক হোৱাৰ মন ফণী তালুকদাৰ

সমষ্টিবাসীৰ মাজত থকা নিজৰ জনপ্ৰিয়তা সন্দৰ্ভত প্ৰচুৰভাৱে আত্মবিশ্বাসী ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰ ৷ প্ৰায় সকলো জনগোষ্ঠীৰ লোকৰ সমৰ্থন থকাৰ কথা কৈ উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’লে যে তেওঁৰ চিন্তা কৰিব লগীয়া বিশেষ নাই তাৰেই ইংগিত দিলে ভৱানীপুৰৰ বিধায়ক গৰাকীয়ে ৷

পাঠশালা, 28 আগষ্ট : সমষ্টিৰ প্ৰতিজন ভোটাৰৰ মনৰ মাজত এতিয়া হেনো সোমাই পৰিছে ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰ ৷ সমষ্টিবাসীৰ মাজত থকা নিজৰ জনপ্ৰিয়তা সন্দৰ্ভত প্ৰচুৰভাৱে আত্মবিশ্বাসী বিধায়ক গৰাকী ৷ এই আত্মবিশ্বাসৰ ভিত্তিতেই সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰি বিধায়ক গৰাকীয়ে ক’লে, তেওঁৰ সৈতে এতিয়া সংখ্যালঘূ মুছলমান, হিন্দু বাঙালী, বড়ো জনজাতিৰ লোক আদি সকলোৰে সমৰ্থন আছে ৷ এক কথাত এই দাবীৰে উপ-নিৰ্বাচন(by election)ত প্ৰতিদ্বন্দিতা কৰাৰ ইংগিত দিলে তালুকদাৰে ৷

প্ৰায় সকলো জনগোষ্ঠীৰ লোকৰ সমৰ্থন থকাৰ কথা কৈ উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’লে যে তেওঁ চিন্তা কৰিব লগীয়া বিশেষ নাই, সেই কথাকেই প্ৰকাশ কৰিলে বিধায়ক গৰাকীয়ে ৷ মাত্ৰ দুই-তিনিটা দিনৰ ভিতৰতে তেওঁৰ বিজেপি গমন সন্দৰ্ভত থকা ডাৱৰ আঁতৰাৰো ইংগিত দি তেওঁ সাংবাদিক সকলক মাথো দুই তিনি দিন অপেক্ষা কৰিবলৈ আহ্বান জনায় ৷ আওপকিয়াকৈ এ আই ইউ ডি এফৰ বিধায়ক পদ ত্যাগ কৰি বিজেপি গমণৰ ইংগিত দিয়া বিধায়ক গৰাকীয়ে এই মুহুৰ্তত সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ বিভিন্ন ৰোগীলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ কৰাত ব্যস্ত আছে ৷

সকলো জনগোষ্ঠীৰ ভোটেৰে পুনৰ ভৱানী পুৰৰ বিধায়ক হোৱাৰ মন ফণী তালুকদাৰৰ

স্মৰ্তব্য যে, বিগত নিৰ্বাচনত ফণী তালুকদাৰে এ আই ইউ ডি এফ দলৰ পৰা প্ৰতিদন্দিতা কৰি প্ৰায় ৫৫ হাজাৰ ভোট লাভ কৰিছিল আৰু ইয়াৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে প্ৰায় ৫২ হাজাৰ ভোট লাভ কৰিছিল ৷

উল্লেখযোগ্য যে, ফণী তালুকদাৰৰ বিজেপি গমনৰ পিছতে ভৱানীপুৰ সমষ্টিত উপ-নিৰ্বাচন অনুস্থিত হ’লে কোনে জয় লাভ কৰিব ৰাইজৰ মাজত এতিয়া সেই প্ৰশ্নৰ অৱতাৰণা হৈছে ৷ যদিও, বিধায়ক ফণী তালুকদাৰে ঘোষণা কৰিছে যে তেওঁ সমষ্টিটোৰ সকলো শ্ৰেণীৰ ভোটাৰৰে ভোট লাভ কৰা এগৰাকী বিধায়ক হ’ব ; কিন্তু বিগত নিৰ্বাচনত সংখ্যালঘু ভোট লাভ কৰি জয়ী হোৱা বিধায়কজনে উপ-নিৰ্বাচনত অকল সংখ্যালঘু ভোটেই নহয়, মিত্ৰজোঁটে লাভ কৰা ভোট সমূহো লাভ কৰিব নে নকৰে, সেয়া সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : জনী আলীৰ ঘৰত ওপজা দিনৰ পাৰ্টীত কেক্, প্ৰীতিভোজৰ ঠাই ল’লে ড্ৰাগছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.