ETV Bharat / state

কাউৰজাহী ইছব বজাৰত ৪ দিনত উছন হ'ল ১৩টা পৰিয়ালৰ বাসগৃহ

author img

By

Published : Aug 7, 2021, 3:30 PM IST

BEKI RIVER EROSION IN KALGACHIA
কাউৰজাহী ইছব বজাৰত ৪ দিনত উছন হ'ল ১৩টা পৰিয়ালৰ বাসগৃহ

বৰপেটাৰ কলগাছিয়াৰ কাউৰজাহী ইছব বজাৰত বেঁকী নৈৰ বিধ্বংসী খহনীয়াই বিপদ মাতিছে নৈপৰীয়া ৰাইজলৈ । বিগত ৪ দিনত নৈৰ বুজুক জাহ গৈছে ১৩টা পৰিয়ালৰ বাসগৃহ, কৃষিভূমি । এতিয়া পথৰ ওপৰত আশ্ৰয় লৈছে গৃহহীন পৰিয়ালকেইটাই ।

জনীয়া, ৭ আগষ্ট : বৰপেটাৰ কলগাছিয়াৰ নৈপৰীয়া ৰাইজৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে বেঁকী নদীৰ খহনীয়া । নৈৰ বুকত জাহ গৈছে বিঘাই বিঘাই কৃষিভূমি । খহনীয়া প্ৰতিৰোধৰ বাবে বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৬১ নং লাচাংগা গাঁও পঞ্চায়তৰ কাউৰজাহী ইছব বজাৰত বিগত ৪ দিনত ১৩টা পৰিয়ালৰ বাসগৃহ, কৃষি ভূমি বেঁকী নৈৰ খহনীয়াত জাহ গৈছে ।

সৰ্বস্বান্ত হৈ পথৰ ওপৰত অথবা আন লোকৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালকেইটাই । আন একাংশ পৰিয়ালৰ বাসগৃহও ক্ষতিগ্ৰস্ত হৈছে খহনীয়াত । যিকোনো মুহূৰ্তত সকলো উছন হোৱাৰ আশংকাত আপোন ঘৰখন নিজ হাতেৰে ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে নৈপৰীয়া পৰিয়ালকেইটাই । বিগত চাৰি মাহ ধৰি চপৰা চপৰে খহিছে নৈৰ গৰা ।

কাউৰজাহী ইছব বজাৰত ৪ দিনত উছন হ'ল ১৩টা পৰিয়ালৰ বাসগৃহ

আনহাতে, শ শ পৰিয়ালৰ মাটি-ভেঁটি নৈৰ বুকুত জাহ যোৱাৰ পিছতো খবৰ ল'বলৈ আহৰি হোৱা নাই স্থানীয় জনপ্ৰতিনিধিৰ । যোৱা চাৰি দিনত ৰহিম বাদশা, ৰূপচান আলী, শফিউৰ মণ্ডল, ছেকান আলী, আখেৰ আলীকে ধৰি ১৩ জন লোকৰ ঘৰ-মাটি নৈৰ বুকুত জাহ যোৱাৰ লগতে ইছব বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰো খহনীয়াৰ কবলত পৰিছে ।

খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে । আনহাতে, নৈপৰীয়া অঞ্চলটো বিভাগীয় বিষয়াই পৰিদৰ্শন কৰাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় লোকসকল ক্ষুদ্ধ হৈ পৰিছে । কেৱল কাউৰজাহীয়েই নহয় কলগাছিয়া ৰাজহ চক্ৰৰ অধীনৰ কেইবাটাও অঞ্চলত এতিয়া খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে ।

লগতে পঢ়ক:খহনীয়াৰ কবলত গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.