ETV Bharat / state

খহনীয়াৰ কবলত গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়

author img

By

Published : Aug 6, 2021, 3:37 PM IST

কলগাছিয়া ৰাজহ চক্ৰৰ পাহাৰতলিত বেঁকী নৈৰ খহনীয়া(Erosion)ই কালৰূপ ধাৰণ কৰিছে । নৈৰ বুকুত জাহ গৈছে শতাধিক পৰিয়ালৰ বাসগৃহ, কৃষিভূমি । এতিয়া গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়ো খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে । ইতিমধ্যে বিদ্যালয় গৃহৰ দুয়ো কাষৰ মাটি জাহ গৈছে নৈৰ বুকুত । যিকোনো মুহূৰ্ততে বিদ্যালয় গৃহও নৈত জাহ যোৱাৰ আশংকা কৰিছে স্থানীয় লোকসকলে ।

Erosion has affected school in Kalgachia
খহনীয়াৰ কবলত গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়

জনীয়া, ৬ আগষ্ট : বেঁকী নদীৰ খহনীয়াৰ (Beki River Erosion) সমস্যা এদিনীয়া সমস্যা নহয় । বছৰ বছৰ ধৰি খহনীয়াই হাৰাশাস্তি ভোগাই আহিছে নৈপৰীয়া ৰাইজক । বাসগৃহ, বিদ্যালয় আদি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰি ভাগৰিছে ৰাইজ । তথাপিও কাণসাৰ নাই ৰজাঘৰীয়াৰ ।

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ পাহাৰতলি গোবিন্দপুৰ গাঁৱত বিগত পোন্ধৰ দিন ধৰি খহনীয়াই কালৰূপ ধাৰণ কৰিছে । এতিয়া বেঁকী নদীৰ বিধ্বংসী খহনীয়াই বিপদ মাতিছে গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়লৈ । ইতিমধ্যে বিদ্যালয় গৃহৰ দুয়ো কাষৰ মাটি জাহ গৈছে নৈৰ বুকুত । যিকোনো মুহূৰ্ততে বিদ্যালয় গৃহও নৈত জাহ যোৱাৰ আশংকা কৰিছে স্থানীয় লোকসকলে ।

খহনীয়াৰ কবলত গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়

উপায়হীন হৈ ৰাইজে বিদ্যালয় গৃহৰ টিনপাত নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে । প্ৰায় শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা একমাত্ৰ বিদ্যালয়খন নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে খহনীয়াগ্ৰস্ত অঞ্চলটোৰ লোকসকল ।

উল্লেখ্য যে, প্ৰায় দুই বছৰ পূৰ্বে গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয় বেকী নদীৰ খহনীয়াত উছন হোৱাত এক কিলোমিটাৰ আঁতৰত পুনৰ স্থাপন কৰা হৈছিল যদিও দ্বিতীয় বাৰৰ বাবে পুনৰ খহনীয়াৰ কবলত পৰিছে বিদ্যালয়খন । আনহাতে, খহনীয়াত নৈপৰীয়া কেইবাটাও পৰিয়ালৰ ঘৰ মাটি উছন হৈছে ।

চৰকাৰক খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা কৰিবলৈ আহ্বান জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা কৰা নাই বুলি ৰাইজে অভিযোগ তুলিছে । আনহাতে, একমাত্ৰ বিদ্যালয়খনৰ এই অৱস্থা হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতকলৈ অভিভাৱকসকল চিন্তিত হৈ পৰিছে ।

লগতে পঢ়ক:কলেজ অৱ এৰ'নটিকেল ইঞ্জিনিয়াৰিঙৰ বৃহৎ সাফল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.