ETV Bharat / state

ছাত্ৰীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰলৈ শিক্ষক ছুলেমান হুছেইন

author img

By

Published : Nov 5, 2019, 9:42 PM IST

বিদ্যালয়লৈ যোৱাৰ পৰিৱৰ্তে শিক্ষকজনে অন্য যুৱতীৰ স'তে বন্ধ কোঠাত সোমাই থকাৰ উমান পায় স্থানীয় ৰাইজে ৷ ফলত উত্তম মাধ্যম শোধাই বৰপেটাৰোড আৰক্ষীক গতাই দিয়ে লম্পট শিক্ষক গৰাকীক ৷

বৰপেটাৰোড

বৰপেটাৰোড, 5 নৱেম্বৰঃ শিক্ষা বৃত্তিত কালিমা সানি এগৰাকী শিক্ষকে দশম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা ঘটনাই জোঁকাৰি গৈছে বৰপেটাৰোড ৷ জিলাখনৰ এখন জাতীয় বিদ্যালয়ৰ শিক্ষক ছুলেমান হুছেইনৰ টাৰ্গেত বৰপেটাৰোড ছেণ্ট মেৰিজ হাইস্কুলৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী ৷ ছাত্ৰীগৰাকীক ফুচুলাই নিজ ঘৰলৈ লৈ গৈ যৌন নিৰ্যাতন চলাই ভণ্ড শিক্ষকজনে ৷ সবিশেষ এই প্ৰতিবেদনত...

ছাত্ৰীক যৌন নিৰ্যাতন শিক্ষকৰ
Intro:বৰপেটাৰোড 5 নবেম্বৰ : শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিটোত কালিমা সানি এগৰাকী ভণ্ড শিক্ষকে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা ঘটনাই বৰপেটাৰোডত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বৰপেটাৰোড জাতীয় বিদ্যালয়ৰ এই গৰাকী ভণ্ড শিক্ষক ছুলেমান হুছেইনে উত্তৰ বৰপেটাৰোডৰ ৰাজু পথৰ সমীপৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক স্কুলৰ পৰা ফুচুলাই নি ভণ্ড শিক্ষকজনৰ গৃহত যৌন নিৰ্যাতন চলাই থকাৰ সময়তে ৰাইজে হাতে লোটে ধৰা পেলায় ৷ ছাত্ৰী গৰাকী বৰপেটাৰোড ছেণ্ট মেৰিজ হাই স্কুলত দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল ৷ সোমবাৰে পুৱা ছাত্ৰী গৰাকীৰ পিতৃয়ে নিজ বাইকৰে বৰপেটাৰোড ছেণ্ট মেৰিজ হাই স্কুলৰ সন্মুখত নমাই থৈ গৈছিল ৷ লম্পট চৰিত্ৰৰ শিক্ষক ছুলেমান হুছেইনে ছাত্ৰী গৰাকীক প্ৰলোভন দি নিজৰ গৃহলৈ লৈ যায় ৷ বৰপেটাৰোড জাতীয় বিদ্যালয়ৰ এই গৰাকী লম্পট শিক্ষকে নিজৰ বিদ্যালয়ত পাঠদান কৰাৰ পৰিৱৰ্তে অইন বিদ্যালয়ৰ এগৰাকী ছাত্ৰীকলৈ নিজৰ বাসগৃহৰ বন্ধ কোঠাত যৌন নিৰ্যাতন চলাই থকাৰ উমান পাই স্হানীয় ৰাইজে লম্পট শিক্ষক গৰাকীক উত্তম মাধ্যম শোধাই বৰপেটাৰোড আৰক্ষীক গতাই দিয়ে ৷ বৰপেটাৰোড আৰক্ষীয়ে লম্পট শিক্ষক গৰাকীক মঙ্গলবাৰে বৰপেটা জেললৈ নিক্ষেপ কৰিছে ৷
উল্লেখ্য যে বিগত কিছু বছৰৰ পৰা বৰপেটাৰোড আৰু ইয়াৰ আশে পাশে গঢ় লৈ উঠিছে অসংখ্য ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু উক্ত একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অৰ্হতা নথকা শিক্ষকক নিযুক্তি দিয়াত এনে ধৰনৰ নিকৃষ্ট কাণ্ড সংঘটিত হৈ আছে বুলি সচেতন মহলে মতপোষণ কৰিছে ৷ যধে মধে গঢ়লৈ উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক চৰকাৰে নাকী লগাবলৈ সক্ষম হবনে বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৷
Body:বৰপেটাৰোড 5 নবেম্বৰ : শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিটোত কালিমা সানি এগৰাকী ভণ্ড শিক্ষকে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা ঘটনাই বৰপেটাৰোডত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বৰপেটাৰোড জাতীয় বিদ্যালয়ৰ এই গৰাকী ভণ্ড শিক্ষক ছুলেমান হুছেইনে উত্তৰ বৰপেটাৰোডৰ ৰাজু পথৰ সমীপৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক স্কুলৰ পৰা ফুচুলাই নি ভণ্ড শিক্ষকজনৰ গৃহত যৌন নিৰ্যাতন চলাই থকাৰ সময়তে ৰাইজে হাতে লোটে ধৰা পেলায় ৷ ছাত্ৰী গৰাকী বৰপেটাৰোড ছেণ্ট মেৰিজ হাই স্কুলত দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল ৷ সোমবাৰে পুৱা ছাত্ৰী গৰাকীৰ পিতৃয়ে নিজ বাইকৰে বৰপেটাৰোড ছেণ্ট মেৰিজ হাই স্কুলৰ সন্মুখত নমাই থৈ গৈছিল ৷ লম্পট চৰিত্ৰৰ শিক্ষক ছুলেমান হুছেইনে ছাত্ৰী গৰাকীক প্ৰলোভন দি নিজৰ গৃহলৈ লৈ যায় ৷ বৰপেটাৰোড জাতীয় বিদ্যালয়ৰ এই গৰাকী লম্পট শিক্ষকে নিজৰ বিদ্যালয়ত পাঠদান কৰাৰ পৰিৱৰ্তে অইন বিদ্যালয়ৰ এগৰাকী ছাত্ৰীকলৈ নিজৰ বাসগৃহৰ বন্ধ কোঠাত যৌন নিৰ্যাতন চলাই থকাৰ উমান পাই স্হানীয় ৰাইজে লম্পট শিক্ষক গৰাকীক উত্তম মাধ্যম শোধাই বৰপেটাৰোড আৰক্ষীক গতাই দিয়ে ৷ বৰপেটাৰোড আৰক্ষীয়ে লম্পট শিক্ষক গৰাকীক মঙ্গলবাৰে বৰপেটা জেললৈ নিক্ষেপ কৰিছে ৷
উল্লেখ্য যে বিগত কিছু বছৰৰ পৰা বৰপেটাৰোড আৰু ইয়াৰ আশে পাশে গঢ় লৈ উঠিছে অসংখ্য ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু উক্ত একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অৰ্হতা নথকা শিক্ষকক নিযুক্তি দিয়াত এনে ধৰনৰ নিকৃষ্ট কাণ্ড সংঘটিত হৈ আছে বুলি সচেতন মহলে মতপোষণ কৰিছে ৷ যধে মধে গঢ়লৈ উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক চৰকাৰে নাকী লগাবলৈ সক্ষম হবনে বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৷
Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.