ETV Bharat / state

বৰপেটাত কঠোৰ নিৰাপত্তাৰ মাজেৰে আৰম্ভ ভোট গণনা

author img

By

Published : May 2, 2021, 11:18 AM IST

Barpeta
বৰপেটা

বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে ভোট গণনা প্ৰক্ৰিয়া । জিলাখনৰ বৰপেটা, চেঙা, জনীয়া, সৰুক্ষেত্ৰী বাঘবৰ আৰু সৰভোগ সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে ৷ ভোট গণনাৰ বাবে বৰপেটা জিলা প্ৰশাসনে তিনি তৰপীয়া কঠোৰ নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷

বৰপেটা, ২ মে': পুৱা ৮ বজাৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে ভোট গণনা । ইতিমধ্যে বৰপেটাতো ক'ভিড নিয়ম মানি আৰম্ভ হৈছে সম্পূৰ্ণ ভোট গণনা প্ৰক্ৰিয়া । বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে ভোট গণনা প্ৰক্ৰিয়া । জিলাখনৰ ছয় বিধানসভা সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে ৷ মাধৱ চৌধুৰী মহাবিদ্যালয়ত বৰপেটা, চেঙা, জনীয়া, সৰুক্ষেত্ৰী বাঘবৰ আৰু সৰভোগ সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে ৷ ভোট গণনাৰ বাবে বৰপেটা জিলা প্ৰশাসনে তিনি তৰপীয়া কঠোৰ নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ অতি লেহেমীয়াভাৱে বৰপেটাত গণনাৰ কাম চলি আছে ৷ পোষ্টেল বেলটৰ ষ্ট্ৰং ৰূমৰ দুৱাৰ খোলা হৈছে আৰু পোষ্টেল বেলট গণনাৰ কাম আৰম্ভ হৈছে ।

ইপিনে, বৰপেটাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া মুনীন্দ্ৰ শৰ্মা যোৱা নিশা কৰ'ণাত আক্ৰান্ত হৈছে আৰু উপায়ুক্ত গৰাকীক নিশাই জি এম ছি এইছত ভৰ্তি কৰোৱা হৈছে ৷ জিলা উপায়ুক্ত গৰাকী কৰ'ণাত আক্ৰান্ত হোৱাৰ পিচতেই নিৰ্বাচনী বিভাগে ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ যুটীয়া সচিব টি পি ভূষালক জিলাখনৰ নিৰ্বাচনী বিষয়াৰ দায়িত্ব অৰ্পন কৰিছে ৷

উল্লেখ্য যে, প্ৰতিটো সমষ্টিৰ ভোট গণনাৰ বাবে ১৪ খনকৈ টেবুল থাকিব । এইবাৰ ক'ভিড নিয়ম মানি দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত প্ৰতিটো সম‌ষ্টিৰ গণনা দুটাকৈ কক্ষত অনুষ্ঠিত হৈছে । একোটা কক্ষত সাতখনকৈ টেবুল স্থাপন কৰা হৈছে । গণনাৰ কামত প্ৰায় চাৰিশ বিষয়া কৰ্মচাৰী নিয়োজিত কৰা হৈছে ।

লগতে পঢ়ক: বিসংগতিপূৰ্ণ এন আৰ চি নহয়, এখন শুদ্ধ এন আৰ চিৰ প্ৰয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.