ETV Bharat / state

Al Qaeda in Assam: অল-কায়েদা সন্দৰ্ভত সোধপোচৰ বাবে পুনৰ এজনক আটক

author img

By

Published : Mar 7, 2022, 3:55 PM IST

Al Qaeda in Assam
Al Qaeda in Assam

অল-কায়েদা সন্দৰ্ভত সোধপোচৰ বাবে বৰপেটাত পুনৰ এগৰাকী লোকক আটক (Barpeta police detain madrasa teacher)৷ বৰপেটা আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰা লোকজন হাউলী চহৰৰ হাজীপাৰা গাঁৱৰ মামিনুল ৰচিদ ৷

বৰপেটা ৭ মাৰ্চ : অল-কায়দাৰ সৈতে জড়িত থকাৰ সন্দেহত বাংলাদেশী নাগৰিকসহ বৰপেটাত পাঁচজনলোকক গ্ৰেপ্তাৰ (Five with links with jehadi group arrested in Assam) কৰা ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷ বাংলাদেশী অল-কায়দাৰ লিংক মেন মহম্মদ সুমনৰ লগতে ৫ জেহাদীক গ্ৰেপ্তাৰৰ পিচত হাউলীৰ পৰা পুনৰ এগৰাকী লোকক সোধপোচৰ বাবে আটক কৰিছে আৰক্ষীয়ে (Barpeta police detain madrasa teacher) ৷ বৰপেটা আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰা লোকজন হাউলী চহৰৰ হাজীপাৰা গাঁৱৰ মামিনুল ৰচিদ ৷

মামিনুল ৰচিদ বৰপেটাৰ হাউলীৰ যশিহাটী পাৰা গাঁৱত অৱস্থিত শ্বাইখুল হিন্দ মাহমুদুল হাছান জামিউল হুদা ইছলামিক একাডেমী নামৰ মাদ্ৰাছাখনৰ অধ্যক্ষ ৷ বৰপেটাৰ হাউলীৰ যশিহাটী পাৰা গাঁৱত অৱস্থিত শ্বাইখুল হিন্দ মাহমুদুল হাছান জামিউল হুদা ইছলামিক একাডেমী নামৰ মাদ্ৰাছাখনত ২০১৯ চনৰ পৰাই শিক্ষকতাৰ জৰিয়তে জেহাদৰ জাল পেলোৱাৰ কামত জড়িত আছিল বাংলাদেশী নাগৰিক মহম্মদ সুমন নামৰ অল-কায়দাৰ লিংকমেনটো ৷

অল-কায়েদা সন্দৰ্ভত সোধ পোচৰ বাবে পুনৰ এজনক আটক

মামিনুল ৰচিদ নামৰ মাদ্ৰাছাখনৰ অধ্যক্ষগৰাকীক যোৱা নিশা আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰিছে (Police detained Madrasa teacher for more information) ৷ আৰক্ষী সূত্ৰই জনোৱামতে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই মামিনুল ৰচিদক ৷

ইপিনে বিশ্ব ত্ৰাস জেহাদী সংগঠন অল-কায়দাই বৰপেটাত বাহৰ পাতি অসম তথা ভাৰতত জেহাদৰ জাল পেলোৱাৰ ঘটনাক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ইতিমধ্যে অসম আৰক্ষীৰ বিশেষ শাখাৰ সহযোগত মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদ নামৰ বাংলাদেশী নাগৰিক তথা দুধৰ্ষ অল-কায়দাৰ লিংকমেনটো বৰপেটা আৰক্ষীৰ জালত পৰাৰ পিচতেই পোহৰলৈ আহিছে ভয়াৱহ জেহাদৰ ব্লুপ্ৰিন্টৰ তথ্য ৷

বাংলাদেশৰ ভূমিৰ পৰা সমগ্ৰ ভাৰত উপ-মহাদেশক খলিফা ৰাষ্ট্ৰ হিচাপে গঠনৰ ব্লুপ্ৰিন্ট অনুসৰি ২০১৯ চনৰ পৰাই বৰপেটাত বাহৰ পাতিছিল বাংলাদেশী জেহাদী মহম্মদ সুমনে ৷ অল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQIS ৰ সৈতে প্ৰত্যক্ষভাৱে জৰিত আনছাৰুল ইছলামৰ দুৰ্ধৰ্ষ জেহাদী মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ সম্পৰ্কে অধিক তথ্য লাভৰ বাবেই মামিনুল ৰচিদ নামৰ অধ্যক্ষগৰাকীক সোধপোচৰ বাবে আটক কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, যোৱা শুকুৰবাৰে বৰপেটাৰ হাউলীৰ পৰা বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ আৰাই হাজাৰ থানাৰ অন্তৰ্গত আতাইডি অঞ্চলৰ বাসিন্দা মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদৰ লগতে কলগাছিয়াৰ বালাপথাৰ গাঁৱৰ খাইৰুল ইছলাম, খাৰবালি গাঁৱৰ বাদশ্বাহ চুলেইমান খান, নৌছাদ আলী আৰু হাউলীৰ ঢাকালিয়াপাৰা গাঁৱৰ টাইমুৰ ৰহমান খানক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে ৷

লগতে পঢ়ক : Al Qaeda in Assam: অসমত অল কায়দা, বৰপেটাত ৫ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.