ETV Bharat / state

তাৰাবাৰী আৰক্ষীৰ জালত হাই প্ৰফাইল চোৰ

author img

By

Published : Jun 19, 2021, 5:23 PM IST

বৰপেটা জিলাৰ পৰা অপৰাধ নিৰ্মূল কৰিবলৈ তৎপৰ হৈছে প্ৰশাসন ৷ বৰপেটা আৰক্ষীৰ তৎপৰতাত আটক হৈছে বহু অপৰাধী ৷ শুকুৰবাৰে নিশা বৰপেটাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে তিনিটা চোৰ ৷ লগতে আৰক্ষীয়ে আটকাধীন চোৰকেইটাৰ পৰা জব্দ কৰিছে চুৰিকাৰ্যত ব্যৱহৃত এখন বিলাসী বাহন ৷

তাৰাবাৰী আৰক্ষী চকীত সোমাল বিলাসী বাহনত অহা চোৰ
তাৰাবাৰী আৰক্ষী চকীত সোমাল বিলাসী বাহনত অহা চোৰ

বৰপেটা, ১৯ জুন : ৰাজ্যত অব্যাহত আছে চোৰৰ টিঘিল-ঘিলনি ৷ চোৰৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে ৰাজ্যবাসীৰ ৷ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা কঠোৰ হ’লেও আৰক্ষীয়ে নাকী লগাব পৰা নাই চোৰক ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাত সামগ্ৰিকভাৱে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ চুৰি কাৰ্যত ব্যৱহৃত হৈছে ন ন কৌশল ৷ সমান্তৰালকৈ তৎপৰ হৈছে বৰপেটা আৰক্ষী ৷ সঘনে বৰপেটা আৰক্ষীৰ জালত পৰিছে বহু অপৰাধী ৷

এইবাৰ চোৰে চুৰি কৰিবলৈ ব্যৱহাৰ কৰিছে বিলাসী বাহন ৷ কিন্তু দিন বেয়া আছিল গভাইত চোৰকেইটাৰ ৷ শুকুৰবাৰে বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে তিনিটা গভাইত চোৰ ৷ লগতে আৰক্ষীয়ে চোৰকেইটাৰ পৰা জব্দ কৰিছে এখন বিলাসী বাহন ৷

তাৰাবাৰী আৰক্ষীৰ জালত হাই প্ৰফাইল চোৰ

আৰক্ষী বিষয়া জ্যোতিষ দাসে প্ৰকাশ কৰা অনুসৰি, আটকাধীন চোৰকেইটা হৈছে- চেঙা বেছিমাৰীৰ হামেদ আলী, চেলিম বৰুৱা আৰু চেঙাৰ বিজু আলী ৷ আটকাধীন চোৰ তিনিটা গৰু চুৰি আৰু বৈদ্যুতিক মটৰ চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ৷ এক গোপন খবৰৰ ভিত্তিত তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাসৰ তৎপৰতাত নৈশ তহলদাৰীৰ এটা দলে অভিযান চলাই শুকুৰবাৰে নিশা বাটগাঁও-কদমতলাৰ পৰা খেদি খেদি আটক কৰে তিনি গভাইত চোৰক ৷

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, AS 01 AX 1318 নম্বৰৰ এখন বিলাসী বাহনেৰে গৰু চুৰি কৰাৰ উদ্দেশ্য আহিছিল আটকাধীন চোৰ তিনিটা ৷ আৰক্ষীয়ে জব্দ কৰা বাহনখনৰ পৰা প্লাষ্টিকৰ ৰচী আৰু চুৰি কাৰ্যত ব্যৱহৃত বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে নিশা আৰক্ষীয়ে আটকাধীন হামেদ আলীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পানী তোলা দুটা বৈদ্যুতিক মটৰ ৷ উদ্ধাৰ হোৱা পানী তোলা দুটা বৈদ্যুতিক মটৰ দুটা চুৰি সামগ্ৰী বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷

তাৰাবাৰী আৰক্ষীয়ে এই চুৰি কাৰ্যৰ লগত জড়িত আটকাধীন চোৰ কেইটাৰ বিৰুদ্ধে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ ৷ এই সংক্ৰান্তত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ কিন্তু এইক্ষেত্ৰত আৰক্ষী কিমানদূৰ সফল হয় সেয়া সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: চাৰণৰ গংগা নদীত ডুবিল নাঁও, কথমপি প্ৰাণ ৰক্ষা আৰোহীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.