ETV Bharat / state

Barpeta Addl. SP Pradeep Saikia PC: একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকৰ সহযোগত জামতাৰাৰ চাইবাৰ অপৰাধী চক্ৰই অসমত পেলাইছে জাল

author img

By

Published : Aug 7, 2023, 8:24 PM IST

Barpeta ASP Pradeep Saikia PC
বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ প্ৰদীপ শইকীয়াৰ সংবাদমেল

বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ প্ৰদীপ শইকীয়াৰ সংবাদমেল ৷ ঝাৰখণ্ড সীমান্তৰ জামতাৰাৰ পৰা নিয়ন্ত্ৰণ হৈ আছে চাইবাৰ অপৰাধ চক্ৰ ৷ ফলত আপোনাৰ কষ্টোপাৰ্জিত বেংকত সঞ্চিত ধন লুটি নিছে জামতাৰাৰ পৰা নিয়ন্ত্ৰিত চাইবাৰ অপৰাধী চক্ৰই ৷ বৰপেটা আৰক্ষীয়ে চাইবাৰ অপৰাধৰে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰৰ পিচতে পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য ৷

বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ প্ৰদীপ শইকীয়াৰ সংবাদমেল

বৰপেটা ৭ আগষ্ট: সমগ্ৰ দেশতে সংগঠিত ৰূপত চাইবাৰ অপৰাধীয়ে পেলাইছে জাল ৷ পশ্চিমবংগ আৰু ঝাৰখণ্ড সীমান্তৰ জামতাৰাৰ পৰা নিয়ন্ত্ৰণ হৈ আছে চাইবাৰ অপৰাধ চক্ৰ ৷ অসমৰ বৰপেটাকে ধৰি নামনি অসমৰ একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকৰ সহযোগত জামতাৰাৰ চাইবাৰ অপৰাধী চক্ৰটোৱে কৌশলেৰে অসমত পেলাইছে জাল ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ প্ৰদীপ শইকীয়াই সোমবাৰে সংবাদমেলযোগে সদৰী কৰে এই তথ্য ৷

Barpeta ASP Pradeep Saikia PCBarpeta ASP Pradeep Saikia PC
এটিএম কাৰ্ড

পশ্চিমবংগৰ শিলিগুৰিৰ পৰা চাইবাৰ অপৰাধৰে জড়িত ৩ অভিযুক্তক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচতে পোহৰলৈ আহিছে বহিঃৰাজ্যৰ পৰা নিয়ন্ত্ৰিত হোৱা ভয়াৱহ চাইবাৰ অপৰাধৰ সুনিয়ন্ত্ৰিত অপৰাধৰ তথ্য ৷ ইয়াৰ পাচতেই সোমবাৰে বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে এখন সংবাদমেল আয়োজন কৰি দেশত চলি থকা জামতাৰাৰ চাইবাৰ অপৰাধৰ কেতবোৰ ভয়ানক তথ্য সদৰি কৰে ৷

Barpeta ASP Pradeep Saikia PC
চাইবাৰ অপৰাধী

আৰক্ষী বিষয়াগৰাকীয়ো জনোৱামতে, পাঠশালাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী এগৰাকীৰ একাউন্টৰ পৰা চাইবাৰ অপৰাধীয়ে ২৭ জুলাইত ৩০ লাখ টকা লুট কৰি নিয়া গোচৰৰ তদন্ত চলাই বৰপেটা আৰক্ষীয়ে পশ্চিমবংগৰ শিলিগুৰিৰ পৰা তিনি অভিযুক্ত গ্ৰেপ্তাৰ কৰিছিল ৷ ধৃত তিনিটা ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ পালোজৰি থানাৰ অন্তৰ্গত বাৰামছলি গাঁৱৰ তমেজ উদ্দিন, অংগৱালি গাঁৱৰ মুস্তাকিম মিঞা আৰু আফজল আনচাৰী বুলি চিনাক্ত কৰা হৈছে ৷

গ্ৰেপ্তাৰ হোৱা তিনি অভিযুক্তৰ পৰা আৰক্ষীয়ে ৭ টা মোবাইল ফোন আৰু ১১ খন এ টি এম কাৰ্ড জব্দ কৰে ৷ আৰক্ষীয়ে সদৰি কৰা মতে পশ্চিমবংগৰ চাইবাৰ অপৰাধী চক্ৰৰ সৈতে জড়িত বৰপেটা জিলাৰ কলগাছিয়া বাঘবৰৰ একাংশ যুবক ৷ ইতিমধ্যে এই তিনি অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে বৰপেটাৰ বংশীপুৰ অঞ্চলৰ পৰা জেহেৰুল শিকদাৰ, ৰকি আৰু হাবেলুদ্দিন নামৰ আন তিনি চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে ৷

ভূৱা বেংক একাউন্ট আৰু ATMৰ জৰিয়তে অনলাইনযোগে এই চক্ৰটোৱে গ্ৰাহকৰ একাউন্টৰ পৰা ধন উলিয়াই নিয়ে ৷ আৰক্ষী সূত্ৰই সদৰি কৰা মতে, পশ্চিমবংগ আৰু ঝাৰখণ্ড সীমান্তৰ জামতাৰাৰ এই চাইবাৰ অপৰাধী চক্ৰৰ সৈতে বৰপেটা জিলাৰ কলগাছিয়া আৰু বাঘবৰৰ একাংশ যুৱক প্ৰত্যক্ষভাৱে জড়িত হৈ আছে ৷ বিভিন্ন লোকক প্ৰলোভন দেখুৱাই ভুৱা একাউন্ট আৰু পাচবুকৰ জৰিয়তে সমগ্ৰ দেশতে জাল পেলাই লক্ষ লক্ষ টকা লুট কৰি আহিছে এই অপৰাধী চক্ৰটোৱে ৷

লগতে পঢ়ক: Cyber crime in Assam: ৰাজ্যত বৃদ্ধি বিত্তীয় চাইবাৰ অপৰাধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.