ETV Bharat / state

Chattisgarh Model in Assam: গুজৰাট নহয়; ছত্তিশগড়ৰ আৰ্হি গ্ৰহণ কৰিব ৰণজিৎ দাসৰ যোগান বিভাগে !

author img

By

Published : Jul 24, 2023, 1:12 PM IST

Minister Ranjeet Kumar Dass
বৰপেটাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

ছত্তিশগড়ৰ আৰ্হিত যোগান বিভাগক গঢ় দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা প্ৰকাশ ৰাজ্যৰ যোগানমন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ মন্ত্ৰীজনে কয় যে, আগন্তুক দিনত ৰাজ্যৰ যোগান বিভাগটো নতুন ৰূপত গঢ় দিয়াৰ চেষ্টা কৰা হৈছে ৷

ত্তিশগড়ৰ আৰ্হিত যোগান বিভাগ গঢ় দিয়াৰ চিন্তা-চৰ্চা ৰাজ্য চৰকাৰৰ

বৰপেটা, 24 জুলাই : গুজৰাট নহয়; ছত্তিশগড়ৰ আৰ্হিত গঢ়ি তোলা হ’ব ৰাজ্যৰ যোগান বিভাগ ৷ বৰপেটাত যোগানমন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ঘোষণা ৷ ছত্তিশগড়ত যিদৰে পিডিএছৰ সামগ্ৰী হিতাধিকাৰীৰ ঘৰত যোগান ধৰা হয়, অসমতো ছত্তিশগড়ৰ আৰ্হিত যোগান বিভাগ গঢ় দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰে ৰাজ্যৰ যোগানমন্ত্ৰী গৰাকীয়ে ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সততে গুজৰাট মডেলৰ আদৰ্শ গ্ৰহণ কৰাৰ কথা কৈ অহাৰ বিপৰীতে এইবাৰ গুজৰাটৰ পৰিৱৰ্তে কংগ্ৰেছ নেতৃত্বাধীন ছত্তিশগড়ৰ আৰ্হিত ৰাজ্যৰ যোগান বিভাগ গঢ়ি তোলাৰ চিন্তা-চৰ্চা কৰা হৈছে বুলি ঘোষণা কৰে যোগানমন্ত্ৰী গৰাকীয়ে ৷

মন্ত্ৰীজনে কয় যে, আগন্তুক দিনত ৰাজ্যৰ যোগান বিভাগটো নতুন ৰূপত গঢ় দিয়াৰ চেষ্টা কৰা হৈছে ৷ ছত্তিশগড়ত পিডিএছৰ সামগ্ৰী হিতাধিকাৰীক হোম ডেলিভাৰীৰ জৰিয়তে যোগান ধৰা হয় বুলি মন্তব্য কৰি তেওঁ কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ ইচ্ছা যে, ছত্তিশগড়ৰ আৰ্হিত যাতে আমিও কৰিব পাৰোঁ ৷ হয়তো এতিয়াই সম্ভৱ নহ’ব, তথাপিও ইয়াৰ বাবে বিস্তাৰিত কাৰ্যসূচী লোৱা হৈছে ৷

ইয়াৰ বাবে দেওবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে সমগ্ৰ ৰাজ্যৰ জিলা আয়ুক্ত সকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত মিলিত হয় বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷ তেওঁ কয় যে, ৰাজ্যৰ যি 40 লাখ ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে, এই 40 লাখৰ ভিতৰত বৰ্তমানলৈকে 29 লাখক নিৰ্বাচিত কৰিব পৰিছোঁ ৷ 4 লাখলৈ যিসকলৰ সৰ্বোচ্চ আয় সেইসকলেও এই ৰেচন কাৰ্ডৰ সুযোগ পাব ৷ এই হিতাধিকাৰীসকলে চাউলৰ লগতে 5 লাখ টকাৰ আয়ুস্মান কাৰ্ডও লাভ কৰিব বুলি উল্লেখ কৰে যোগানমন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

একেদৰে ৰাজ্যত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰিয়ালকো খাদ্য সুৰক্ষা যোজনাত সামৰি লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে ৷ তাৰবাবে আইন সংশোধনৰ প্ৰয়োজন হ’ব বুলি কয় মন্ত্ৰীজনে ৷ ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কেইবাবছৰ একেখন জিলাতে কৰ্মৰত যোগান বিভাগৰ 142 গৰাকী বিষয়া-কৰ্মচাৰীক বদলিৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ ৷ অৱশ্যে মহিলা বিষয়া কৰ্মচাৰীসকলক দূৰলৈ বদলিৰ পৰিৱৰ্তে যথাসম্ভৱ ওচৰৰ জিলাসমূহলৈ বদলি কৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷

আনহাতে অসমৰ লগতে সমগ্ৰ দেশত চলি থকা মূল্যবৃদ্ধিক লৈয়ো মন্তব্য ৰণজিৎ কুমাৰ দাসৰ ৷ তেওঁ কয় যে, ভাৰত যিহেতু এখন উন্নয়নশীল দেশ, ইয়াত যোগান আৰু চাহিদাৰ ওপৰত ভিত্তি কিছুমান সামগ্ৰীৰ দাম বাঢ়িছে ৷ অৱশ্যে চাউলক লৈ চিন্তা কৰিব নালাগে কয় তেওঁ ৷ ৰাজ্যৰ 84 শতাংশ লোকেই খাদ্য সুৰক্ষাৰ চাউল লাভ কৰি আছে ৷

অৱশ্যে মুকলি বজাৰত ব্ৰেণ্ডেড চাউলৰ মূল্য বৃদ্ধি হৈছে যদিও প্ৰধানমন্ত্ৰীয়ে চাউলৰ মূল্য নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷ বিদেশলৈ চাউলৰ ৰপ্তানি বন্ধ কৰা হৈছে আৰু অচিৰেই চাউলৰ মূল্য হ্ৰাস পাব ৷ অৱশ্যে দেশৰ বহু চহৰতকৈ অসমত খাদ্য সামগ্ৰী বা পেট্ৰ'ল ডিজেলৰ মূল্য বহু কম বুলি মন্তব্য কৰে যোগানমন্ত্ৰীজনে ৷

কিছুমান সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ দেশৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ লগতো সকলো উদ্বিগ্ন ৷ তাৰ মাজতো যোগানমন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দাবী কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনীতি চম্ভালিবলৈ সক্ষম হৈছে ৷ সম্প্ৰতি বিশ্বৰ অৰ্থনীতিত পঞ্চম স্থানত থকা ভাৰতবৰ্ষই তৃতীয় স্থানলৈ অহাৰ চেষ্টা চলাই আছে ৷ 2047 চনৰ পাছত বিশ্ব অৰ্থনীতিত ভাৰতবৰ্ষই 1 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হ’ব বুলি কয় তেওঁ ৷

ইফালে অসমৰ যুৱ প্ৰজন্মক কৃষিৰ সৈতে জৰিত হোৱাৰ আহ্বান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ পূৰ্বতে বাৰশ টকাত ধান বিক্ৰী কৰিবলগা হৈছিল কৃষকে ৷ কিন্তু এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিম্নতম সমৰ্থন মূল্য ঘোষণা কৰাৰ পাছত কৃষকে সেই ধান 2,040 টকাত বিক্ৰী কৰিবলৈ সক্ষম হৈছে ৷ আনকি অহা বছৰৰ বাবে ধানৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে 2183 টকা ৷

একেদৰে সৰিয়হৰ ক্ষেত্ৰতো চৰকাৰে নিম্নতম সমৰ্থন মূল্য ঘোষণা কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী জনে ৷ কৃষিৰ জৰিয়তে অসমক ভাৰতৰ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান দিব পাৰিব বুলিও আশাবাদী যোগানমন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ তাৰবাবে যুৱক সকলক কৃষিৰ সৈতে জড়িত হোৱাৰ আহ্বান ৰণজিৎ কুমাৰ দাসৰ ৷

লগতে পঢ়ক : Classical Music: ছত্তিশগড়ত সংস্কৃত শিক্ষা, ধনুৰ্বিদ্যা চৰ্চাত ব্যস্ত একাংশ উঃপূৰ যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.