ETV Bharat / state

কংগ্ৰেছৰ ৰাজনীতি লোভৰ ৰাজনীতি, বিজেপিৰ ৰাজনীতি উন্নয়নৰ ৰাজনীতি : বিজেপিৰ মুখপাত্ৰ

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 9:03 PM IST

bjp spokesperson manoj barua
ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱা

কংগ্ৰেছৰ ৰাজনীতি লোভৰ ৰাজনীতি ৷ লোভৰ ৰাজনীতিৰ কোনো স্থান নাই ৷ এই মন্তব্য বিজেপিৰ মুখপাত্ৰৰ ৷ মুখপাত্ৰ মনোজ বৰুৱাই লগতে কয় যে সীমান্তত ভূমিকেন্দ্ৰিক সমস্যাসমূহ কংগ্ৰেছৰ আমোলত সৃষ্টি হৈছিল ৷

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱা

বৰপেটা, ১৯ নৱেম্বৰ : ‘‘ কংগ্ৰেছৰ ৰাজনীতি লোভৰ ৰাজনীতি ৷ তেওঁলোকে লোভৰ ৰাজনীতিয়েই কৰি আহিছে ৷ কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতি হ’ল সকলোকে লৈ কৰা উন্নয়নৰ ৰাজনীতি ৷ সমগ্ৰ দেশতে লোভৰ ৰাজনীতিৰ কোনো স্থান নাই ৷’’ এনেদৰে মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰ মনোজ কুমাৰ বৰুৱাই ৷

বৰুৱাই কয় যে ভূপেন বৰাৰ লগতে কংগ্ৰেছ নেতৃত্বই বিজেপি মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ তথ্যৰে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি আহিছে ৷ দেওবাৰে বৰপেটাত উপস্থিত হৈ মনোজ বৰুৱাই ভূপেন বৰাৰ লগতে কংগ্ৰেছৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ পৰি অসমৰ সীমা সমস্যা কংগ্ৰেছৰ সৃষ্টি বুলি মন্তব্য কৰে ৷

তেওঁ কয় যে সীমান্তত ভূমিকেন্দ্ৰিক সমস্যাসমূহ কংগ্ৰেছৰ আমোলত সৃষ্টি হৈছিল ৷ কংগ্ৰেছৰ আমোলত সৃষ্টি হোৱা ৰাজ্য, বিশেষকৈ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত সীমা বিবাদ অত্যধিক বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ৷ ৰাজ্যসমূহ গঠনৰ সময়ত কংগ্ৰেছে উদ্দেশ্যপ্ৰণোদিতভাৱে বিভাজনৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে মনোজ বৰুৱাই ৷ আনকি ভাৰত-বাংলাদেশ সীমা সমস্যাৰ সৈতেও পূৰ্বৰ কংগ্ৰেছ চৰকাৰ জড়িত বুলি মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰ মনোজ কুমাৰ বৰুৱাই ৷

বিজেপি চৰকাৰে সীমা সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে ৷ ইপিনে ভূপেন বৰাক লোভীয়া ৰাজনীতিবিদ বুলি আখ্যা দি তেওঁ কয় যে ভাৰতবৰ্ষৰ জনসাধাৰণে অনাগত দিনত পুনৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষত বিজেপি চৰকাৰ গঠন কৰাটো নিশ্চিত ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰজোঁটে সৰ্বাত্মক প্ৰস্তুতি অব্যাহত ৰখা বুলি মন্তব্য কৰে মনোজ বৰুৱাই ৷ বৰুৱাই লগতে কয় যে কংগ্ৰেছ দল নামতহে থাকিব, কিন্তু কোনো প্ৰাসংগিকতা নাথাকিব ৷

লগতে পঢ়ক : ডিফুত একেলগে ৬৯০ গৰাকী ব্যক্তিয়ে যোগদান কৰিলে কংগ্ৰেছত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.