ETV Bharat / state

Sattriya artist felicitated:সত্ৰীয়া শিল্পী মনোজ কুমাৰ দাসক সম্বৰ্ধনা

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 4:05 PM IST

G20 Summit cultural programme
জি ২০ সন্মিলনত অসমৰ কলা কৃষ্টি

দিল্লীত অনুষ্ঠিত জি ২০ সন্মিলনে বিশ্বত ভাৰতৰ সুনাম বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতে সফলভাৱে অনুষ্ঠিত কৰা জি ২০ সন্মিলনক লৈ সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰনেতাসকলে ভাৰতক লৈ প্ৰশংসাত পঞ্চমুখ হৈছে ৷

জি ২০ সন্মিলনত অসমৰ কলা কৃষ্টি

বৰপেটা, ১৫ ছেপ্টেম্বৰঃ দিল্লীত অনুষ্ঠিত জি ২০ সন্মিলনত দেশৰ বিভিন্ন ৰাজ্যৰ ৭৮ গৰাকী বাদ্যশিল্পীয়ে একেলগে ভাৰতীয় শাস্ত্ৰীয় সংগীত, কৰ্ণাটকী সংগীত, বৰগীত, লোকসংগীত প্ৰদৰ্শন কৰি সমাদাৰ লাভ কৰে ৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় আৰু সংগীত নাটক অকাডেমীৰ বিশেষ আমন্ত্ৰণত খোল বাদ্যৰ শিল্পী বৰপেটাৰ মনোজ কুমাৰ দাসে লোক সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰে । বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান সকলৰ বাবে আয়োজন কৰা বিবিধ অনুষ্ঠানৰ মাজত পৰিবেশন কৰা ভাৰতীয় বাদ্য শিল্পীৰ অনবদ্য অনুষ্ঠান 'গন্ধৰ্ব আতোধ্যায়'ত তেওঁ অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Sukur Ali detained: মাংস লৈ আহোঁতেই আগমণিত ৰাইজে বেৰি ধৰিলে শুকুৰ আলীক; গটালে আৰক্ষীক

দেশৰ ৭৮ গৰাকী পণ্ডিত শিল্পীৰ সৈতে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে সত্ৰনগৰী বৰপেটাৰ সত্ৰীয়া শিল্পী মনোজ কুমাৰ দাসৰ লগতে অসমৰ আন এগৰাকী লোক সংগীত শিল্পী দিলীপ হীৰাই ৷ অসমৰ খোলবাদ্য, ডগৰ, হোলীঢোল, ঢোল, পেপা গগনাকে আদি কৰি শাস্ত্ৰীয় আৰু লোকসংগীতৰ বাদ্য প্ৰদৰ্শনৰ জৰিয়তে আমাৰ দেশৰ সমৃদ্ধ সংগীত শিল্পক বিশ্বৰ সন্মুখত তুলি ধৰিবলৈ সক্ষম হোৱা ভাৰতৰ সংগীত শিল্পীসকলৰ অন্যতম শিল্পী মনোজ কুমাৰ দাসক বৃহস্পতিবাৰে সন্ধিয়া বৰপেটাত সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক:Riniki Bhuyan Sarma land scam: মুখ্যমন্ত্ৰী পত্নীৰ 10 কোটিৰ ৰাজসাহাৰ্য বিতৰ্ক; অভিযোগ প্ৰমাণিত হ’লে ৰাজহুৱা জীৱনৰ পৰা পদত্যাগ কৰিব মুখ্যমন্ত্ৰীয়ে

সংগীত নাটক অকাডেমীৰ বিছমিল্লাহ খাঁ যুৱ বঁটা প্ৰাপক বৰপেটাৰ মনোজ কুমাৰ দাসক অকাডেমী অৱ খোলবাদ্যৰ শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ উদ্যোগত আৰু বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ সহযোগত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সমগ্ৰ বিশ্বৰ বহু ৰাষ্ট্ৰ নেতাই অংশগ্ৰহণ কৰা জি 20 অনুষ্ঠানটোত অংশ লৈ অসম তথা সত্ৰনগৰী বৰপেটাক গৌৰৱান্বিত কৰি তোলা মনোজ কুমাৰ দাসে শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ পৰা এনেদৰে সম্বৰ্ধনা লাভ কৰি অতি সুখী হোৱা বুলি মন্তব্য কৰে ।

লগতে পঢ়ক:G20 Summit cultural programme:জি ২০ শীৰ্ষ সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত প্ৰদৰ্শিত হ’ব অসমৰ কলা-কৃষ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.