ETV Bharat / state

বৰপেটাত ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

author img

By

Published : Sep 25, 2020, 10:47 AM IST

বৰপেটাৰ পালহাজীৰ পৰা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰা হয় ইমৰাণ খণ্ডকাৰ আৰু মহিদুল হুছেইন নামৰ দুজন ড্ৰাগছ ব্যৱসায়ীক ৷ ব্যৱসায়ী দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ব্ৰাউন চুগাৰ ভৰ্তি ১০ টা কন্টেইনাৰ ৷

Arrested drug paddler_with brown sugar in Barpeta
বৰপেটাত ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

বৰপেটা,25ছেপ্টেম্বৰ: নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বৰপেটাত অভিযান অব্যাহত থকাৰ সময়তে জিলাখনৰ পালহাজীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দুটা ড্ৰাগছ ব্যৱসায়ীক ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা বহৰিৰ ফুলবাৰী গাঁৱৰ ইমৰাণ খণ্ডকাৰ আৰু মহিদুল হুছেইন বুলি চিনাক্ত কৰা হৈছে ৷ ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ব্ৰাউন চুগাৰ ভৰ্তি ১০ টা কন্টেইনাৰ ৷

Arrested drug paddler_with brown sugar in Barpeta
বৰপেটাত ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

প্ৰাপ্ত তথ্য অনুসৰি, বহৰিৰ পৰা পালহাজীলৈ আহি থকা অৱস্থাত এএছ15 এম 0696 নম্বৰৰ পালচাৰ মটৰ চাইকেলসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী দুটাক ৷ সীমান্ত শাখাৰ আৰক্ষী অধীক্ষক ভূৱনেশ্বৰ ডেকা আৰু বৰপেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ দাসে অভিযান চলাই বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰে ব্যৱসায়ী দুটাক ৷

বৰপেটাত ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

উল্লেখ্য যে, বৰপেটাত ক্ৰমাৎ বৃদ্ধি পাইছে ড্ৰাগছ ব্যৱসায় ৷ এই ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ১০ দিনৰ ভিতৰত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ আৰু নিচাযুক্ত টেবলেটসহ ৫ টা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

অন্য এক খবৰৰ বাবে:মৰিগাঁৱত উন্মোচন তিনিখন গ্ৰন্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.