ETV Bharat / state

Erosion in Kalgachia: সংখ্যালঘু প্ৰধান এলেকা হোৱাৰ বাবেই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নাই; আমছু

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 10:22 PM IST

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰঝাহী আৰু বলাইপাথাৰত বেঁকী নৈৰ প্ৰৱল খহনীয়া । খহনীয়া প্ৰতিৰোধ নোহোৱাত ক্ষোভ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ।

Severe erosion of Banki River
বেঁকী নৈৰ প্ৰৱল খহনীয়া

বেঁকী নৈৰ প্ৰৱল খহনীয়া

জনীয়া, ১৭ ছেপ্টেম্বৰ: "কলগাছিয়াত সংখ্যালঘু প্ৰধান এলেকা হোৱাৰ বাবেই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হোৱা নাই । আজি মানুহে নিৰাপত্তাহীনতাত ভোগিছে । ক্ষতিগ্ৰস্ত মানুহক নিৰাপদ স্থানত লৈ যাব লাগে । প্ৰায় আঢ়ৈশ পৰিয়াল কত আছে সেই তথ্য জিলা প্ৰশাসনৰ হাতত নাই,’’এই মন্তব্য সদৌ অসম সখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ।

বিগত কেইবাদিন ধৰি বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰঝাহী আৰু বলাইপাথাৰত হৈ থকা বেঁকী নৈৰ প্ৰৱল গৰখহনীয়া আজি পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

উল্লখ্যে যে কাউৰঝাহী আৰু বলাইপাথাৰত হৈ থকা বেঁকী নৈৰ প্ৰৱল খহনীয়াত ইতিমধ্য জাহ গৈছে দুই শতাধিক পৰিয়ালৰ লগতে কলগাছিয়া-বেচিমাৰী গৰকাপ্তানী পথ । এক মিটাৰ খহনীয়া হ'লে বেঁকী নৈত জাহ যাব কেইবামহলীয়া বলাইপাথাৰ মদিনা মছজিদটো । ইয়াৰ পিচতো বিভাগীয় কৰ্তৃপক্ষৰ লগতে বৰপেটা জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি ক্ষোভেৰে কয় ।

ইফালে, বৰপেটা জিলা প্ৰশাসনে কাম আৰম্ভ কৰিছে যদিও নাই শ্ৰমিক, নাই নাও । যাৰ বাবে বন্ধ হৈ আছে গৰাখহনীয়া প্ৰতিৰোধৰ কাম । আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ উপস্থিত হোৱাৰ পিছতেই জিলা প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি মছজিদৰ সন্মুখত বহি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰে । তেওঁ অতি সোনকালে যদি বৰপেটা জিলা প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষই গৰখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰে তেন্তে বৰপেটা জিলা বন্ধৰ কাৰ্যসূচী হাতত লোৱাৰ লগতে আমৰণ অনশন কৰিব বুলি হুংকাৰ দিয়ে ।

ইফালে, বিধায়ক, সাংসদ বা সংখ্যালঘু জনপ্ৰতিনিধিয়ে যদি বিভাগীয় মন্ত্ৰী বা জিলা প্ৰশাসনক মনাব পৰা নাই তেন্তে বিভাগীয় কৰ্তৃপক্ষই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আমছুৱে গ্ৰহণ কৰা কাৰ্যসূচীত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে বা সংখ্যলাঘু জনপ্ৰতিনিধি সকলে অংশগ্ৰহণ কৰিবনে নাই সেয়া স্পষ্ট কৰিবলৈ আহ্বান জনায় ৰেজাউল কৰিম সৰকাৰে । তেওঁ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাকো এই অঞ্চলটো পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় ।

লগতে পঢ়ক:EWS Quota in Assam: আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে চৰকাৰী চাকৰিত পুনৰ সংৰক্ষণৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.