ETV Bharat / state

Covid cases increased in Barpeta: বৰপেটাত সকলো ৰাজহুৱা অনুষ্ঠান বাতিল

author img

By

Published : Jan 11, 2022, 8:26 PM IST

Covid cases increased in Barpeta
বৰপেটাত সকলো ৰাজহুৱা অনুষ্ঠান বাতিল

অসমৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাত বৃদ্ধি হৈছে ক'ভিড ৰোগীৰ সংখ্যা । যাৰ বাবে প্ৰশাসনে জিলাখনত সকলো অনুষ্ঠান বাতিল কৰিছে (All public events cancelled in Barpeta)। ১০ জানুৱাৰীৰ পূৰ্বে প্ৰদান কৰা অনুষ্ঠানৰ অনুমতি বাতিল কৰা হৈছে ।

বৰপেটা,১১ জানুৱাৰী : দেশত ক'ভিডৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Covid cases increased in India)। অসমৰ ভিন্ন জিলাতো ক'ভিড সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হৈছে । অসম চৰকাৰে প্ৰকাশ কৰা ক'ভিড এছ অ' পি পালনৰ ক্ষেত্ৰত কঠোৰ হৈছে জিলা প্ৰশাসন । ইয়াৰ মাজতে কঠোৰ হৈছে বৰপেটা জিলা প্ৰশাসন । বৰপেটাত বাতিল হৈছে সকলো ধৰণৰ ৰাজহুৱা সভা, মেলা, ধৰ্মীয় উৎসৱ আদি (All public events cancelled in Barpeta)।

১০ জানুৱাৰীৰ পূৰ্বে প্ৰদান কৰা সকলো অনুমতি বাতিল কৰিছে প্ৰশাসনে । জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো ৰাজহুৱা অনুষ্ঠান বাতিলৰ নিৰ্দেশ দিছে । জিলাখনত ক’ভিড বিধি সম্পৰ্কীয় নতুন নিৰ্দেশনা জাৰি উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ (New COVID SOP in Barpeta) ৷ এই নতুন নিৰ্দেশনা মতে, ইতিপূৰ্বে প্ৰদান কৰা গ্ৰন্থমেলা,বাণিজ্য মেলা,আনন্দ মেলা,পূজা,সভা আদিৰ অনুমতি বাতিল জিলা প্ৰশাসনৰ ৷

Covid cases increased in Barpeta
বৰপেটাত সকলো ৰাজহুৱা অনুষ্ঠান বাতিল

পূৰ্বৰ অনুমতিৰ ভিত্তিত ১১ জানুৱাৰীৰ পিচত অনুষ্ঠিত কৰিব নোৱাৰিব গ্ৰন্থমেলা, বাণিজ্য মেলা,পূজা,সভা ইত্যাদি ৷ ১১ জানুৱাৰীৰ পিচত সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা নতুনকৈ ল'ব লাগিব অনুমতি ৷ বিগত ২৪ ঘণ্টাত কভিডত আক্ৰান্ত হয় জিলাখনৰ ৪৭ গৰাকী লোক ৷ ক’ভিডৰ সংক্ৰমণ অধিক বৃদ্ধিৰ আশংকাত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ জিলা প্ৰশাসনৰ ৷

লগতে পঢ়ক : ভোগালী বিহুৰ বাবে ৰাজ্য চৰকাৰে শিথিল কৰক এছ অ’ পি : গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.