ETV Bharat / state

ভোগালী বিহুৰ বাবে ৰাজ্য চৰকাৰে শিথিল কৰক এছ অ’ পি : গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতি

author img

By

Published : Jan 11, 2022, 5:12 PM IST

ভোগালী বিহু আয়োজনত সুবিধা হোৱাকৈ ৰাজ্য চৰকাৰক কৰ’ণাৰ এছ অ’ পি (COVID curfew relaxation during Magh Bihu) শিথিল কৰাৰ আহ্বান ৷ সোমবাৰে এক সংবাদমেলযোগে চৰকাৰলৈ এই আহ্বান গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিৰ ৷

Night curfew during bogali bihu
শিথিল কৰক কৰ’ণাৰ এছ অ’ পি

গুৱাহাটী,১০ জানুৱাৰী : "অসমীয়া জাতীয় উৎসৱ ভোগালী বিহু আয়োজনত সুবিধা হোৱাকৈ ৰাজ্য চৰকাৰে কৰ’ণাৰ এছ অ’ পি শিথিল কৰক (COVID curfew relaxation during Magh Bihu) । ৩১ ডিচেম্বৰত কৰ’ণা নীতি-নিৰ্দেশনা শিথিল আছিল ৷ সেইদিনাৰ দৰে নহ’লেও অন্তত নিশা ১০ বজাৰ পৰিৱৰ্তে ১২ বজালৈ আৰু পুৱা ৫ বজালৈ সান্ধ্য আইন শিথিল কৰিব লাগে" ৷ এইদৰে সোমবাৰে এক সংবাদমেলযোগে চৰকাৰক দাবী জনাই গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিয়ে ।

শিথিল কৰক কৰ’ণাৰ এছ অ’ পি

যি সময়ত মানুহৰ সমাগম নাইকিয়া হ'ব, তেনে সময়ত দিয়া হৈছে সান্ধ্য আইন আৰু মানুহ সমাগম হোৱা সময়ত সকলো মুকলি । কৰ’ণা যদি নিয়ন্ত্ৰণ বাহিৰত গৈছে, তেন্তে চৰকাৰে লকডাউন দি দিয়ক । মানুহৰ সমাগম নোহোৱা সময়ত সান্ধ্য আইন দিলে কিদৰে কৰ’ণাৰ সংক্ৰমণ হ্ৰাস হ'ব । চৰকাৰক এইদৰে প্ৰশ্ন কৰে সদৌ গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতি (Guwahati bihu coordination committee) সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হকে ।

নিশা ভাগত মানুহ, গাড়ী-মটৰ সাধাৰণতে কম হয়, গতিকে তেনে সময়ত সান্ধ্য আইনৰ প্ৰযোজনেই নাই বুলি মন্তব্য কৰে সদৌ গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিৰ বিষয়ববীয়া সকলে ।

আনহাতে, ‘‘কৰ’ণাৰ নীতি-নিৰ্দেশনা সাধাৰণ মানুহে ঠিকেই মানে, কিন্তু ঘোষণা কৰা সকলেহে বিভিন্ন সময়ত পালন কৰা নাই কৰ’ণাৰ নীতি-নিৰ্দেশনাসমূহ’’ । এই মন্তব্য সদৌ গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিৰ বিষয়ববীয়া সকলৰ ৷ সংবাদমেলত গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতি সভাপতি ৰঞ্জন বৰাই কয় যে, ‘‘কৰ’ণাৰ বাবে ৰঙালী বিহু এবছৰ উদযাপন কৰা নাই । পৰিস্থিতি সাপেক্ষে তাকো কৰিম, কিন্তু বৰ্তমান পৰিস্থিতিত তেনে হোৱা নাই’’ ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভোগালী বিহু ভোজ-ভাত নিশা ১০ বজাৰ পূৰ্বেই খাই ঘৰত যাব লাগিব বুলি ঘোষণা কৰিছিল (Night curfew during bogali bihu announce by Assam CM) । ইয়াৰ উপৰিও ভেলা ঘৰত কোনো থাকিব নোৱাৰিব বুলি স্পষ্টকৈ উল্লেখ কৰিছিল । মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য বিৰুদ্ধে সমগ্ৰ ৰাজ্যত আৰম্ভ হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ।

সেই প্ৰতিক্ৰিয়া স্বৰূপে সোমবাৰে গুৱাহাটী শিলপুখুৰী ৰাজহুৱা নামঘৰতো আয়োজন কৰা হৈছিল এক সংবাদমেলৰ ৷ এই সংবাদমেলত উপস্থিত থাকে সমিতি উপ-সভাপতি হেমেন্দ্ৰ ডেকা, যুটীয়া সম্পাদক অজয় তালুকদাৰ আৰু বিষয়ববীয়া সকল ৷

লগতে পঢ়ক : Covid 19 cases increase in Assam : ৰাজ্যত নতুনকৈ 2198 গৰাকী লোক কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.