ETV Bharat / state

AGP meeting in Barpeta:লোকসভাত আমাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিম :অতুল বৰা

author img

By

Published : May 21, 2023, 5:13 PM IST

AGP meeting in Barpeta
বৰপেটাত অগপৰ কৰ্মীসভা

বৰপেটাত অগপৰ কৰ্মীসভা সম্পন্ন । সমষ্টিৰ পুননিৰ্ধাৰণৰ পিছতহে অগপই কিমানখন আসনত প্ৰতিদ্বন্দিতা কৰিব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্তব্য় অগপ সভাপতি অতুল বৰাৰ (AGP president Atul Bora)।

বৰপেটাত অগপৰ কৰ্মীসভা

বৰপেটা, ২১ মে':বৰপেটাত দেওবাৰে অনুষ্ঠিত হয় অগপৰ কৰ্মীসভা (AGP meeting in Barpeta)। সমাগত লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টি দখলৰ বাবে তৎপৰ হৈছে আঞ্চলিক দল অগপ । আজি বৰপেটাত ৫ সহস্ৰাধিক কৰ্মীক লৈ দলীয় কৰ্মীসভা অনুষ্ঠিত কৰি অগপই প্ৰদৰ্শন কৰিলে জিলাখনত থকা সাংগাঠনিক শক্তি । বৰপেটাৰ জিলা পুথিভঁড়ালত অনুষ্ঠিত আজিৰ দলীয় কৰ্মীসভাত অগপ সভাপতি অতুল বৰাই কয় যে দলটোৱে প্ৰতিনিধিত্ব নিশ্চিত কৰিলৈ সংকল্পবদ্ধ ।

দলীয় কৰ্মীসভাত অগপ সভাপতি অতুল বৰাই পুনৰ কয়,"লোকসভাত আমি আমাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিম (AGP workers meeting at Barpeta)। সেই লক্ষ্য লৈ আমি কাম কৰিছো । দললৈ নতুন তেজৰ আমদানি হৈছে ।" শিপাত সাৰ-পানী দিবলৈ তেওঁ দলীয় কৰ্মীক আহ্বান জনায় । অগপ সভাপতি অতুল বৰাই সমষ্টি পুনৰনিৰ্ধাৰণ সন্দৰ্ভত কয় যে সমষ্টিৰ পুননিৰ্ধাৰণৰ পিছতহে অগপই কিমানখন আসনত প্ৰতিদ্বন্দিতা কৰিব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব । অগপই সকলো সমষ্টিতে সমভাৱে সাংগঠনিক কাম-কাজ চলাই থকা বুলি মন্তব্য় কৰে অগপ সভাপতিগৰাকীয়ে ।

ইপিনে,মহাজোঁট সন্দৰ্ভত অতুল বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"ক'ত কিহৰ মহাজোঁট? মহাজোঁটৰ অংশীদাৰ দলসমূহ কংগ্ৰেছেই সৃষ্টি কৰা দল । অগপক গালি পাৰি সেই দলবোৰৰ জন্ম হৈছে । মহাজোঁটত কেৱল দলকেইটাহে থাকিব, কিন্তু মানুহ নাথাকিব । মানুহ এতিয়া বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ লগত আছে ।" আনহাতে,সদ্য সমাপ্ত কৰ্ণাটক নিৰ্বাচনৰ ফলাফলক লৈ অতুল বৰাই মন্তব্য কৰি কয় যে কোনোবাখন ৰাজ্যত ক্ষমতালৈ আহিলেই কেন্দ্ৰতো চৰকাৰ সলনি হ'ব বুলি কোনো ৰাজনৈতিকভাৱে সচেতন লোকে চিন্তা নকৰে ।

সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত বৰপেটাত অনুষ্ঠিত এই দলীয় সভাত দলৰ জ্য়েষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা,কমলা কলিতা,কুমাৰ দীপক দাস,সত্যব্ৰত কলিতা,ডাঃ তাৰাপ্ৰসাদ দাস,ভুপেন ৰায়,গুনীন্দ্ৰ নাথ দাস,ড৹ তপন দাস প্ৰমুখ্যে কেন্দ্ৰীয় কেবাগৰাকীও শীৰ্ষ নেতৃত্ব উপস্থিত থাকে । অগপৰ আজিৰ এই কৰ্মীসভাই স্বাভাৱিকতে এক তাৎপৰ্য বহন কৰিছে । একপ্ৰকাৰ অগপই স্পষ্ট কৰিছে সমাগত লোকসভা নিৰ্বাচনত বৰপেটাত সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ কথা ।

লগতে পঢ়ক:Cattle farmers deprived in Lakhimpur:এজন কৰ্মচাৰীয়ে চলাইছে ঘূণাসুতিৰ একমাত্র পশু চিকিৎসা কেন্দ্র

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.