Cattle farmers deprived in Lakhimpur:এজন কৰ্মচাৰীয়ে চলাইছে ঘূণাসুতিৰ একমাত্র পশু চিকিৎসা কেন্দ্র

author img

By

Published : May 21, 2023, 3:14 PM IST

Ghunasuti Veterinary Centre

লখিমপুৰৰ ঐতিহাসিক ঘূণাসুতিৰ একমাত্র পশু চিকিৎসা কেন্দ্র ৪৫ বছৰ উকলি যোৱাৰ পাচতো এবাৰো নহ'ল মেৰামতি। বৃহত্তৰ ঘূণাসুতিত পশু চিকিৎসা কৰে মাথো এজন কৰ্মচাৰীয়ে (Ghunasuti Veterinary Centre )। কৃষি,পশুপালনেৰে অৰ্থনীতি নিৰ্ভৰ ঘূণাসুতিত এতিয়া পশু চিকিৎসাৰ নামত চলিছে ভেকোভাওনা ।

ঘূণাসুতি প্ৰাথমিক পশু চিকিৎসা কেন্দ্ৰ

লখিমপুৰ, ২১ মে: লখিমপুৰ জিলাৰ ঘূণাসুতি প্ৰাথমিক পশু চিকিৎসা কেন্দ্ৰৰ বিধ্বস্ত ৰূপত ক্ষুব্ধ হৈছে স্থানীয় ৰাইজ (Dilapidated Veterinary Centre in Ghunasuti)। পশু চিকিৎসাৰ নামত ভেঙুচালি কৰা হৈছে বৃহত্তৰ ঘূণাসুতিবাসীক । লখিমপুৰৰ ঐতিহাসিক ঘূণাসুতিত চৰকাৰীভাৱে দশকৰ পাছত দশক ধৰি বঞ্চনা অবহেলা কৰি অহা হৈছে । এই অঞ্চলটো যাতায়াত,শিক্ষা,পানী যোগান,বিদ্যুৎ আদি সকলো দিশতে চৰম অৱহেলিত হৈ আছে । শেহতীয়াকৈ উন্মোচিত হৈছে পশু চিকিৎসাৰ ক্ষেত্রত ঘূণাসুতিবাসীক কৰা চৰম বঞ্চনাৰ নিদর্শন ।

বৃহত্তৰ ঘূণাসুতি অঞ্চলৰ ৰাইজ মূলতঃ কৃষিজীৱী । কৃষি,পশু পালনেই ঘূণাসুতিবাসীৰ মূল জীৱিকা অৰ্জনৰ পথ । কিন্তু চৰকাৰীভাৱে ঘূণাসুতিৰ পশু চিকিৎসাৰ ব্যবস্থা দেখিলে হতবাক হ'ব লাগিব । বৃহত্তৰ ঘূণাসুতি অঞ্চলত থকা একমাত্র পশু চিকিৎসা কেন্দ্রটো স্থাপনৰ দুকুৰি বছৰ উকলি যোৱাৰ পাচতো এবাৰো মেৰামতি হোৱা নাই । মাত্র এজন ক্ষেত্রকৰ্মীৰ বাদে দ্বিতীয়জন কোনো কৰ্মচাৰীও নাই এই চিকিৎসা কেন্দ্রটোত । বৰষুণ দিলেই কেন্দ্রটোৰ ভিতৰত ভৰ্তি হৈ থাকে বৰষুণৰ পানী । ফলত নষ্ট হয় পশু ধনৰ ঔষধ । হাত ধুবলৈও পানী যোগানৰ ব্যৱস্থা নাই চিকিৎসা কেন্দ্ৰটোত ।

১৯৭৮ চনতে স্থাপন কৰা চিকিৎসা কেন্দ্রটোৰ গৃহসমূহ এতিয়া ভূত বাংলোলৈ পৰ্যবসিত হৈছে । চিকিৎসা কেন্দ্ৰত চকীদাৰ নথকাৰ অভিযোগ কৰি শীঘ্ৰে এজন চকীদাৰ নিয়োগ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে । কাৰণ চকীদাৰ নথকা বাবে ক্ষেত্রৰ দায়িত্বত থকা হৰেণ হাজৰিকাই গাঁৱে গাঁৱে পশু চিকিৎসা কৰিবলৈ ওলাই যোৱাৰ সময়ত কেন্দ্রটো বন্ধ হৈ পৰে । যাৰ বাবে ৰাইজে অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয় ।

উল্লেখযোগ্য যে ঘূণাসুতিত একমাত্ৰ পশুধনৰ বাবে পশু চিকিৎসাৰ কেন্দ্ৰস্থল হৈছে এইখন ঘূণাসুতি প্ৰাথমিক পশু চিকিৎসা কেন্দ্ৰ। গ্ৰামাঞ্চলৰ লোকসকলে পশুপালন, কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে । কিন্তু এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগৰ চৰম বঞ্চনা প্ৰতিফলিত হৈছে । পশুধনৰ চিকিৎসাৰ কাৰণে এই চিকিৎসা কেন্দ্ৰৰ অতি কৈ প্ৰয়োজন যদিও দেখিও নেদেখাৰ ভাও জুৰি আছে সংশ্লিষ্ট বিভাগ তথা চৰকাৰে । ১৯৭৮ চনতে স্থাপন কৰি আজি পৰ্যন্ত মেৰামতি বা উন্নত ধৰণে গৃহ সমুহ নিৰ্মাণ নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । এইখন চৰকাৰে যিমানেই উন্নয়নৰ ঢাক ঢোল বজাওক কিয় আজিও উন্নয়নৰ মুখ দেখা নাই ঘূণাসুতবাসীয়ে ।

লগতে পঢ়ক:Assam student death in IIT Kharagpur: ডিব্ৰুগড়ত উপস্থিত তদন্তকাৰী দল: কবৰৰ পৰা উলিওৱা হ’ব ফাইজানৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.