ETV Bharat / state

Atul Bora at AGP foundation day: অগপ শক্তিশালী হ’লেহে আঞ্চলিকতাবাদ শক্তিশালী হ’ব: অতুল বৰা

author img

By

Published : Oct 14, 2022, 5:07 PM IST

Updated : Oct 14, 2022, 9:08 PM IST

অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অগপ ৷ অগপ শক্তিশালী হ’লেহে আঞ্চলিকতাবাদ শক্তিশালী হ’লেহে অসমৰ স্বাৰ্থ সুৰক্ষিত হ’ব ৷ বৰপেটাত আয়োজিত অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত (AGP foundation day celebrated in Barpeta) উপস্থিত হৈ এই মন্তব্য কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ৷

AGP is the only regional political party of Assam
অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অগপ : অতুল বৰা

বৰপেটা ১৪ অক্টোৱৰ : ‘‘অসম গণ পৰিষদ হৈছে অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল (AGP is the only regional political party of Assam) ৷ অগপ শক্তিশালী হ’লেহে আঞ্চলিকতাবাদ শক্তিশালী হ’ব আৰু আঞ্চলিকতাবাদ শক্তিশালী হ’লেহে অসমৰ স্বাৰ্থ সুৰক্ষিত হ’ব ৷’’ শুকুৰবাৰে বৰপেটাত আয়োজিত অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত হৈ এই মন্তব্য কৰে অগপৰ সভাপতি অতুল বৰাই ৷

অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অগপ : অতুল বৰা

এই সভাতে তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ মাটিৰ পৰা কংগ্ৰেছ উৎখাত হ’ব বুলিও মন্তব্য কৰে ৷ লগতে যিকেইটা সমষ্টি অগপ মিত্ৰজোঁটৰ হাত নাই সেইকেইটা সমষ্টি উদ্ধাৰৰ চেষ্টা চলাব অগপই ৷ ইয়াৰ উপৰিও বৰপেটা আসনখনৰ ওপৰতো অগপই চকু ৰাখিছে বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰী তথা অগপৰ সভাপতিগৰাকীয়ে ৷

আনহাতে, এই সভাতে মন্ত্ৰীগৰাকীয়ে তীব্ৰ ভাষাৰে কটাক্ষ কৰে অজিত কুমাৰ ভূঞাক ৷ তেওঁ লগতে ২১ ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত কেবাটাও নতুন ৰাজনৈতিক দল গঠন হোৱাৰ কথা উল্লেখ কৰি অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠন হোৱা অসম জাতীয় দলৰ নাম সলনি কৰি ভূঞা ট্ৰাষ্ট দল কৰাৰ আহ্বান জনায় ৷

AGP is the only regional political party of Assam
অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী

উল্লেখ্য যে, শুকুৰবাৰে বৰপেটা পৌৰসভাৰ খেল পথাৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী (AGP foundation day celebrated in Barpeta) ৷ এই কাৰ্যসূচীত অগপৰ সভাপতি অতুল বৰাই পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুকলি কৰে ৷ এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সভাপতিত্ব কৰে মন্ত্ৰী অতুল বৰাই ৷

মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত আয়োজিত এই মুকলি সভাত অংশ গ্ৰহণ কৰে কেশৱ মহন্ত, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কুমাৰ দীপক দাস, ফণীভূষণ চৌধুৰী, ভূপেন ৰয়, নুৰুল ইছলাম, গুনীন্দ্ৰ নাথ দাস, ডাঃ তাৰাপ্ৰসাদ দাস, সত্যব্ৰত কলিতা আদি অগপৰ বহু নেতাই ৷

উল্লেখ্য যে, মুকলি সভাৰ আৰম্ভণিতে শ্বহীদ পৰিয়ালসমূহক দলৰ সভাপতি অতুল বৰাসহ কেন্দ্ৰীয় নেতৃবৰ্গই সম্বৰ্ধনাও জ্ঞাপন কৰে ৷ আনহাতে, অগপ সভাপতি অতুল বৰাই মুকলি সভাত ভাষণ প্ৰসংগত দলক শক্তিশালী কৰাৰ স্বাৰ্থত স্বাগত সতীৰ্থ অভিযান আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে ৷

অগপই স্বাগত সতীৰ্থ অভিযানৰ জৰিয়তে দলত নতুনকৈ ২৫ লাখ নতুন সদস্য ভৰ্তিৰ লক্ষ্য লোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনকি শনিবাৰৰ পৰাই অগপৰ স্বাগত সতীৰ্থ অভিযান কাৰ্যসূচী আৰম্ভ হ’ব বুলি ঘোষণা কৰে অতুল বৰাই ৷

লগতে পঢ়ক : Asom Gana Parishad : বৰপেটাত অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Last Updated : Oct 14, 2022, 9:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.