ETV Bharat / state

Asom Gana Parishad : বৰপেটাত অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Oct 14, 2022, 1:51 PM IST

Updated : Oct 14, 2022, 2:59 PM IST

১৯৮৫ চনৰ ১৩-১৪ অক্টোবৰত গোলাঘাটত আয়োজিত গোলাঘাট ৰাষ্ট্ৰীয় সন্মিলনত অসম গণ পৰিষদ (অগপ) দল গঠনৰ সিদ্ধান্ত লোৱা হয় । ইয়াৰ পিছত এটা আঞ্চলিক ৰাজনৈতিক দল হিচাবে ১৯৮৫ চনৰ ১৪ অক্টোবৰত গোলাঘাটত অসম গণ পৰিষদে আত্মপ্ৰকাশ কৰে (AGP launched in Golaghat on 14 October 1985) ।

AGP
AGP

বৰপেটা, ১৪ অক্টোবৰ : বৰপেটা পৌৰসভাৰ খেলপথাৰত আজি অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে (AGP foundation day celebrated in Barpeta) ৷ অগপৰ সভাপতি অতুল বৰাই পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুকলি কৰে । লগতে ৩৮ সংখ্যক প্ৰতিষ্ঠা উপলক্ষে ৩৮ গৰাকী নেতাই দলৰ ৩৮ খন পতাকা উত্তোলন কৰে (Asom Gana Parishad president Atul Bora) ৷

বৰপেটাত অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলনৰ পিছতেই অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই (Health Minister Keshab Mahanta) শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে ৷ ইপিনে প্ৰতিষ্ঠা দিৱস উপলক্ষে সত্ৰনগৰীৰ ঐতিহ্য আৰু পৰম্পৰাক গুৰুত্ব প্ৰদানেৰে কাৰ্যসূচীৰ আৰম্ভণিৰ পূৰ্বেই বৰগীত, লোকগীত, ভোৰতাল নৃত্য আদি বিবিধ সত্ৰীয়া আৰু লোক-সংস্কৃতি পৰিবেশন কৰা হয় ৷

আজিৰ এই প্ৰতিষ্ঠা দিৱস উপলক্ষে অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে ভালেসংখ্যক অসম গণ পৰিষদৰ সমৰ্থক উপস্থিত থাকে ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে সতীৰ্থ স্মৰণ কাৰ্যসূচী মুকলি কৰে ফণীভূষণ চৌধুৰীয়ে ৷ ইপিনে মুকলি সভা আৰম্ভণিৰ পূৰ্বে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ পৰিয়ালসমুহক অগপ নেতৃবৃন্দই সম্বৰ্ধনা জ্ঞাপন কৰে ৷

উল্লেখ্য, ১৯৮৫ চনৰ ১৩-১৪ অক্টোবৰত গোলাঘাটত আয়োজিত গোলাঘাট ৰাষ্ট্ৰীয় সন্মিলনত অসম গণ পৰিষদ (অগপ) দল গঠনৰ সিদ্ধান্ত লোৱা হয় । ইয়াৰ পিছত এটা আঞ্চলিক ৰাজনৈতিক দল হিচাবে ১৯৮৫ চনৰ ১৪ অক্টোবৰত গোলাঘাটত অসম গণ পৰিষদে আত্মপ্ৰকাশ কৰে (AGP launched in Golaghat on 14 October 1985) ।

সেই সময়ত ছেপ্টেম্বৰ মাহত উত্তৰ লখিমপুৰত অনুষ্ঠিত এক সন্মিলনত সদৌ অসম ছাত্ৰ সন্থাৰ (AASU) পূৰ্বৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিখন ভংগ কৰা হয় আৰু আছুৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত (Founder president of AGP Prafulla Kumar Mahanta) নতুন ৰাজনৈতিক দলটোৰ সভাপতি নিৰ্বাচিত হয় । আহাতে, অসম জাতিয়াবাদী দল আৰু পূৰ্বাঞ্চলীয় লোক পৰিষদো অগপৰ সৈতে একত্ৰিত হয় । লগতে আন আন সংগঠনৰ সদস্যসকলেও দলটোত যোগদান কৰে ।

১৯৮৫ চনৰ ডিচেম্বৰত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত অগপই প্ৰতিদ্বন্দ্বিতা কৰি ১৪ খন লোকসভা আসনৰ ভিতৰত ৭ খন দখল কৰাৰ লগতে বিধানসভাৰ ১২৬ খন আসনৰ ভিতৰত ৬৭ খন আসন লাভ কৰি নিৰ্বাচনত জয়লাভ কৰি প্ৰথমবাৰৰ বাবে অসমত চৰকাৰ গঠন কৰে । ১৯৯৬ চনত নিৰ্বাচনত জয়ী হোৱাৰ পিছত দলটোৱে পুনৰ অসমত চৰকাৰ গঠন কৰে।

লগতে পঢ়ক :Morigaon District Day : দুদিনীয়া কাৰ্যসূৰ্যচীৰে মৰিগাঁওগাঁ জিলা দিৱস আৰম

Last Updated : Oct 14, 2022, 2:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.