ETV Bharat / state

Morigaon District Day : দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলা দিৱস আৰম্ভ

author img

By

Published : Oct 14, 2022, 11:05 AM IST

Updated : Oct 14, 2022, 12:07 PM IST

আজিৰে পৰা মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে ৩৪ সংখ্যক মৰিগাঁও জিলা দিৱস (34th Morigaon District day observed) । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মৰিগাঁও ৰাইজৰ সহযোগত পালন কৰা হৈছে এই মৰিগাঁও জিলা দিৱস ।

Morigaon
Morigaon

মৰিগাঁও, ১৪ অক্টোবৰ : আজিৰে পৰা মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে ৩৪ সংখ্যক মৰিগাঁও জিলা দিৱস (34th Morigaon District day observed) । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মৰিগাঁও ৰাইজৰ সহযোগত পালন কৰা হৈছে এই মৰিগাঁও জিলা দিৱস । মৰিগাঁও জিলা হিচাবে প্ৰতিষ্ঠা হোৱাৰ ৩৩ বৰ্ষ অতিক্ৰম কৰিলে ।

সেয়ে ৩৪ সংখ্যক বৰ্ষত ভৰি দিয়াৰ সময়তে ১৪ অক্টোবৰৰ পৰা উদযাপন কৰা হৈছে মৰিগাঁও জিলা দিৱস (Morigaon District day celebrated in Morigaon) । মৰিগাঁও জিলা দিৱস শুকুৰবাৰে প্ৰথমদিনাৰ কাৰ্যসূচী হৈছে বৃক্ষৰোপণ, পতাকা উত্তোলন, শ্বহিদ তৰ্পণ, আৰু সাংস্কৃতিক শোভাযাত্ৰা । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱা ৬.৩০ বজাত বৃক্ষৰোপণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰে উপায়ুক্ত দেৱাশিস শৰ্মাই ।

Morigaon District Day : দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলা দিৱস আৰম্ভ

পতাকা উত্তোলন কৰে মৰিগাঁৱৰ উপায়ুক্তই । ইফালে শ্বহিদ তৰ্পণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে (Morigaon MLA Ramakanta Deuri) । তাত অংশগ্ৰহণ কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা, প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা, ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ, সম্পাদক ৰূপজ্যোতি মেধি প্ৰমুখ্যে জিলাখনৰ বহু আগশাৰীৰ ব্যক্তিয়ে ।

পুৱা ৮ বজাত আৰম্ভ হয় সাংস্কৃতিক শোভাযাত্ৰা । শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত মৰিগাঁও জিলা দিৱসৰ বাহেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । উল্লেখ্য, মৰিগাঁও জিলা উপায়ুক্ত দেৱাশিস শৰ্মাৰ নেতৃত্বত মৰিগাঁও চহৰৰ সমান্তৰালকৈ জিলাখনৰ মৈৰাবাৰী, লাহৰীঘাট, মায়ং জাগীৰোড আদি বিভিন্ন অঞ্চলত অনুষ্ঠিত হৈছে এই কাৰ্যসূচী ।

আনহাতে, শনিবাৰৰ কাৰ্যসূচীত উপস্থিত থাকিব অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী (Governor of Assam Prof Jagdish Mukhi) । লগতে উপস্থিত থাকিব অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ লগতে কেইবাজনো বিধায়ক । মৰিগাঁও দিৱস উপলক্ষে জিলা প্ৰশাসনৰ তৰফৰ পৰা কেইবাগৰাকীও প্ৰবীণ শিল্পীক আদৰণি জনোৱাৰ পদক্ষেপো গ্ৰহণ কৰা হৈছে । আনহাতে, অন্তিম দিনৰ কাৰ্যসূচীত নিশাৰ ভাগত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক কাৰ্যসূচীত যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে (Zubeen Garg in Morigaon day programme) অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :Draupadi Murmu visited Kamakhya : মা কামাখ্যাৰ আশীষ ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱ

Last Updated :Oct 14, 2022, 12:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.