ETV Bharat / state

পুনৰ আৰক্ষীৰ জিম্মাত চিণ্ডিকেট মাফিয়া খাইৰুল ইছলাম

author img

By

Published : Jun 12, 2021, 10:35 PM IST

পুনৰ বৰপেটা আৰক্ষীৰ জিম্মাত গৰু চিণ্ডিকেট চক্ৰৰ মাফিয়া খাইৰুল ইছলাম ৷ অসমৰ পৰা চোৰাংভাৱে বাংলাদেশলৈ গৰু সৰবৰাহ কৰা গৰু চিণ্ডিকেট চক্ৰটোৰ মূল অভিযুক্ত হিচাপে যোৱা ২৮ মে'ত বৰপেটাৰ হাউলীত চহৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল খাইৰুল ইছলামক ৷

again-in-the-custody-of-barpeta-police-cow-mafia-khairul-islam
পুনৰ বৰপেটা আৰক্ষীৰ জিম্মাত গৰু চিণ্ডিকেট চক্ৰৰ মাফিয়া খাইৰুল ইছলাম

বৰপেটা, ১২ জুন : অসমৰ পৰা চোৰাংভাৱে বাংলাদেশলৈ গৰু সৰবৰাহ কৰা গৰু চিণ্ডিকেট চক্ৰটোৰ মূল অভিযুক্ত হিচাপে যোৱা ২৮ মে'ত বৰপেটাৰ হাউলীত চহৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল খাইৰুল ইছলামক ৷ আদালতে খাইৰুল ইছলামক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিচত পুনৰ বৰপেটা আৰক্ষীৰ আবেদনৰ ভিত্তিত গৰু মাফিয়াটোক তিনিদিনৰ আৰক্ষী জিম্মাত প্ৰদান কৰে ৷

again-in-the-custody-of-barpeta-police-cow-mafia-khairul-islam
পুনৰ বৰপেটা আৰক্ষীৰ জিম্মাত গৰু চিণ্ডিকেট চক্ৰৰ মাফিয়া খাইৰুল ইছলাম

উল্লেখ্য যে, যোৱা ২৩ মে'ত বৰপেটা জিলা কাৰাগাৰৰ সমীপৰ পথৰ পৰা বৰপেটা আৰক্ষীয়ে ৫টা চোৰাং গৰুসহ দুজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷ চোৰাং গৰু সৰবৰাহকাৰী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত উক্ত ঘটনাৰ সৈতে গৰু চিণ্ডিকেট চক্ৰৰ মাফিয়া খাইৰুল ইছলাম জৰিত থকাৰ সন্দেহত বৰপেটা আৰক্ষীয়ে সোধপোছৰ বাবে তিনিদিনৰ আৰক্ষী জিম্মাত লৈছে গৰু মাফিয়াটোক ৷

পূৰ্বে আৰক্ষী জিম্মাত থকা গৰু চিণ্ডিকেট চক্ৰৰ মাফিয়া খাইৰুল ইছলামক হাউলী আৰক্ষীয়ে ৰাজ আতিথ্য প্ৰদানৰ পিচত এইবাৰ কি স্বাৰ্থত পুনৰ আৰক্ষী জিম্মাত বিচাৰিছে সেয়া ৰাইজৰ বাবে নুবুজা সাঁথৰত পৰিণত হৈছে ৷

লগতে পঢ়ক: কৰ'ণাৰ কৰাল গ্ৰাসত টেণ্ট হাউচৰ ব্যৱসায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.