ETV Bharat / state

সৰ্বভাৰতীয় ইমাম সন্থাক সমালোচনা সাংসদ আব্দুল খালেকৰ

author img

By

Published : Sep 24, 2022, 2:29 PM IST

সৰ্বভাৰতীয় ইমাম সন্থাক সমালোচনা সাংসদ আব্দুল খালেকৰ
সৰ্বভাৰতীয় ইমাম সন্থাক সমালোচনা সাংসদ আব্দুল খালেকৰ

কলগাছিয়াৰ উদমাৰীত ষ্টুডেন্ট কেডেট কৰ্পৰ শিবিৰ উদ্বোধন সাংসদ আব্দুল খালেকৰ । মোহন ভাগৱতক (Mohan Bhagwat) ৰাষ্ট্ৰ পিতা আখ্যা দি মহাত্মা গান্ধীক অপমান কৰিছে বুলি মন্তব্য় সাংসদগৰাকীৰ । ইয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল’বলৈ তেওঁ চৰকাৰক দাবী জনায় ।

কলগাছিয়া, ২৪ছেপ্টেম্বৰ: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত উদমাৰী বি এড কলেজ প্ৰাংগনত শুক্ৰবাৰে ষ্টুডেন্ট কেডেট কৰ্পৰ (Student Cadet Corps)তিনিদিনীয়া শিবিৰ উদ্বোধন (Inauguration of camp SCC) কৰা হয় । উক্ত শিবিৰটো উদ্বোধন কৰে সাংসদ আব্দুল খালেকে (MP Abdul Khaleque inaugurat SCC camp at Jania)।

সাংসদ খালেকে শিবিৰটো মুকলি কৰি অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে । চৰকাৰৰ নিযুক্তি সন্দৰ্ভত তেওঁ প্ৰশ্ন কৰে যে মুখ্য়মন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই গণি গণি এক লাখ চাকৰি দিব বুলি কৈছিল, কিন্তু মাত্ৰ ২৬ হাজাৰ চাকৰি দিলে কিয় ? বাকী ৭৪ হাজাৰ চাকৰি ক'ত গ'ল বুলি তেওঁ মুখ্য়মন্ত্ৰী প্ৰশ্ন কৰে ।

সৰ্ব ভাৰতীয় ইমাম সন্থাক সমালোচনা আব্দুল খালেকৰ

ইফালে, সৰ্বভাৰতীয় ইমাম সন্থাক (Abdul Khaleque criticised AIIA) তীব্ৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে এইটো এটা নিজে নিজে গঠন কৰি লোৱা সংগঠন । তেওঁক কোনে ইমাম পাতিছে বুলি সাংসদগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে । ব্যক্তিগত সংগঠন খুলি ইমাম হৈ এনে মন্তব্য উচিত নহয় বুলি তেওঁ মন্তব্য় কৰে । মোহন ভাগৱতক ৰাষ্ট্ৰপিতা বুলিবলৈ তেওঁ কোন হয় বুলি প্ৰশ্ন কৰি সাংসদগৰাকীয়ে কয় যে এই কথাই মহাত্মা গান্ধীক অপমান কৰা হৈছে । ইয়াৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগে বুলি তেওঁ দাবী জনায় ।

লগতে পঢ়ক:Assam Cabinet Decision: ছয় জনগোষ্ঠীৰ বাবে চিকিৎসা মহাবিদ্যালয়ত সংৰক্ষণ কৰা হ’ব আসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.