Assam Cabinet Decision: ছয় জনগোষ্ঠীৰ বাবে চিকিৎসা মহাবিদ্যালয়ত সংৰক্ষণ কৰা হ’ব আসন

author img

By

Published : Sep 23, 2022, 10:59 PM IST

ছয় জনগোষ্ঠীৰ বাবে চিকিৎসা মহাবিদ্যালয়ত সংৰক্ষণ কৰা হ’ব আসন

ছয় জনগোষ্ঠীৰ বাবে চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণ কৰা হ’ব ৷ গুণোৎসৱত এ গ্ৰেড পোৱা বিদ্যালয়ক আৰ্থিক বৰঙনি দিয়াৰ লগতে আজিৰ কেবিনেটত লোৱা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত (Assam Cabinet Decision)৷

গুৱাহাটী, 13 ছেপ্টেম্বৰ: দিছপুৰৰ জনতা ভৱনত শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ছয় জনগোষ্ঠীৰ বাবেও কেবিনেটে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত (Assam Cabinet Decision)৷

আজিৰ কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি ছয় জনগোষ্ঠীৰ বাবে চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণৰ(Reservation for six communities) পৰা আৰম্ভ কৰি সৌৰশক্তি উৎপাদন কৰা, গাখীৰ উৎপাদন বৃদ্ধি কৰা, মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিয়া, চাহ বাগিচাৰ চাহ শ্ৰমিকক পূজাৰ বোনাচ দিয়া আৰু গুণোৎসৱত এ গ্ৰেড পোৱা বিদ্যালয়ক আৰ্থিক বৰঙনি দিয়া আদি কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

কেবিনেট বৈঠকৰ শেষত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ জনতা ভৱনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Minister Jayanta Malla Baruah) সংবাদমেলৰ জৰিয়তে সদৰী কৰে । কেবিনেট বৈঠকত অসমৰ ছয় জনগোষ্ঠী মৰাণ, মটক, টাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ বাবে অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত দুখনকৈ আসন সংৰক্ষণৰ দুখনকৈ বৃদ্ধি কৰা হৈছে ।

আকৌ প্ৰাক্তন সৈনিকৰ বাবে অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত আসন সংৰক্ষণৰ ছয়খনকৈ বৃদ্ধি কৰা হৈছে । আনহাতে Bachelor of Dental Surgery ত প্ৰাক্তন সৈনিকৰ বাবে তিনিখন আসন সংৰক্ষণৰ কৰা হৈছে । ইয়াৰোপৰি সৌৰশক্তি উৎপাদনৰ বাবে মীন বিভাগ আৰু মীন উন্নয়ন পৰিষদৰ অধীনত থকা বিলসমূহ APDCL ক সৌৰশক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হৈছে । অসমত গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে অসম ঘাহজাতীয় উৎপাদন মিছন সাত বছৰৰ বাবে আৰম্ভ কৰা হ’ব ।

কামৰূপ, যোৰহাট আৰু হাইলাকান্দি জিলাত চলি থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৃহৎ আঁচনিসমমূহ ৰূপায়ণৰ বাবে ৪৬.৩ কোটি টকাৰ অনুমোদন দিয়া হৈছে । ইপিনে অসমৰ Assam tea corporation limited অধীনত থকা বাগিচাৰ চাহ শ্ৰমিকসকলক ২০ শতাংশ পূজাৰ বোনাচ দিয়াৰ বাবে Assam tea corporation limited ক চৰকাৰে ১৮.০২ কোটি টকা loan দিছে ।

আনহাতে গুণোৎসৱত 'এ' গ্ৰেড পোৱা বিদ্যালয় সমূহক ২৫ হাজাৰ টকাকৈ দিয়াৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় গেমছত পদক অনিব পাৰিলে পাব চৰকাৰী চাকৰি : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.