ETV Bharat / state

Assam girl selected to study astronomy: আছুয়ে ললে মেধাৱী ছাত্ৰী কৃশাংগী কাশ্যপৰ অধ্যয়নৰ দায়িত্ব

author img

By

Published : Jul 23, 2022, 7:50 PM IST

AASU has taken responsibility for the studies of Krishangi Kashyap
মেধাৱী ছাত্ৰী কৃশাংগী কাশ্যপৰ অধ্যয়নৰ দায়িত্ব গ্ৰহণ আছুৰ

সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ আই আই টি ইন্দোৰত জ্যোতিৰ্বিজ্ঞান বিষয়ত অধ্যয়নৰ বাবে নিৰ্বাচিত হৈছে বৰপেটাৰ মেধাৱী ছাত্ৰী কৃশাংগী কাশ্যপ ৷ আৰ্থিক অনাটনৰ বাবে কৃশাংগী কাশ্যপৰ অধ্যয়নৰ দায়িত্ব গ্ৰহণ আছুৰ (AASU took responsibility for Krishangi Kashyap study)৷

বৰপেটা, 23 জুলাই: বোকাত পদুম ফুলে ৷ এই আপ্তবাক্যশাৰীকে পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে কৃষাংগী কাশ্যপে ৷ অধ্যয়ন আৰু মেধাই দৰিদ্ৰতাকো ছেৰ পেলালে ৷ বৰপেটাৰ এইগৰাকী মেধাৱী ছাত্ৰী কৃশাংগী কাশ্যপে সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ আই আই টি ইন্দোৰত জ্যোতিৰ্বিজ্ঞান বিষয়ত অধ্যয়নৰ বাবে নিৰ্বাচিত হৈছে (Assam girl selected to study astronomy) ৷

ছপাশালত ডিটিপি অপাৰেটৰ হিচাপে কাম কৰি পৰিয়াল পোহপাল দিয়া বৰপেটাৰ হিতেশ শৰ্মাৰ কন্যা কৃশাংগী কাশ্যপ ৷ এতিয়া কৃশাংগীৰ এনে সফলতাত উৎফুল্লিত হৈছে অঞ্চলবাসী ৷

মেধাৱী ছাত্ৰী কৃশাংগী কাশ্যপৰ অধ্যয়নৰ দায়িত্ব গ্ৰহণ আছুৰ

কিন্তু দুৰ্ভাগ্যৱশতঃ কৃশাংগীৰ পঢ়াৰ খৰচ বহন কৰিবলৈ ঘৰৰ পৰা দিব পৰা নাই পৰ্যাপ্ত ধন ৷ যেনে তেনে পৰিয়ালটো পোহ পাল দি থকা কৃশাংগীৰ পিতৃৰ হাতত নাই বাহিৰত পঢ়ুৱাব পৰা ক্ষমতা ৷ উপায়ন্তৰ হৈ কৃশাংগীয়ে আজি আছুৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত দাসক সকলো কথা বিৱৰি কয় ৷ তেওঁ ছাত্ৰীগৰাকীক আছুৰ মুখ্য উপদেষ্টা ড0 সমুজ্জ্বল ভট্টাচাৰ্যৰ লগত এই বিষয়ত কথা পাতিবলৈ উপদেশ দিয়ে ৷ আছুৰ উপদেষ্টাগৰাকীৰ পৰামৰ্শ মৰ্মে আছুৱে কৃশাংগীৰ সকলো পঢ়াৰ খৰচ বহন কৰিবলৈ আগবাঢ়ি আহে (AASU took responsibility for Krishangi Kashyap study)৷

উল্লেখ্য যে, কৃশাংগীৰ পিতৃ হিতেশ শৰ্মা বিগত দুবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থাকিও পৰিয়াল পোহপাল দিয়াৰ বাবে আজিও কঠোৰ শ্ৰম কৰিব লগা হৈছে ৷ ইতিমধ্যে আছুৱে প্ৰথম কিস্তি হিচাপে নামভৰ্তিৰ বাবদ 65 হাজাৰ টকাৰ চেক আগবঢ়াইছে ৷ আছুৰ এই আৰ্থিক সহাৰিক শ্ৰদ্ধা জনাই কৃশাংগী কাশ্যপে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

লগতে পঢ়ক :Gauhati University: ফলাফল ঘোষণা সন্দৰ্ভত আছুৰ দাবী মানি ল'লে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.