ETV Bharat / state

বৰপেটাত ছাত্ৰসন্থাৰ মুকলি বিহু : শিল্পী অনুৰাগ শইকীয়ালৈ ছাত্ৰসন্থাৰ 'বৰপেটা বঁটা'

author img

By

Published : Apr 16, 2022, 1:55 PM IST

বৰপেটাত আছুৰ মুকলি বিহুত সংগীত পৰিচালক অনুৰাগ শইকীয়াক ২০২২ বৰ্ষৰ 'বৰপেটা বঁটা' প্ৰদান কৰা হয় (Music Director Anurag Saikia honoured with Barpeta Award) ৷ বৰপেটাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূচালে সংগীত শিল্পীগৰাকীক প্ৰদান কৰে 'বৰপেটা বঁটা' ।

Barpeta
বৰপেটাত ছাত্ৰসন্থাৰ মুকলি বিহু

বৰপেটা,১৬ এপ্ৰিল : ৰাজ্যজুৰি ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে (Rongali Bihu celebration in Assam)। ভিন্ন স্থানত আয়োজন কৰা হৈছে ৰঙালী বিহুৰ বিশেষ অনুষ্ঠান । সত্ৰনগৰী বৰপেটাও ব্যতিক্ৰম নহয় । পহিলা ব'হাগৰ দিনাই আঞ্চলিক ছাত্ৰ সন্থাই পৌৰসভাৰ খেলপথাৰত আয়োজন কৰে মুকলি বিহু (AASU celebrates Rongali Bihu)৷

বিহুৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় । তাৰ মাজতে অসমৰ এগৰাকী প্ৰতিষ্ঠিত সংগীত পৰিচালক অনুৰাগ শইকীয়াক ২০২২ বৰ্ষৰ 'বৰপেটা বঁটা' প্ৰদান কৰা হয় (Music Director Anurag Saikia honoured with Barpeta Award) ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা ৰঙালী বিহুৰ অনুষ্ঠানৰ মাজতে বৰপেটাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূচালে সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সংগীত শিল্পীগৰাকীক 'বৰপেটা বঁটা' প্ৰদান কৰে (AASU presents Barpeta Award to Anurag Saikia) ৷

উল্লেখ্য যে, প্ৰতি বছৰে পহিলা ব'হাগৰ দিনটোত ৰাজ্যৰ একোগৰাকী বিশিষ্ট ব্যক্তিক 'বৰপেটা বঁটা' প্ৰদান কৰা হয় ৷ প্ৰজেক্ট ভূমি আৰু প্ৰজেক্ট বৰগীতৰ জৰিয়তে অসমীয়া লোক সংগীতৰ বিশ্বমুখী যাত্ৰা আৰম্ভ কৰা অনুৰাগ শইকীয়া সাম্প্ৰতিক সময়ৰ এগৰাকী প্ৰতিভাৱান সংগীত শিল্পী হিচাপে মুম্বাইত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ৷ এনে এগৰাকী প্ৰতিভাৱান সংগীত শিল্পীক 'বৰপেটা বঁটা' প্ৰদান কৰিবলৈ পাই নথৈ আনন্দিত হোৱা বুলি মন্তব্য কৰে বৰপেটাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূচালে ৷

বৰপেটাত ছাত্ৰসন্থাৰ মুকলি বিহু

ইফালে ব'হাগৰ প্ৰথমতো দিনতে এনেদৰে 'বৰপেটা বঁটা' গ্ৰহণ কৰি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিছে সংগীত শিল্পীগৰাকীয়ে ৷ তেওঁ উল্লেখ কৰা মতে এই বঁটাৰ বাবে তেওঁ যোগ্য হয় নে নহয় সেয়া দহ বছৰ পিছতহে উপলব্ধি কৰিব আৰু ইয়াৰ বাবে অধিক কষ্ট কৰিব বুলিও তেওঁ মন্তব্য কৰে ৷ তেওঁৰ লগতে আন দহজনক সংগীতৰ জগতখনত আগবঢ়াই লৈ যোৱাটোৱে তেওঁৰ জীৱনৰ সাৰ্থকতা বুলি মতামত ব্যক্ত কৰে যুৱ সংগীত শিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক :বন্ধুৰ ঘৰত বিহু উদযাপন জনপ্ৰিয় অভিনেতা কেকে-মোহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.