ETV Bharat / state

Traggic Accident in Meghalaya: মেঘালয়ত দুৰ্ঘটনাত নিহত ৬ ব্যক্তিলৈ ছেইণ্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুলত শ্ৰদ্ধাঞ্জলি

author img

By

Published : Feb 28, 2023, 7:51 AM IST

Updated : Feb 28, 2023, 10:58 AM IST

মেঘালয়ৰ নংপোত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ছয়গৰাকীৰ লোকৰ নশ্বৰদেহ অনা হয় বৰমাৰ ছেইণ্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুললৈ(Traggic Accident in Meghalaya) । লগে লগে শিক্ষানুষ্ঠানখনত বিৰাজ কৰে এক শোকাকুল পৰিৱেশে । বিদ্যালয়খনত নিহত আটাইকেইগৰাকীলৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে স্থানীয় লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Tribute to six people killed in tragic accident) ।

Mortal remains of six killed in accident at St Johns School in Baksa
ছেইণ্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুলত দুৰ্ঘটনাত নিহত ৬ ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি

দুৰ্ঘটনাত নিহত ৬ ব্যক্তিলৈ ছেইণ্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুলত শ্ৰদ্ধাঞ্জলি

বাক্সা, ২৮ ফেব্ৰুৱাৰী: স্ব-গৃহ পালেহি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক সাৱতি লোৱা ছয়গৰাকী লোকৰ নশ্বৰদেহ(Traggic Accident in Meghalaya) । বৰমাৰ ছেইণ্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ(St Johns HS School Barama) ফাদাৰসহ ৬ গৰাকীকৈ ব্যক্তিৰ নশ্বৰ দেহ প্ৰথমেই লৈ যোৱা হয় বিদ্যালয়খনলৈ(Barama school father death in Meghalaya accident) । বিদ্যালয়খনৰ বাকৰিত নশ্বৰদেহ আহি পোৱাৰ লগে লগে বিৰাজ কৰে এক শোকাকুল পৰিৱেশে ৷ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীৰ লগতে অভিভাৱকসকলেও কান্দোনত ভাঙি পৰে(Mortal remains of six killed in accident at St Johns School in Baksa) ৷

বৰমাৰ চেইন্ট জনচ হায়াৰ চেকেণ্ডাৰী স্কুলৰ বাকৰি আহি পোৱাৰ পিছতেই খ্ৰীষ্টান ধৰ্মীয় নীতি-নিয়মেৰে মৃত ব্যক্তিসকলক ফুলৰ ঠোপা, মমবাতি জ্বলাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতেই কৰুণভাৱে মৃত্যু হোৱা ফাদাৰ মেথিউ দাসক বঙাইগাঁৱলৈ, হেড মিষ্ট্ৰেচ মিলগ্ৰীণ ডেণ্টেচক ৰঙিয়ালৈ, শিক্ষক মাইৰণ ৰেঞ্জাৰক দাৰ্জিলিঙলৈ, চিষ্টাৰ ৱৰ্কাৰ প্ৰমিলা তিৰ্কীক বাক্সাৰ বাগানপাৰালৈ আৰু গাড়ী চালক সঞ্জয় স্বৰ্গীয়াৰীক বাক্সাৰ আঠিয়াবাৰীলৈ সকলোৱে অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দিলে শেষ বিদায় ৷

আনহাতে চিষ্টাৰ ৰ'জি ননগ্ৰীণৰ নশ্বৰদেহ তেখেতৰ জন্মভূমি মেঘালয়ৰ বাসগৃহলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় ৷ উল্লেখ্য যে মেথিউ দাসৰ ভাতৃ মনোজ দাস আৰু মৃত চিষ্টাৰ ৰ'জি ননগ্ৰীণক ২৭ ফ্ৰেব্ৰুৱাৰীত মেঘালয়ত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ বাবে বৰমাৰ পৰা মেঘালয়লৈ লৈ যোৱা হৈছিল (Baksa school bus accident in Meghalaya) । কিন্তু দুৰ্ভাগ্যবশত দেওবাৰে অৰ্থাৎ ২৬ ফ্ৰেব্ৰুৱাৰীত মেঘালয়ৰ ৰি-ভই জিলাত সংঘটিত হৈছিল এক ভয়ংকৰ শোকাৱহ পথ দুৰ্ঘটনা (tragic accident of Barama school bus of Baksa) ।

জানিব পৰা মতে তেওঁলোকে গৈ থকা বাহনখনত এখন ট্ৰাকে খুন্দা মৰাৰ ফলত এই ভয়ানক দুৰ্ঘটনাটো সংঘটিত হৈছিল । প্ৰাপ্ত খবৰ অনুসৰি, চিমেণ্ট কঢ়িওৱা ট্ৰাক এখনে তেখেতসকল গৈ থকা বলেৰো বাহনখনত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল । গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত চিমেণ্টভৰ্তি ট্ৰাকখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই মেঘালয়ৰ চুমেৰত এটা ডিভাইডাৰত খুন্দা মাৰি নিয়ন্ত্ৰণহীন চিমেণ্টভৰ্তি ট্ৰাকখনে বিপৰীত দিশেৰে আহি থকা বলেৰো বাহনখনত খুন্দা মাৰে । দুৰ্ঘটনাটোৰ ফলত তিনিগৰাকী নান, এগৰাকী ফাদাৰ আৰু চালকসহ গাড়ীখনত থকা ছয়জন আৰোহীয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাইছিল ।

লগতে পঢ়ক: Congress MLA to join AIUDF: 7 গৰাকী কংগ্ৰেছ বিধায়কে যোগ দিব AIUDF ত: আজমলৰ বাণী

Last Updated :Feb 28, 2023, 10:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.