ETV Bharat / state

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 14, 2022, 5:01 PM IST

TOP 10 AT 3 PM
5 বজাৰ 10 টা শীৰ্ষ বাতৰি

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

Army alert on China Tibet border: টাৱাং সীমান্তৰ সংঘাতৰ পাচতেই উত্তৰাখণ্ডত সষ্টম ভাৰতীয় সেনা

অৰুণাচলৰ টাৱাঙত চীনে প্ৰৱেশৰ চেষ্টা চলাইছিল আৰু ভাৰতীয় সৈন্যই ইয়াৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়ে । চীনৰ এই কাৰ্যৰ পৰিপ্ৰেক্ষিতত উত্তৰাখণ্ডৰ সীমান্ততো সেনাবাহিনীক সতৰ্ক কৰি দিয়া হৈছে (Tawang border incident) । অতি নিম্ন উষ্ণতাতো ভাৰতৰ সাহসী সৈনিকে চম্ভালি আছে ভাৰত-চীন সীমান্ত ।

Assam CM Launches Orunodoi 2: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে অৰুণোদয় ২.০ আঁচনি

দিল্লীৰ পৰা ভাৰ্ছুৱেলী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা অৰুণোদয় ২.০ আঁচনিখনত নতুনকৈ সামৰি লোৱা হৈছে ১০.৫৪ লাখ হিতাধিকাৰীক। অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত দিব্যাংগসকলৰ লগতে তৃতীয় লিংগৰ লোক। আঁচনিখনৰ বাবে প্ৰতিমাহে ৰাজ্য চৰকাৰে ব্যয় কৰিব ৩৪৫ কোটি টকা ।

Gamosa gets GI Tag : অসমৰ গামোচাই লাভ কৰিলে 'GI' টেগ

এই সন্দৰ্ভত মঙলবাৰে ভৌগোলিক সূচাংকৰ পঞ্জীয়কে নিৰ্দেশনা জাৰি কৰিছে (Assamese Gamosa gets GI Tag)। গোলাঘাটৰ হস্তশিল্পৰ ফালৰ পৰা গামোচাক ভৌগোলিক পৰিচয় দিবলৈ ২০১৭ চনতে আবেদন জনোৱা হৈছিল । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক অভিনন্দন জনাইছে ।

Patharughat massacre : ঐতিহাসিক পথৰুঘাট বিদ্ৰোহৰ স্থানক ৰাষ্ট্ৰীয় স্মাৰক হিচাপে নিৰ্মাণৰ আহ্বান দিলীপ শইকীয়াৰ

দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটৰ বিদ্ৰোহক সঠিক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে সাংসদ দিলীপ শইকীয়াই । লোকসভাত সংসদৰ নিয়ম ৩৭৭ৰ অধীনত এই গুৰুত্বপূৰ্ণ বিষয়টো লিখিত ৰূপত উপস্থাপন কৰে সাংসদ শইকীয়াই (Dilip Saikia writting under Rule 377 of Parliament) ৷ উক্ত স্থানক ৰাষ্ট্ৰীয় স্মাৰক আৰু পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ বাবে আহ্বান ।

India China Border Clash: টাৱাঙৰ ঘটনাত আছিল ভাৰতীয় সেনাৰ তিনিটা বাহিনী

অৰুণাচল প্ৰদেশৰ য়েংটছেৰ ঘটনাত ভাৰতীয় সেনাৰ তিনিটা বাহিনী আছিল (India China Tawang clash) । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমান অৰুণাচল প্ৰদেশৰ কংগ্ৰেছ বিধায়ক নিনং এৰিঙে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ য়েংটছেত ভাৰতীয় সেনাৰ সৈতে চীনা সৈন্যই সংঘৰ্ষ কৰি বলপূৰ্বকভাৱে আগ্ৰাসনক সীমান্তত ভাৰতৰ উন্নয়ন দেখি চীনে এই কাৰ্য কৰা বুলি অভিহিত কৰে ।

Gang of devils group arrested: গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক

গ্ৰেপ্তাৰ হ’ল ৰাজ্য জোকাৰি যোৱা বিলাসীপাৰাৰ চাঞ্চল্যকৰ পথ দুৰ্ঘটনাৰ মূল খলনায়ক (Gang of devils group arrested) ৷ ভাৰত-বাংলাদেশ সীমান্তৰ আগমনিৰ হালাকুৰাৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গেং অৱ ডেভিল গ্ৰুপৰ ছিনিয়ৰ বছ আখিৰুল ইছলাম, মিনহাজুল কৰিম আৰু সহিদুল ইছলামক ।

Drugs seized from Ambulance: মহানগৰীত এম্বুলেন্সৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ মঙলবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই এখন এম্বুলেন্সৰ পৰা জব্দ কৰে ১৪ কোটি টকাৰ ড্ৰাগছ (Drugs seized from Ambulance) । লগতে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী মিৰাজুল ইছলামক । জব্দ হয় ৫০ হাজাৰ য়াবা টেবলেট আৰু ২০০ গ্ৰাম হেৰ’ইন । মণিপুৰৰ পৰা আনিছিল ড্ৰাগছখিনি ।

Gang of Devil Bike Burn: গেং অৱ ডেভিলচৰ বাইকত অগ্নিসংযোগ

বিলাসীপাৰাৰ গেং অৱ ডেভিলচ কাণ্ডৰ নতুন মোৰ । গেং অৱ ডেভিলচ গ্ৰুপৰ ম'ষ্ট ৱাণ্টেড আখিৰুল ইছলাম আৰু মিনহাজুল কৰিমে ব্যৱহাৰ কৰা বাইকত অগ্নিসংযোগ(Gang of Devil Bike Burn in Police Station) । বিলাসীপাৰা থানাৰ ভিতৰতে দুৰ্বৃত্তই অগ্নিসংযোগ কৰে গেং অৱ ডেভিলচ গ্ৰুপৰ বাইককেইখনত(Gang of Devils) । থানাৰ চৌহদত চি চি কেমেৰা থকা সত্বেও কেনেকৈ গেং অৱ ডেভিলচ গ্ৰুপৰ ব্যৱহাৰ কৰা বাইক দুৰ্বৃত্তই জ্বলাই দিয়াৰ সাহস কৰিব পাৰে, তাকে লৈ বিলাসীপাৰাৰ সচেতন মহল তথা দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Qatar World Cup final 2022 : বিশ্বকাপৰ ফাইনেলত মেছিৰ আৰ্জেণ্টিনা

তৃতীয়টো বিশ্বকাপ খিতাপ অৰ্জনৰ আশাত বন্দী আৰ্জেণ্টিনা । ষষ্ঠবাৰলৈ বিশ্বকাপৰ ফাইনেলত দলটো (Argentina in FIFA world Cup final)। মঙলবাৰে ক্ৰোৱেছিয়াক ৩-০ গ'লত পৰাস্ত কৰি কাটাৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে মেছিৰ দলটোৱে ।

Haddi ৰ চৰিত্ৰৰ বাবে কেনেদৰে নিজকে তৈয়াৰ কৰিছিল নৱাজুদ্দিন ছিদ্দিকীয়ে

Haddi চলচ্চিত্ৰখনৰ পৰা নৱাজুদ্দিন ছিদ্দিকীৰ এখন আকৰ্ষণীয় পোষ্টাৰ মুকলি কৰাৰ পিছত, নিৰ্মাতাসকলে এতিয়া অভিনেতাজনৰ সেই বিশেষ চৰিত্ৰটোলৈ ৰূপান্তৰৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দৰ্শকৰ আগ্ৰহ বৃদ্ধি কৰিছে (Nawazuddin Siddiqui instagram) । অক্ষত অজয় শৰ্মাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত নৱাজক এজন ট্ৰেন্সজেণ্ডাৰৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.