ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 19, 2022, 11:06 AM IST

Etv Bharat
Etv Bharat

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Yoga competition : অসমত প্ৰথমবাৰলৈ যোগাসন প্ৰতিযোগিতা

সদৌ অসম মাষ্টাৰ যোগাসন স্পৰ্টছ এছ'চিয়েচন উদ্যোগত আৰু বঙাইগাঁও জিলা যোগাসন স্পৰ্টছ এছ'চিয়েচনৰ সহযোগত দেওবাৰে বঙাইগাঁৱত প্ৰথমবাৰৰ বাবে অসম ভিত্তিত যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়(Yoga competition in Assam) ৷ বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই যোগাসন প্ৰতিযোগিতাৰ (Yoga competition held in Bongaigaon) ৷

FIFA World Cup 2022 : মেছিৰ আন এক অভিলেখ !

বিশ্বকাপৰ নকআউট পৰ্যায়ৰ সকলো খেলতে গ'ল কৰা মেছি প্ৰথমগৰাকী খেলুৱৈ (Messi only player to score in each knockout game)। ফ্ৰান্সৰ বিৰুদ্ধে ফাইনেলত প্ৰথমটো গ'ল কৰাৰ লগে লগে এই অভিলেখৰ গৰাকী হ'ল মেছি । বিশ্বকাপৰ ইতিহাসত আটাইতকৈ বেছি খেল খেলা ফুটবলাৰ হিচাপে ইতিহাস ৰচনা কৰিলে মেছিয়ে ।

APCC leader may join BJP: থৰক-বৰক প্ৰদেশ কংগ্ৰেছ, কোনে কোনে মেলিছে গেৰুৱা হোৱাৰ মন ?

পুনৰ খহনীয়া হোৱাৰ দিশে আগবাঢ়িছে অসম প্ৰদেশ কংগ্ৰেছ ৷ উজনীৰ দুগৰাকী কংগ্ৰেছ নেত্ৰী শীঘ্ৰেই বিজেপিলৈ যাব বুলি চলিছে সৰৱ চৰ্চা ৷ যাৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বৰে চলিছে সঘন যোগাযোগ ৷

Apiculture farming at west bengal: অসমত মৌ পালনেৰে স্বাৱলম্বী পশ্চিমবংগৰ মৌ-পালক

কৰ্ম সংস্থাপন বিচাৰি ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে হাহাকাৰ কৰাৰ সময়তে পশ্চিমবংগৰ একাংশ কৃষকে দেখুুৱাইছে স্বাৱলম্বিতাৰ এক অনন্য নিদৰ্শন । পশ্চিমবংগৰ পৰা মৌ পালকে আহি অসমত সংগ্ৰহ কৰিছে মৌ(Apiculture farming at West bengal) ।

PM Modi in Meghalaya: উত্তৰ-পূৱত এতিয়া AFSPA ৰ প্ৰয়োজন নাই: প্ৰধানমন্ত্ৰী

"যোৱা ৮ বছৰত কেইবাটাও উগ্ৰপন্থী সংগঠনে হিংসাৰ পথ এৰি শান্তিৰ পথ অনুসৰণ কৰিছে (Numerous NE rebel groups came to peace talks) । ৰাজ্য চৰকাৰসমূহৰ সমন্বয়ত উত্তৰ-পূৰ্বাঞ্চলত ধাৰাবাহিকভাৱে পৰিস্থিতিৰ উন্নতি ঘটিছে ৷ যাৰ বাবে আফছপাৰ (AFSPA) এতিয়া কোনো প্ৰয়োজন নাই (AFSPA in NE India)৷" দেওবাৰে শ্বিলঙত এইদৰে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

Arrested robbers gang : তিনিচুকীয়া আৰক্ষীৰ জালত পৰিল ১০ জনীয়া ডকাইতৰ দল

তিনিচুকীয়া জিলাখনত কিছুদিন ধৰি বৃদ্ধি পাবলৈ ধৰিছে চুৰি, ডকাইতিৰ দৰে ঘটনাসমূহ (Crime increases in Tinsukia) ৷ ইয়াৰ মাজতে তিনিচুকীয়া আৰক্ষীয়ে মাকুম আৰক্ষীৰ সহযোগত শনিবাৰে লাভ কৰে এক বৃহৎ সাফল্য । তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই জানিব দিয়া অনুসৰি, মাকুম হাপজানৰ এটা বাসগৃহত ডকাইতি কৰিবলৈ পৰিকল্পনা প্ৰস্তুত কৰিছিল তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ দহজন যুৱকৰ এটা বৃহৎ দলে ৷

Fake gold boat seized: বৰপেটাত নকল সোণৰ নাওসহ গ্ৰেপ্তাৰ প্ৰৱঞ্চক

লখিমপুৰৰ নকল সোণৰ নাও প্ৰস্তুত কৰা প্ৰৱঞ্চক চক্ৰই ৰাজ্যত মেলিছে প্ৰৱঞ্চনাৰ জাল ৷ মাটি খান্দোতে সোণৰ নাও পোৱা বুলি ভুৱা প্ৰচাৰ চলাই গ্ৰাহকক জালত পেলাই প্ৰৱঞ্চকৰ দলটোৱে ৷ লখিমপুৰৰ পৰা আহি ৰাজ্যৰ ভিন্ন স্থানত বাহৰ পাতিছে প্ৰৱঞ্চকৰ দলটোৱে ৷ এই দলটোৰ সন্ধানত বহুদিনৰে পৰা আৰক্ষীয়ে চলাই গৈছিল অভিযান ৷ আজি বৰপেটা আৰক্ষীয়ে অভিযান চলাই নকল সোণৰ নাওসহ গ্ৰেপ্তাৰ কৰে এটা প্ৰৱঞ্চকক (Fake gold boat seized in Barpeta) ৷

Weavers in Assam: তাঁতশালত জীৱন গঢ়াৰ সপোন ৰচিছে অসমৰ শিপিনীয়ে

দেশৰ ভিতৰতে সৰ্বাধিক শিপিনী আছে অসমত (Highest number of weavers in Assam)। সংগঠিত আৰু অসংগঠিত ৰূপত থকা ৰাজ্যৰ শিপিনীসকল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা হৈছে উপকৃত । ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাতকাৰত বহু শিপিনীক একত্ৰিত কৰি হস্ততাঁত বস্ত্ৰশিল্পৰ বিপ্লৱ গঢ়ি তোলা উদ্যমী মহিলা অনু মণ্ডল । অসমত ১২.৮৩ লাখতকৈ অধিক শিপিনী আৰু ১২.৪৬ লাখৰো অধিক হস্ততাঁত আছে । অসমৰ শিপিনীসকলে তাঁতশালৰ যোগেদি স্বাৱলম্বিতাৰ পথত অগ্ৰসৰ হ'বলৈ সক্ষম হৈছে ।

Emergency: সংসদ চৌহদত শ্বুটিঙৰ অনুমতি বিচাৰিলে কংগনা ৰানাৱটে

সংসদ চৌহদৰ ভিতৰতে নিজৰ ছবি 'ইমাৰ্জেঞ্চি' ৰ শ্বুটিঙৰ বাবে লোকসভা সচিবালয়ৰ পৰা অনুমতি বিচাৰিছে অভিনেত্ৰী কংগনা ৰানাৱটে । দেওবাৰে এই তথ্য প্ৰদান কৰিছে সূত্ৰই । সূত্ৰই জনোৱা মতে, কংগনা ৰানাৱটৰ আবেদনখন বিবেচনাধীন হৈ আছে যদিও অনুমতি পোৱাৰ কোনো সম্ভাৱনা নাই ।

Women trafficking in Assam: দহ দিনত ছগৰাকী নাবালিকাক উদ্ধাৰ নাৰীদেহ ব্যৱসায়ী চক্ৰৰ পৰা

যোৱা 8 ডিচেম্বৰত ডিফু থানাৰ এক এজাহাৰৰ ভিত্তিত অনুসন্ধান কৰি হাৰিয়ানাৰ ৰাজস্থানত অভিযান চলাই ফাতেহাবাদৰ পৰা এগৰাকী ১৬ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰাৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় জিলা আৰক্ষী (Women trafficking in Assam) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.