ETV Bharat / state

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 12, 2022, 1:00 PM IST

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি
দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

১০ মে’ৰ ভিতৰত ১ লাখ নিবনুৱাক নিযুক্তি দিয়ক : অখিল গগৈ

নিৰ্বাচনৰ সময়ত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ২০২২ চনৰ ১০ মে’ৰ ভিতৰত ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ (One lakh job assurance by Assam Govt) দাবী তুলি শুকুৰবাৰে মহানগৰীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজৰ দলে ।

Police Firing in Nagaon : নগাঁৱত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক

নগাঁৱত পুনৰ গুলীচালনা । আৰক্ষীৰ গুলীত আহত জুৰীয়াৰ ড্ৰাগছ মাফিয়া নুৰজামাল (Drug peddlers injured in police firing in Nagaon)। দাৰে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলোৱাৰ সময়তে গুলীবিদ্ধ হয় অভিযুক্ত ড্ৰাগছ মাফিয়াটো ।

Mithali Raj breaks World Cup captaincy record : বিশ্বকাপৰ অধিনায়কত্বৰ অভিলেখ ভংগ ভাৰতৰ মিতালী ৰাজৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সুপৰিচিত এটি নাম মিতালী ৰাজ ৷ 39 বছৰীয়া মিতালীয়ে 24 খন বিশ্বকাপ মেচত দেশক নেতৃত্ব দি 14 খন মেচত জয় লাভ, 8 খনত পৰাজয় আৰু এখনত ড্ৰ’ খেলাৰ অভিলেখ স্থাপন (Mithali Raj breaks World Cup captaincy record) কৰে ৷

নাটো আৰু ৰাছিয়াৰ মাজৰ প্ৰত্যক্ষ সংঘৰ্ষ হ’ব তৃতীয় বিশ্বযুদ্ধ : বাইডেন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে একপ্ৰকাৰ দাবী কৰি কৈছিল যে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো মিত্ৰশক্তিয়ে ইউক্ৰেইনত ৰাছিয়াৰ বিৰুদ্ধে যুঁজ নিদিয়ে ৷ কিয়নো নাটো আৰু ৰাছিয়াৰ মাজত পোনপটীয়া সংঘৰ্ষৰ অৰ্থ হ'ব তৃতীয় বিশ্বযুদ্ধ (Direct conflict between NATO and Russia would be World War III), যাক প্ৰতিৰোধ কৰা উচিত ।

Massive Fire at New Delhi : দিল্লীৰ অগ্নিকাণ্ডত ৭ গৰাকী লোকৰ মৃত্যু

শুকুৰবাৰে নিশা গোকুলপুৰী অঞ্চলৰ কেইবাটাও ঘৰত জুইৰ সূত্ৰপাত হয় । এই অগ্নিকাণ্ডত ৭ গৰাকী লোকৰ মৃত্যু (7 killed in Delhi fire) । ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই । আৰক্ষীৰ তদন্ত অব্যাহত ।

Encounter at Kashmir : কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৪ সন্ত্ৰাসবাদী নিহত

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জম্মু-কাশ্মীৰৰ কেইবাটাও স্থানত আৰক্ষীৰ অভিযানত । অভিযানত ৪ জনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু (Four militants killed in Kashmir) । সন্ত্ৰাসবাদীকেইজন জৈইচ-ই-মহম্মদ (JeM) আৰু লস্কৰ-ই-তৈবা (LeT) সংগঠনৰ বুলি জানিব পৰা গৈছে ।

বিজেপি বিৰোধী 11 টা ৰাজনৈতিক দলৰ গুৱাহাটীত প্ৰতিবাদ

16 মাৰ্চত বিজেপি বিৰোধী 11 টা ৰাজনৈতিক দলে গুৱাহাটীত (Eleven anti BJP political parties protest in Guwahati on March 16) প্ৰতিবাদ সাব্যস্ত কৰিব ৷ শুকুৰবাৰে এক সংবাদমেলযোগে এই কথা সদৰি কৰে 11 টাকৈ ৰাষ্ট্ৰীয়-আঞ্চলিক ৰাজনৈতিক দলে ৷ এই সংবাদমেলতে মুখ্যমন্ত্ৰীক মাটি লুভীয়া মানুহ আখ্যা মনজিৎ মহন্তৰ ৷

নিশা ১০ বজাৰ পাছত লাউড স্পীকাৰৰ ব্যৱহাৰত নিষেধাজ্ঞা

এতিয়াৰে পৰা নিশা ১০ বজাৰ পাছত কোনো লোকে উচ্চস্বৰত গান বজোৱা বা লাউড স্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব (Ban on using loudspeakers in Tripura) । ত্ৰিপুৰা আৰক্ষীয়ে বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় আৰু আদালত আদিক 'চাইলেঞ্চ জ'ন' (Silence Zone) হিচাপে ঘোষণা কৰিছে । নিয়ম উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ।

গৃহৰক্ষী সন্থাৰ আন্দোলনলৈ মুকলি সমৰ্থন দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ

গৃহৰক্ষী জোৱানসকলৰ চাকৰিৰ নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত ৭ মাৰ্চৰ পৰা ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে গৃহৰক্ষী সন্থাই (Homeguards demands for job security and regularization) ৷ গৃহৰক্ষীসকলৰ প্ৰতিবাদে 5 দিন অতিক্ৰম কৰাৰ পাছতো চৰকাৰে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ৷ এনে সময়তে এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে ৷

তিনিদিনে সন্ধানহীন নলবাৰীৰ বিশ্বকা দেৱী

নলবাৰীৰ ৰঙাফালি গাঁৱত এগৰাকী মহিলাৰ নিৰুদ্দেশক লৈ চাঞ্চল্য (Woman missing case in Nalbari) ৷ বিগত তিনিদিন ধৰি সন্ধানহীন হৈ আছে ধৰণী দেৱনাথৰ পত্নী বিশ্বকা দেৱী নামৰ মহিলাগৰাকী ৷ কোনো সন্ধান লাভ কৰা নাই পৰিয়ালে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.