ETV Bharat / state

বাক্সাত সশস্ত্ৰ সীমা বলৰ চাফাই অভিযান

author img

By

Published : Feb 12, 2021, 5:55 PM IST

বাক্সা জিলাৰ লক্ষীবজাৰত এছ এছ বি জোৱানসকলে চাফাই অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰে । স্বচ্ছতাৰ লগতে ক'ভিড-১৯ৰ সকলো স্বাস্থ্য় বিধি পালন কৰিবলৈও ৰাইজক আহ্বান জনাই এছ এছ বি জোৱানসকলে ।

বাক্সাত সশস্ত্ৰ সীমা বলৰ চাফাই অভিযান
বাক্সাত সশস্ত্ৰ সীমা বলৰ চাফাই অভিযান

বাক্সা, ১২ ফেব্ৰুৱাৰী: সশস্ত্ৰ সীমা বল (এছ এছ বি) ৰ উদ্যোগত বাক্সা জিলাত এক আদৰণীয় পদক্ষেপ । জিলাখনৰ লক্ষীবজাৰত এছ এছ বিৰ ২৭তম বেটেলিয়ানৰ জোৱান সকলে এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে । 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ লগত সংগতি ৰাখি জোৱানসকলে অঞ্চলটোৰ আৱৰ্জনাসমূহ চাফা কৰে ।

বাক্সাত সশস্ত্ৰ সীমা বলৰ চাফাই অভিযান

একাংশ স্থানীয় লোকৰ সহযোগত জোৱানসকলে দোকানৰ সন্মুখৰ ঠাইবোৰ পৰিস্কাৰ কৰে । লগতে ৰাইজক স্বচ্ছ ভাৰতৰ আদৰ্শ লৈ নিজৰ নিজৰ অঞ্চলসমূহ পৰিস্কাৰ কৰি ৰাখিবলৈ অনুৰোধ জনাই জোৱানসকলে । ক'ভিড-১৯ৰ সকলো স্বাস্থ্য় বিধি পালন কৰিবলৈও ৰাইজক আহ্বান জনাই এছ এছ বি জোৱানসকলে ।

লগতে পঢ়ক:জনিয়াত বেঁকী নৈৰ বিধ্বংসী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.