ETV Bharat / state

বাক্সাৰ 1,500 পৰিয়ালৰ কাষত ৰাকেশ ব্ৰহ্ম

author img

By

Published : Jun 8, 2021, 5:46 PM IST

rakesh brahma was helped 1,500 families in baksha
বাক্সাৰ 1,500 পৰিয়ালৰ কাষত ৰাকেশ ব্ৰহ্ম

মঙলবাৰে বিটিচিৰ ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই বাক্সা জিলাৰ বৰমাৰ লগতে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন ঠাইত ৰিক্সাচালক-ঠেলাচালক তথা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া প্ৰায় ১৫০০ টা দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী টোপোলাৰ লগতে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ বিতৰণ কৰে ৷

বাক্সা, ৮ জুন : এফালে কৰ'ণাৰ তাণ্ডৱ, আনফালে আংশিক লকডাউন ৷ বিপাঙত পৰিছে খাটিখোৱা লোকসকল ৷ তেনে লোকসকলক কিছু পৰিমাণে হ'লেও সকাহ দিবলৈ আগবাঢ়ি আহিছে বি টি আৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷

বাক্সাৰ 1,500 পৰিয়ালৰ কাষত ৰাকেশ ব্ৰহ্ম

মঙলবাৰে বি টি আৰৰ ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে বাক্সা জিলাৰ বৰমাৰ লগতে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন ঠাইত ৰিক্সাচালক-ঠেলাচালক তথা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া প্ৰায় ১৫০০ টা দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীj টোপোলাৰ লগতে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ বিতৰণ কৰে ৷

ইয়াৰ সমান্তৰালভাৱে মহামাৰী কৰ'ণাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিয়ম সমূহ মানি চলিবলৈ সকলো ৰাইজকে সচেতন হ'লৈ অনুৰোধ কৰে ব্ৰহ্মই । ঘনে-ঘনে হাত ধোৱাৰ লগতে মাস্ক পৰিধান কৰি থাকিবলৈ পৰামৰ্শ দি পৰিয়াল সমূহৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে । কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ এনে মহানুভৱতাৰ শলাগ লৈছে সকলোৱে ৷

লগতে পঢ়ক: নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাইছে মন্ত্ৰী সঞ্জয় কিষাণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.