ETV Bharat / state

শালবাৰীত কিশোৰীৰ মৃতদেহ উদ্ধাৰ : সন্দেহযুক্ত এজনক আটক

author img

By

Published : Jul 22, 2021, 10:51 PM IST

বাক্সা (Baksa District)ৰ শালবাৰীৰ আঁওহাটাত 19 জুলাইত এগৰাকী কিশোৰীৰ মৃতদেহ (Dead Body) উদ্ধাৰক লৈ তদ্ত অব্য়াহত আৰক্ষীৰ ৷ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত মৃত চুমি নাথৰ নিজ পেহাকক আটক কৰে আৰক্ষীয়ে ৷ ইফালে চুমিৰ মৃত্য়ুৰ ন্য়ায় বিচাৰি ৰাজপথত প্ৰতিবাদ সাব্য়স্ত সহস্ৰাধিক লোকৰ ৷

teenage girl dead body recovered in baksa
শালবাৰীত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

বাক্সা, 22 জুলাই : বাক্সা জিলা (Baksa District)ৰ শালবাৰীৰ আঁওহাটাত চুমি নাথ নামৰ এগৰাকী কিশোৰীৰ মৃতদেহ (Dead Body) উদ্ধাৰৰ পাচতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত বৃহস্পতিবাৰে আৰক্ষীয়ে একে গাঁৱৰে ফুলো নাথ অৰ্থাৎ কিশোৰীগৰাকীৰ পেহাকক আটক কৰিছে ৷ ইফালে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাই হত্য়া কৰা বুলি সন্দেহ প্ৰকাশ কৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে সহস্ৰাধিক পুৰুষ-মহিলাই ৷ হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ প্ৰতিবাদত নামি পৰিছে স্থানীয় ৰাইজ ৷

19 জুলাইত আঁওহাটাৰ এটি বোৱতী নৈৰ সুঁতিত উদ্ধাৰ হৈছিল 15 বছৰীয়া চুমিৰৰ মৃতদেহ ৷ কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৰাইজৰ মাজত ৷ জানিব পৰা মতে, 18 তাৰিখৰ সন্ধিয়াৰ ভাগৰ পৰা সন্ধানহীন হৈ আছিল চুমি ৷ স্থানীয় লোকে সদৰী কৰে যে, সন্ধানহীন হোৱাৰ পূৰ্বৰে পৰাই চুমিৰ ঘৰত নাছিল কোনো লোক । সেই সময়ত পিতৃহাৰা চুমিৰ মাতৃ আৰু ভনীয়েক মোমায়েকৰ ঘৰত আছিল ৷

শালবাৰীত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

আবেলি ভাগত মোমায়েকৰ ঘৰৰ পৰা উভতি আহি মাক আৰু ভনীয়েকে কিশোৰীগৰাকীক ঘৰত দেখা পোৱা নাছিল ৷ সন্ধিয়া পৰলৈ চুমি ঘৰলৈ উভতি নহাত সন্দেহ হৈছিল মাক-ভনীয়েকৰ ৷ চুমিক বিচাৰি গৈছিল যদিও কোনো সন্ধান লাভ কৰা নাছিল মাতৃ-ভগ্নীয়ে ৷

সমগ্ৰ ঘটনা এক ধৰ্ষণ আৰু হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰি ক’ভিড প্ৰট’কল (Covid Protocol)কো নেওচি চুমিৰ মৃত্য়ুৰ ন্য়ায় বিচাৰি প্ৰতিবাদ কৰে স্থানীয় ৰাইজে ৷ ৰাইজে ‘হত্যাকাৰীক ফাঁচি দিয়ক’, ‘চুমী নাথক ন্যায় দিয়ক’ আদি দাবীৰে ৰাজপথ উত্তাল কৰি তোলে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : শালবাৰীত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.